--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • তেওঁৰ মাতৃয়ে কয় যে ৰাজেশৰ অতি হিংস্ৰ স্বভাৱ আছে আৰু তেওঁ ঘৰত প্ৰায়ে পৰিয়ালৰ লোকক মাৰপিট কৰে, য’ত তেওঁ নিজেই ৰাজেশভাইৰ হিংসাৰ বলি হৈছে।

ডিজিটেল ডেস্কঃ  ৰাজহুৱা শুনানিৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰা ৰাজেশভাই খিমজিভাই সকাৰিয়াৰ অপৰাধমূলক ইতিহাস পোহৰলৈ আহিছে। ইয়াৰ পূৰ্বেও তেওঁ বহু অপৰাধমূলক গোচৰৰ সৈতে জড়িত হৈ আছে।


দিল্লীৰ মুখ্যমন্ত্ৰীক আক্ৰমণ


২০ আগষ্টত দিল্লীত ৰাজহুৱা শুনানিৰ সময়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল, য’ত ৪১ বছৰীয়া ৰাজেশভাই খিমজিভাই সকাৰিয়াই দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ৰাজেশভাই খিমজিভাই সকাৰিয়া গুজৰাটৰ ৰাজকোটৰ বাসিন্দা আৰু তেওঁ পেছাত এগৰাকী ৰিক্সা চালক। ঘটনাটো সংঘটিত হোৱাৰ লগে লগে দিল্লী আৰক্ষীয়ে ৰাজেশভাইক জিম্মাত লৈ যায়।


এয়া ৰাজেশৰ প্ৰথম অপৰাধ নহয়। তেওঁৰ অপৰাধমূলক ইতিহাস বহু বছৰ পুৰণি, য’ত হিংসা আৰু অবৈধ কাৰ্যকলাপৰ বহু গোচৰ সন্নিবিষ্ট কৰা হৈছে। দিল্লী আৰক্ষীয়ে এতিয়া বিষয়টোৰ ওপৰত গভীৰ তদন্ত কৰি আছে, যাতে এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্য আৰু ষড়যন্ত্ৰৰ বিষয়ে জানিব পৰা যায়।


ৰাজেশভাই খিমজিভাই সকাৰিয়া কোন?


গুজৰাটৰ ৰাজকোটৰ ৰিক্সা চালক ৰাজেশভাই খিমজিভাই সকাৰিয়া। তেওঁৰ মাতৃয়ে কয় যে ৰাজেশৰ অতি হিংস্ৰ স্বভাৱ আছে আৰু তেওঁ ঘৰত প্ৰায়ে পৰিয়ালৰ লোকক মাৰপিট কৰে, য’ত তেওঁ নিজেই ৰাজেশভাইৰ হিংসাৰ বলি হৈছে। ৰাজেশৰ মানসিক সমস্যা আছে, কিন্তু তেওঁ কেতিয়াও ঔষধ সেৱন নকৰে বুলিও প্ৰকাশ কৰে।


আশ্চৰ্যজনকভাৱে ৰাজেশে নিজকে পশুপ্ৰেমী বুলি কয় আৰু শেহতীয়াকৈ দিল্লীৰ কুকুৰৰ সৈতে জড়িত এটা খবৰত তেওঁ অতিশয় বিচলিত হৈছিল। মাতৃৰ মতে তেওঁৰ মানসিক অৱস্থা আৰু হিংস্ৰ স্বভাৱৰ বাবেই তেওঁ এনেবোৰ পদক্ষেপ লয়।


ৰাজেশভাইৰ অপৰাধজনিত ইতিহাস


প্ৰথম অপৰাধমূলক গোচৰ (২০১৭)


ৰাজেশৰ অপৰাধজনিত কৰ্ম ২০১৭ চনৰ পৰা আৰম্ভ হয়।ৰাজকোটৰ ভক্তিনগৰ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ০২১৫/২০১৭ নম্বৰ এফআইআৰ পঞ্জীয়ন কৰা হৈছিল, য’ত ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩২৬ (গুৰুতৰ আঘাত কৰা), ৫০৪ (অপমানজনক মন্তব্য), আৰু ১১৪ (সহ অপৰাধীৰ উপস্থিতি) ধাৰাত অভিযোগ উত্থাপন কৰা হৈছিল।


এই গোচৰত (কেছ নম্বৰ ১৯৮/২০১৮) ২০১৯ চনৰ ২৫ নৱেম্বৰত ৰাজকোটৰ ৮ নং অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে তেওঁক দোষমুক্ত কৰে।এই সিদ্ধান্তই ৰাজেশক আইনী শাস্তিৰ পৰা ৰক্ষা কৰিলে, কিন্তু তেওঁৰ অপৰাধমূলক আচৰণ ইয়াতেই স্তব্ধ নহ’ল।


দ্বিতীয় আৰু তৃতীয় অপৰাধমূলক গোচৰ (২০২০)


২০২০ চনত ৰাজেশৰ বিৰুদ্ধে দুটা পৃথক গোচৰ ৰুজু হৈছিল, দুয়োটা গোচৰ ভক্তিনগৰ থানাত। প্ৰথমটো গোচৰ ১২২৭/২০২০ নম্বৰৰ এফআইআৰত নিষেধাজ্ঞা আইনৰ ৬৫এএ আৰু ১১৬বি ধাৰাত অবৈধ সুৰাৰ সৈতে জড়িত কাৰ্যকলাপৰ অভিযোগ উত্থাপন হৈছিল। এই গোচৰত (নম্বৰ ২১৯৬৫/২০২০) ২০২৩ চনৰ ৩ নৱেম্বৰত ৰাজকোটৰ তৃতীয় অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে ৰাজেশক দোষমুক্ত কৰে।


দ্বিতীয়টো গোচৰ এফআইআৰ নং ১৫৯১/২০২০ও আইনখনৰ একে ধাৰাত আছিল আৰু ২০২৩ চনৰ ২৫ অক্টোবৰত পুনৰ তেওঁক দোষমুক্ত কৰা হৈছিল (কেছ নং ৮০৬৭/২০২১)। দুয়োটা গোচৰতে একেৰাহে দোষমুক্ত হোৱাটোৱে ৰাজেশক আৰু অধিক সাহসী কৰি তুলিছিল।


চতুৰ্থ অপৰাধমূলক গোচৰ (২০২২)


২০২২ চনত ৰাজেশৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু হৈছিল। ভক্তিনগৰ থানাত নিষেধাজ্ঞা আইনৰ ৬৫ ই আৰু ১১৬বি ধাৰাত পুনৰ ০৮৭১/২০২২ নম্বৰৰ এফআইআৰ ৰুজু কৰা হয়, পুনৰ অবৈধ সুৰাৰ অভিযোগ।


এই গোচৰটো (কেছ নং ৯৫৫১/২০২৩) এতিয়াও ৰাজকোটৰ দ্বিতীয় অতিৰিক্ত দেৱানী ন্যায়াধীশ আৰু জে এম এফ চি আদালতত বিচাৰাধীন হৈ আছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ২০২৫ চনৰ ২৯ ছেপ্টেম্বৰত হ’ব।এই বিচাৰধীন গোচৰটোৱে দেখুৱাইছে যে ৰাজেশৰ অপৰাধমূলক কাৰ্যকলাপ অব্যাহত আছিল, আৰু তেওঁ বাৰে বাৰে আইনৰ কবলৰ পৰা হাত সাৰিছিল।


পঞ্চম অপৰাধমূলক গোচৰ (২০২৪)


শেহতীয়াকৈ ২০২৪ চনত ৰাজেশৰ বিৰুদ্ধে ভক্তিনগৰ থানাত এফআইআৰ নং ০০৭২/২০২৪ ৰুজু হৈছিল। এইবাৰ গুজৰাট আৰক্ষী আইনৰ আই পি চিৰ ৩২৪ (আঘাত কৰা), ৩২৩ (সামান্য আঘাত কৰা), ৫০৪ (অপমানজনক মন্তব্য), ১১৪ (সহ অপৰাধী উপস্থিত), আৰু ১৩৫(১) ধাৰাত অভিযোগ উত্থাপন কৰা হৈছিল।


এই গোচৰত (কাছ নম্বৰ ১২৫৮৬/২০২৪) ২০২৪ চনৰ ৭ ডিচেম্বৰত ষষ্ঠ অতিৰিক্ত ন্যায়িক দণ্ডাধীশ প্ৰথম শ্ৰেণীৰ আদালতে তেওঁক দোষমুক্ত কৰিছিল।কিন্তু বাৰে বাৰে দোষমুক্ত হোৱাৰ ফলত ৰাজেশৰ হিংসাত্মক আৰু অপৰাধমূলক আচৰণ বাঢ়ি গৈছিল।


দিল্লী আৰক্ষীয়ে অভিযুক্তৰ CDR তদন্ত কৰি আছে


এতিয়া দিল্লী আৰক্ষীয়ে ৰাজেশৰ কল ডাটা ৰেকৰ্ড (CDR)ৰ তদন্ত কৰি আছে। ৰেখা গুপ্তাক আক্ৰমণ কৰাৰ পূৰ্বে তেওঁ কাৰ লগত কথা পাতিছিল আৰু কথা-বতৰাৰ বিষয়বস্তু কি আছিল, সেই বিষয়ে তদন্ত কৰি আছে আৰক্ষীয়ে।


অভিযুক্তৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ তদন্ত


ইয়াৰ উপৰিও তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টতো এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্য আৰু কোনো ধৰণৰ ষড়যন্ত্ৰৰ সম্ভাৱনা জানিবলৈ পুংখানুপুংখ তদন্ত চলি আছে। ৰাজেশৰ হিংসাত্মক ইতিহাস, মানসিক স্বাস্থ্য, পশুপ্ৰেমী বুলি কৰা দাবীয়ে গোচৰটো অধিক জটিল কৰি তুলিছে। দিল্লী আৰক্ষীৰ জেৰাত বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে, যিয়ে এই হাই-প্ৰফাইল গোচৰটো সমাধান কৰাত সহায় কৰিব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ