--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰিছে কঠোৰ SOP আৰু নীতি-নিৰ্দেশনা। জনসাধাৰণক মানি চলিবলৈ বাধ্য কৰোৱা হৈছে এই নীতি-নিয়মবোৰ। অসমতো ক’ভিডৰ বাবে চৰকাৰে শিথিল নকৰিলে ভোগালী বিহুৰ SOP। সমাগত ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰতো আৰোপ কৰা হৈছে কেতবোৰ নীতি-নিৰ্দেশনা। কিন্তু এনে কঠোৰ নিয়মৰ পাছতো দেশত উলংঘন হৈ আছে ক’ভিড বিধি। শেহতীয়াকৈ শাসকীয় বিজেপি দলৰ নেতাই ক’ভিড বিধি উলংঘন কৰি ৰাজ আয়োজনেৰে ব্যক্তিগত অনুষ্ঠান উদযাপনৰ বাতৰি পোহৰলৈ আহিছে। বাংগালুৰুৰ এগৰাকী বিজেপি নেতাই জন্মদিন উদযাপনৰ বাবে সকলো ক’ভিড নিয়ম উলংঘা কৰিছে। কৰ্ণাটক চৰকাৰে কংগ্ৰেছক পদযাত্ৰাৰ অনুমতি দিয়াৰ বাবে সমালোচিত হৈছিল বিজেপি আৰু আন বিৰোধী দলৰ দ্বাৰা। কিন্তু তাৰ পাছতো এইবাৰ প্ৰাক্তন বিবিএমপি কৰ্পোৰেটৰ এন আৰ ৰমেশক তেওঁৰ জন্মদিনৰ শোভাযাত্ৰা উলিওৱা আৰু বেংগালুৰুত শ শ লোকৰ সৈতে এক জন্মদিনৰ অনুষ্ঠান আয়োজন কৰা দেখা গৈছিল। ৰাজ্য চৰকাৰে কৰ্ণাটকত সকলো ৰাজহুৱা সমাৱেশ নিষিদ্ধ কৰা স্বত্বেও শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা জন্মদিনৰ অনুষ্ঠানত সকলো ক’ভিড প্ৰট’কল উলংঘা কৰা দেখিবলৈ পোৱা গৈছিল। জন্মদিনৰ অনুষ্ঠান আৰু শোভাযাত্ৰাত অংশ লোৱা অধিকাংশই মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা নগ'ল। কেৱল বাংগালুৰুতে শনিবাৰে ২২,২৮৪ টা ক'ভিড সংক্ৰান্তীয় গোচৰ ৰুজু হৈছিল। যদিও দেওবাৰে ক’ভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্যৰাখি ৰাজ্যজুৰি সান্ধ্য আইন বলবৎ আছিল তথাপি জগলুৰৰ বিজেপি বিধায়ক এছ ভি ৰামচন্দ্ৰই চৰকাৰৰ নিৰ্দেশ উলংঘা কৰি তেওঁৰ বাসগৃহৰ সন্মুখত জন্মদিন উদযাপন কৰিছিল। এই উদযাপনত শ শ লোকে অংশগ্ৰহণ কৰিছিল, যাৰ ফলত সামাজিক দূৰত্বকে ধৰি আন ক'ভিড বিধি উলংঘন হৈছিল। উল্লেখ্য যে, জন্মদিন উদযাপন কৰিবলৈ বাংগালুৰুৰ কে বি বাদাভানেৰ গুল্লাম্মা মন্দিৰৰ ওচৰত এটা পেণ্ডেল নিৰ্মাণ কৰা হৈছিল। উদযাপনৰ সময়ত আৰক্ষী ঘটনাস্থলীতে উপস্থিত আছিল যদিও ক'ভিড বিধি আৰু সান্ধ্য আইন মানি চলিবলৈ জনসাধাৰণক বাধ্য কৰোৱাৰ বিপৰীতে বহুতো বিষয়াই নেতা গৰাকীক অভিবাদনহে জনাইছিল। সান্ধ্য আইন আৰু ক'ভিড বিধি অমান্য কৰা জনতাক প্ৰশাসনে শাস্তি দিয়াৰ পৰিৱৰ্তে নিৰৱতা অৱলম্বন কৰা ঘটনাত এতিয়া ক্ষুদ্ধ হৈ পৰিছে দেশৰ জনগণ। বহুতে প্ৰশ্ন কৰিছে যে ক'ভিড আৰু চৰকাৰী আন আন নীতি কেৱল সাধাৰণ জনতাৰ বাবেহে নেকি? কিয়নো নানা সময়ত বহু শাসকীয় বিজেপি দলৰ নেতাই চৰকাৰে প্ৰৱৰ্তন কৰা কঠোৰ নীতি-নিয়মকো ভৰিৰে মোহাৰি বৃদ্ধাংগুষ্ঠ দেখুৱাই আহিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে