--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সমৱেত উৎসাহী জনসাধাৰণৰ মাজেদি তেলেংগানাৰ মুখ্যমন্ত্রী ৰেৱন্ত ৰেড্ডী, আৰ জে ডিৰ নেতা তেজস্বী যাদৱ আদিৰ সৈতে যাওঁতে প্রিয়ংকাক এখন এছ ইউ ভিৰ ওপৰত বহি যোৱা দেখা যায়

ডিজিটেল ডেস্ক : বিহাৰত 'ভোটাৰ অধিকাৰ যাত্রা'ৰ দশম দিনত মঙলবাৰে কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়েও বিহাৰৰ সুপৌলত ভাতৃ ৰাহুল গান্ধী আৰু ইণ্ডিয়া মৰ্চাৰ আন নেতাসকলৰ সৈতে যাত্রাত অংশগ্রহণ কৰে।


সমৱেত উৎসাহী জনসাধাৰণৰ মাজেদি তেলেংগানাৰ মুখ্যমন্ত্রী ৰেৱন্ত ৰেড্ডী, আৰ জে ডিৰ নেতা তেজস্বী যাদৱ আদিৰ সৈতে যাওঁতে প্রিয়ংকাক এখন এছ ইউ ভিৰ ওপৰত বহি যোৱা দেখা যায়। সুপৌলৰ পৰা মধুবনীত উপস্থিত হোৱাৰ পাছত এখন সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়, 'অমিত শ্বাহে কয় যে বিজেপি চৰকাৰ ৪০-৫০ বছৰলৈকে থাকিব। প্রথমতে এই বক্তব্য আজব লাগিছিল, অমিত শ্বাহে কেনেকৈ জানিলে যে ৪০-৫০ বছৰ চৰকাৰ থাকিব। এতিয়া সত্য প্রকাশ পালে।


অমিত শ্বাহে তেনেদৰে এইবাবেই ক'ব পাৰিছিল,কাৰণ এইসকল লোকে 'ভোট চুৰি' কৰে।' ইফালে প্রিয়ংকা গান্ধীয়ে সামাজিক মাধ্যমৰ প'ষ্টত কয়, 'জনতাৰ বিশ্বাস হেৰুওৱা ভাজপাই দেশজুৰি ভোট চুৰিৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।'


উল্লেখযোগ্য যে ১৭ আগষ্টত বিহাৰৰ সাসাৰামত আৰম্ভ হোৱা এই যাত্রাই ১,৩০০ কিল'মিটাৰ অতিক্ৰম কৰাৰ পাছত ১ ছেপ্টেম্বৰত পাটনাত এখন সমাৱেশত ইয়াৰ অন্ত পৰিব। ইতিমধ্যে এই যাত্ৰাই বিহাৰৰ গয়া, নৱাদা, শ্বেখপুৰা, লখীসৰাই, মুংগেৰ, কাটিহাৰ আৰু পূর্ণিয়া জিলা অতিক্রম কৰি মধুবনী পালেগৈ। আগন্তুক দিনত এই যাত্ৰাই দৰভাংগা, সীতামাৰী, পশ্চিম চম্পাৰণ, সাৰণ, ভোজপুৰ আৰু পাটনা জিলা সামৰি ল'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক