--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অন্ধ্ৰপ্ৰদেশৰ চাৰিখন জিলাত যোৱা এসপ্তাহ ধৰি হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত ৪৪ গৰাকী লোক নিহত হোৱাৰ লগতে ১৬গৰাকী লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে৷ অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত ৰাজ্যখনৰ চাৰিখন জিলা কাডাপা, চিত্তুৰ, অনন্তপুৰ আৰু নেলোড়ৰ মুঠ ১৯৯০খন গাঁও বৃষ্টিপাতৰ কবলত পৰিছে বুলি সদৰি কৰিছে৷ চলিত মাহৰ প্ৰথম সপ্তাহতে আৰম্ভ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জিলাকেইখনৰ বাট-পথৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে যান-বাহনৰো ক্ষতিসাধন কৰিছে৷ ১৬-১৭ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এইধৰণৰ প্ৰবল বৃষ্টিপাত ৰাজ্যখনত পূৰ্বতে কেতিয়াও হোৱা নাই বুলি ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে

প্ৰবল বৃষ্টিপাতে সৃষ্টি কৰা বানৰ ফলত নাডালুৰু দলঙৰ পৰা পথ পৰিবহন নিগমৰ এখন বাছ উটি যোৱাত ১০ গৰাকী লোকৰ মৃত্যু হৈছিল। বাছখনত থকা আন লোকসকলক SDRF বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আন ১০গৰাকী লোকৰ মৃতদেহ চিভালায়মৰ নদীৰ পাৰত উদ্ধাৰ কৰা হয়৷ বৃষ্টিপাতজনিত এই বিপৰ্যয়ত ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত ঘৰৰ পুনঃনিৰ্মাণৰ বাবে প্ৰতিটো পৰিয়ালক ১ লাখ ৮০ হাজাৰ টকাকৈ অৰ্থসাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ লগতে, বানত যিসমূহ পৰিয়ালৰ পশু ধনৰ মৃত্যু হৈছে, তেওঁলোককো ৰাজ্য চৰকাৰে ৯৫,০০০ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে৷

ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে বানৰ কবলত পৰা চাৰিখন জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলক ২৫ কিলোগ্ৰামকৈ চাউল, ১ লিটাৰকৈ তেল, ১ কিলোগ্ৰামকৈ পিয়াঁজ আৰু ১ কিলোগ্ৰামকৈ আলু দিয়া হ’ব বুলি বিজ্ঞপ্তিত প্ৰকাশ৷ ৰাজ্য চৰকাৰে এইক্ষেত্ৰত যোগান বিভাগৰ আয়ুক্ত আৰু অৱসৰপ্ৰাপ্ত বিষয়াক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণত তদাৰক কৰিবলৈ দায়িত্ব অৰ্পণ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?