--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বত কৰ’না ভাইৰাছৰ আতংক মাৰ নাযাওঁতেই এইবাৰ অ’মিক্ৰন ভাইৰাছৰ আতংকই বিশ্ববাসীক এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে৷ নতুন প্ৰজাতিৰ এই ভাইৰাছ ‘delta’তকৈয়ো অধিক ভয়ংকৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে৷ দক্ষিণ আফ্ৰিকাত এই ভাইৰাছৰ অৱস্থিতি পোৱাৰ মাত্ৰ ৪ দিনৰ ভিতৰত বিশ্বৰ ১২খন দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে৷ শেহতীয়াকৈ নেদাৰলেণ্ড, ইংলেণ্ড, জাৰ্মানী, ইটালী, হংকং, ইজৰাইল, বেলজিয়াম, চেক গণৰাজ্যত ধৰা পৰিছে অ’মিক্ৰনত আক্ৰান্ত লোক। উল্লেখ্য যে, এই মহামাৰীৰ পৰা ৰক্ষা পাবৰ বাবে বিশ্বৰ বিভিন্ন দেশে আগতীয়া সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷


উল্লেখ্য যে, এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ বিশ্বৰ বিভিন্ন দেশে আগতীয়া সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইতিমধ্যে কেইবাখনো দেশে আন্তৰাষ্ট্ৰীয় বিমান চলাচলতো নিষেধাজ্ঞ জাৰি কৰিছে৷ সমগ্ৰ পৃথিৱীয়ে এই ভাইৰাছক লৈ হৈ পৰিছে উগ্বিগ্ন। মাৰাত্মক ভাইৰাছবিধৰ এই নতুন ষ্ট্ৰেইন কিমান বিপদজনক হ'ব পাৰে তাৰ ওপৰত এতিয়াও গৱেষণা চলি আছে। অৱশ্যে, ইয়াৰ মাজতে বিশ্বৰ ২৯ খনতকৈও অধিক দেশে এই ভাইৰাছক লৈ অধিক চিন্তিত হৈ পৰিছে, জাৰি কৰিছে একাধিক ক’ভিড গাইডলাইন।

সঘনাই হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ, সামাজিক দূৰত্বৰ মানি চলা লগতে এইবাৰ চুম্বনৰ ওপৰতো নিষেধাজ্ঞা কৰিছে। অ’মিক্ৰনৰ বাবে প্ৰেমিকসকলে চুম্বন কৰাটোও এক অভিশাপত পৰিণত হৈছে, ইয়াকৈ লৈ এইবাৰ কেইবাখনো দেশত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। সমাগত খ্ৰীষ্টমাছ। পেৰিছৰ পৰা লণ্ডনৰ ৰাজপথলৈকে, সকলোতে খ্ৰীষ্টমাছৰ ৰঙেৰে ৰঙীণ হৈ পৰিব। অৱশ্যে, প্ৰেমিক-প্ৰেমিকাই এইবাৰ নিয়ন লাইটৰ পোহৰত কোনো চুম্বন কৰি ফটো আপলড কৰিব নোৱাৰিব। শেহতীয়াকৈ এজন ব্ৰিটিছ মন্ত্ৰীয়ে এই নিষেধাজ্ঞ জাৰি কৰিছে। তেওঁ ক’য় যে, 'এই পৰম্পৰাগত প্ৰথাটো বিলুপ্ত কৰিব লাগিব।

ওমাইক্ৰন সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰেমিক যুগলসকলে প্ৰেমৰ এই অভিব্যক্তিৰ পৰা আঁতৰি থাকিব লাগিব।’ক’ভিড বিশেষজ্ঞসকলৰ মতে, 'মুখ্যতঃ মুখৰ লেলাউতিৰ জৰিয়তে অ’মিক্ৰন সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে। তেনে ক্ষেত্ৰত, চুম্বনৰ দ্বাৰা দ্ৰুততাৰে অ’মিক্ৰন বিয়পি পৰাৰ সম্ভাৱনা আছে। বিশেষকৈ বিশ্ব স্বাস্থ্য সংস্থাই অ’মিক্ৰনত আটাইতকৈ দুৰ্বল দেশ হিচাপে চিনাক্ত কৰা নাগৰিকসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞ জাৰি কৰিছে। গৱেষকসকলৰ মতে, যদি কৰ’না সম্পৰ্কীয় পৰিচ্ছন্নতা অনুসৰণ কৰা নহয়, তেনেহলে অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক । এই ক্ষেত্ৰত হাত ধোৱা, কৰ’না সম্পৰ্কীয় পৰিচ্ছন্নতা নাপাহৰিবলৈ অনুৰোধ জনাইছে সংশ্লিষ্ট মহলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ