--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মকাল আৰু নেমুপানী ওতঃপ্ৰোতভাৱে সম্পৰ্ক। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে পুৱা এগিলাচ নেমুৰ পানী খালে পেটৰ চৰ্বি কমোৱাত সহায় কৰে। বহুতে এই পানীয়ত মৌ সংযোগ কৰিও ভাল ফলাফল লাভ কৰে, কিন্তু নেমুৰ পানীয়ে সঁচাকৈয়ে ওজন হ্ৰাস কৰেনে? সত্যটো জানো আহক।

নেমুৰ পানী খোৱাৰ উপকাৰিতা-

নেমুত চাইট্ৰিক এচিড, পটাছিয়াম, ভিটামিন-চি, ভিটামিন-বি৬, পেক্টিন আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ ফলত হজম শক্তি উন্নত হোৱাৰ লগতে ফ্ৰী ৰেডিকেলৰ পৰাও আমাক ৰক্ষা কৰে। নেমুত এন্টিঅক্সিডেন্ট পোৱা যায়, যাৰ ফলত হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয় আৰু লগতে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়। নেমুৰ পানী পালে পেট আৰু কঁকালৰ চাৰিওফালে থকা চৰ্বিবোৰ কমিবলৈ আৰম্ভ কৰে, অৰ্থাৎ আপোনাৰ ওজন দ্ৰুতগতিত কমি যায়।

ভোক নিয়ন্ত্ৰণ কৰে-

নেমুত পেক্টিন নামৰ পদাৰ্থবিধ থাকে যিয়ে ভোক নিয়ন্ত্ৰণত সহায় কৰে, ইয়াক খোৱাৰ পাছত তেলীয়া খাদ্য খোৱাৰ ইচ্ছাও কমি যায়। ইয়াত উপস্থিত থকা ফ্লেভন’ইডে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু একে সময়তে শৰীৰক বিষমুক্ত কৰে। নেমুত থকা পটাছিয়ামে শৰীৰক জলসিঞ্চিত কৰি ৰখাৰ লগতে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

লেমনেড কেনেকৈ প্ৰস্তুত কৰিব?

 যদি আপুনি বিচাৰে যে নেমুৰ প্ৰভাৱ আপোনাৰ পেটৰ চৰ্বিৰ ওপৰত অধিক হওক, তেন্তে প্ৰথমে এগিলাচ কুহুমীয়া পানী লৈ তাত সৰু নেমু এটা চেপি লওক। এতিয়া তাত ক’লা নিমখ আৰু জিৰাৰ গুৰি মিহলাই পান কৰক। যদি আপুনি ৰাতিপুৱা সাৰ পাই এচামুচ মৌ মিহলাই কুহুমীয়া পানী খায়, তেন্তে ওজন দ্ৰুতগতিত কমি যাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ