--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অন্ধ্ৰপ্ৰদেশৰ চাৰিখন জিলাত যোৱা এসপ্তাহ ধৰি হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত ৪৪ গৰাকী লোক নিহত হোৱাৰ লগতে ১৬গৰাকী লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে৷ অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত ৰাজ্যখনৰ চাৰিখন জিলা কাডাপা, চিত্তুৰ, অনন্তপুৰ আৰু নেলোড়ৰ মুঠ ১৯৯০খন গাঁও বৃষ্টিপাতৰ কবলত পৰিছে বুলি সদৰি কৰিছে৷ চলিত মাহৰ প্ৰথম সপ্তাহতে আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জিলাকেইখনৰ বাট-পথৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে যান-বাহনৰো ক্ষতিসাধন কৰিছে৷ ১৬-১৭ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এইধৰণৰ প্ৰবল বৃষ্টিপাত ৰাজ্যখনত পূৰ্বতে কেতিয়াও হোৱা নাই বুলি ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে

প্ৰবল বৃষ্টিপাতে সৃষ্টি কৰা বানৰ ফলত নাডালুৰু দলঙৰ পৰা পথ পৰিবহন নিগমৰ এখন বাছ উটি যোৱাত ১০ গৰাকী লোকৰ মৃত্যু হৈছিল। বাছখনত থকা আন লোকসকলক SDRF বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আন ১০গৰাকী লোকৰ মৃতদেহ চিভালায়মৰ নদীৰ পাৰত উদ্ধাৰ কৰা হয়৷ বৃষ্টিপাতজনিত এই বিপৰ্যয়ত ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত ঘৰৰ পুনঃনিৰ্মাণৰ বাবে প্ৰতিটো পৰিয়ালক ১ লাখ ৮০ হাজাৰ টকাকৈ অৰ্থসাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ লগতে, বানত যিসমূহ পৰিয়ালৰ পশু ধনৰ মৃত্যু হৈছে, তেওঁলোককো ৰাজ্য চৰকাৰে ৯৫,০০০ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে৷

ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে বানৰ কবলত পৰা চাৰিখন জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলক ২৫ কিলোগ্ৰামকৈ চাউল, ১ লিটাৰকৈ তেল, ১ কিলোগ্ৰামকৈ পিয়াঁজ আৰু ১ কিলোগ্ৰামকৈ আলু দিয়া হ’ব বুলি বিজ্ঞপ্তিত প্ৰকাশ৷ ৰাজ্য চৰকাৰে এইক্ষেত্ৰত যোগান বিভাগৰ আয়ুক্ত আৰু অৱসৰপ্ৰাপ্ত বিষয়াক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণত তদাৰক কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন