--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত ইউক্ৰেইন যে বিধ্বস্ত হৈছে সেইয়া নিশ্চিত। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও ইউক্ৰেইনৰ ওপৰত পাৰমাণৱিক আক্ৰমণৰ ভৱিষ্যতবাণী দিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে বাৰে বাৰে আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ পাছতো, ৰাছিয়াই যুদ্ধৰ ৩৩ দিন অতিক্ৰম কৰাৰ পাছতো যুদ্ধ অব্যাহত ৰাখিছে। বৰ্তমান সময়ত পুটিনক বাধা দিয়াটো এক প্ৰকাৰৰ কঠিন হৈ পৰিছে। তেওঁ আনকি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ দেশসমূহে যুদ্ধ বন্ধ কৰিবলৈ জনোৱা আহ্বানকো এক প্ৰকাৰৰ নসাৎ কৰিছে। আনকি পৃথিৱীৰ বিভিন্ন শীৰ্ষ নেতাই তেওঁৰ সৈতে ফোন কৰি যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনোৱা পাছতো তেওঁ যুদ্ধ বন্ধ কৰা নাই। তাৰ পৰিৱৰ্তে তেওঁ কয়, "মই পৃথিৱীক আগতে নেদেখা ভয়ংকৰ পৰিস্থিতি দেখুৱাম।" " শেহতীয়াকৈ বাবা ভাঙ্গাই এক ডাঙৰ ভৱিষ্যতবাণী কৰিছে যে, ভ্লাদিমিৰে সমগ্ৰ পৃথিৱীত আধিপত্য বিস্তাৰ কৰিব পাৰে। তেওঁ ইয়াকো দাবী কৰিছে যে পুটিন এসময়ত বিশ্বৰ "প্ৰভু" হ'ব। ১৯৭৯ চনত এজন বিখ্যাত জ্যেতিষী ব্লাইণ্ড মিষ্টিকে কৈছিল যে, "গোটেই পৃথিৱীখন বৰফৰ দৰে গলি যাব।" কিন্তু কোনেও ভ্লাদিমিৰক স্পৰ্শ কৰিব নোৱাৰে। পুটিন নেতৃত্বাধীন ৰাছিয়াক কোনেও বাধা দিব নোৱাৰে। "পুটিনৰ পথত যিয়েই হেঙাৰ হৈ থিয় দিব তেওঁ শেষ হোৱাটো নিশ্চিত। তেওঁৱেই এদিন বিশ্বৰ প্ৰভু হ'ব। " ১৯৯৬ চনত তেওঁৰ মৃত্যুৰ আগতে তেওঁ পুনৰ এবাৰ ৰাছিয়াৰ ভৱিষ্যতবাণী কৰিছিল। তেওঁ দাবী কৰিছিল যে তৃতীয় বিশ্বযুদ্ধত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰা হ'ব। সাম্প্ৰতিক সময়ত, বহুলোকে এই 'ভৱিষ্যতবাণী'ক লৈ চিন্তিত হৈ পৰিছে। কিয়নো, অতীতত একাধিকবাৰ, বাবা ভাঙ্গাৰ ভৱিষ্যতবাণী ফলিয়াইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক