--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বত কৰ’না ভাইৰাছৰ আতংক মাৰ নাযাওঁতেই এইবাৰ অ’মিক্ৰন ভাইৰাছৰ আতংকই বিশ্ববাসীক এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে৷ নতুন প্ৰজাতিৰ এই ভাইৰাছ ‘delta’তকৈয়ো অধিক ভয়ংকৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে৷ দক্ষিণ আফ্ৰিকাত এই ভাইৰাছৰ অৱস্থিতি পোৱাৰ মাত্ৰ ৪ দিনৰ ভিতৰত বিশ্বৰ ১২খন দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে৷ শেহতীয়াকৈ নেদাৰলেণ্ড, ইংলেণ্ড, জাৰ্মানী, ইটালী, হংকং, ইজৰাইল, বেলজিয়াম, চেক গণৰাজ্যত ধৰা পৰিছে অ’মিক্ৰনত আক্ৰান্ত লোক। উল্লেখ্য যে, এই মহামাৰীৰ পৰা ৰক্ষা পাবৰ বাবে বিশ্বৰ বিভিন্ন দেশে আগতীয়া সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷


উল্লেখ্য যে, এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ বিশ্বৰ বিভিন্ন দেশে আগতীয়া সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইতিমধ্যে কেইবাখনো দেশে আন্তৰাষ্ট্ৰীয় বিমান চলাচলতো নিষেধাজ্ঞ জাৰি কৰিছে৷ সমগ্ৰ পৃথিৱীয়ে এই ভাইৰাছক লৈ হৈ পৰিছে উগ্বিগ্ন। মাৰাত্মক ভাইৰাছবিধৰ এই নতুন ষ্ট্ৰেইন কিমান বিপদজনক হ'ব পাৰে তাৰ ওপৰত এতিয়াও গৱেষণা চলি আছে। অৱশ্যে, ইয়াৰ মাজতে বিশ্বৰ ২৯ খনতকৈও অধিক দেশে এই ভাইৰাছক লৈ অধিক চিন্তিত হৈ পৰিছে, জাৰি কৰিছে একাধিক ক’ভিড গাইডলাইন।

সঘনাই হাত ধোৱা, চেনিটাইজাৰ ব্যৱহাৰ, সামাজিক দূৰত্বৰ মানি চলা লগতে এইবাৰ চুম্বনৰ ওপৰতো নিষেধাজ্ঞা কৰিছে। অ’মিক্ৰনৰ বাবে প্ৰেমিকসকলে চুম্বন কৰাটোও এক অভিশাপত পৰিণত হৈছে, ইয়াকৈ লৈ এইবাৰ কেইবাখনো দেশত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। সমাগত খ্ৰীষ্টমাছ। পেৰিছৰ পৰা লণ্ডনৰ ৰাজপথলৈকে, সকলোতে খ্ৰীষ্টমাছৰ ৰঙেৰে ৰঙীণ হৈ পৰিব। অৱশ্যে, প্ৰেমিক-প্ৰেমিকাই এইবাৰ নিয়ন লাইটৰ পোহৰত কোনো চুম্বন কৰি ফটো আপলড কৰিব নোৱাৰিব। শেহতীয়াকৈ এজন ব্ৰিটিছ মন্ত্ৰীয়ে এই নিষেধাজ্ঞ জাৰি কৰিছে। তেওঁ ক’য় যে, 'এই পৰম্পৰাগত প্ৰথাটো বিলুপ্ত কৰিব লাগিব।

ওমাইক্ৰন সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰেমিক যুগলসকলে প্ৰেমৰ এই অভিব্যক্তিৰ পৰা আঁতৰি থাকিব লাগিব।’ক’ভিড বিশেষজ্ঞসকলৰ মতে, 'মুখ্যতঃ মুখৰ লেলাউতিৰ জৰিয়তে অ’মিক্ৰন সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে। তেনে ক্ষেত্ৰত, চুম্বনৰ দ্বাৰা দ্ৰুততাৰে অ’মিক্ৰন বিয়পি পৰাৰ সম্ভাৱনা আছে। বিশেষকৈ বিশ্ব স্বাস্থ্য সংস্থাই অ’মিক্ৰনত আটাইতকৈ দুৰ্বল দেশ হিচাপে চিনাক্ত কৰা নাগৰিকসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞ জাৰি কৰিছে। গৱেষকসকলৰ মতে, যদি কৰ’না সম্পৰ্কীয় পৰিচ্ছন্নতা অনুসৰণ কৰা নহয়, তেনেহলে অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক । এই ক্ষেত্ৰত হাত ধোৱা, কৰ’না সম্পৰ্কীয় পৰিচ্ছন্নতা নাপাহৰিবলৈ অনুৰোধ জনাইছে সংশ্লিষ্ট মহলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?