--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সমৱেত উৎসাহী জনসাধাৰণৰ মাজেদি তেলেংগানাৰ মুখ্যমন্ত্রী ৰেৱন্ত ৰেড্ডী, আৰ জে ডিৰ নেতা তেজস্বী যাদৱ আদিৰ সৈতে যাওঁতে প্রিয়ংকাক এখন এছ ইউ ভিৰ ওপৰত বহি যোৱা দেখা যায়

ডিজিটেল ডেস্ক : বিহাৰত 'ভোটাৰ অধিকাৰ যাত্রা'ৰ দশম দিনত মঙলবাৰে কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়েও বিহাৰৰ সুপৌলত ভাতৃ ৰাহুল গান্ধী আৰু ইণ্ডিয়া মৰ্চাৰ আন নেতাসকলৰ সৈতে যাত্রাত অংশগ্রহণ কৰে।


সমৱেত উৎসাহী জনসাধাৰণৰ মাজেদি তেলেংগানাৰ মুখ্যমন্ত্রী ৰেৱন্ত ৰেড্ডী, আৰ জে ডিৰ নেতা তেজস্বী যাদৱ আদিৰ সৈতে যাওঁতে প্রিয়ংকাক এখন এছ ইউ ভিৰ ওপৰত বহি যোৱা দেখা যায়। সুপৌলৰ পৰা মধুবনীত উপস্থিত হোৱাৰ পাছত এখন সভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয়, 'অমিত শ্বাহে কয় যে বিজেপি চৰকাৰ ৪০-৫০ বছৰলৈকে থাকিব। প্রথমতে এই বক্তব্য আজব লাগিছিল, অমিত শ্বাহে কেনেকৈ জানিলে যে ৪০-৫০ বছৰ চৰকাৰ থাকিব। এতিয়া সত্য প্রকাশ পালে।


অমিত শ্বাহে তেনেদৰে এইবাবেই ক'ব পাৰিছিল,কাৰণ এইসকল লোকে 'ভোট চুৰি' কৰে।' ইফালে প্রিয়ংকা গান্ধীয়ে সামাজিক মাধ্যমৰ প'ষ্টত কয়, 'জনতাৰ বিশ্বাস হেৰুওৱা ভাজপাই দেশজুৰি ভোট চুৰিৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।'


উল্লেখযোগ্য যে ১৭ আগষ্টত বিহাৰৰ সাসাৰামত আৰম্ভ হোৱা এই যাত্রাই ১,৩০০ কিল'মিটাৰ অতিক্ৰম কৰাৰ পাছত ১ ছেপ্টেম্বৰত পাটনাত এখন সমাৱেশত ইয়াৰ অন্ত পৰিব। ইতিমধ্যে এই যাত্ৰাই বিহাৰৰ গয়া, নৱাদা, শ্বেখপুৰা, লখীসৰাই, মুংগেৰ, কাটিহাৰ আৰু পূর্ণিয়া জিলা অতিক্রম কৰি মধুবনী পালেগৈ। আগন্তুক দিনত এই যাত্ৰাই দৰভাংগা, সীতামাৰী, পশ্চিম চম্পাৰণ, সাৰণ, ভোজপুৰ আৰু পাটনা জিলা সামৰি ল'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!