--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰিছে কঠোৰ SOP আৰু নীতি-নিৰ্দেশনা। জনসাধাৰণক মানি চলিবলৈ বাধ্য কৰোৱা হৈছে এই নীতি-নিয়মবোৰ। অসমতো ক’ভিডৰ বাবে চৰকাৰে শিথিল নকৰিলে ভোগালী বিহুৰ SOP। সমাগত ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰতো আৰোপ কৰা হৈছে কেতবোৰ নীতি-নিৰ্দেশনা। কিন্তু এনে কঠোৰ নিয়মৰ পাছতো দেশত উলংঘন হৈ আছে ক’ভিড বিধি। শেহতীয়াকৈ শাসকীয় বিজেপি দলৰ নেতাই ক’ভিড বিধি উলংঘন কৰি ৰাজ আয়োজনেৰে ব্যক্তিগত অনুষ্ঠান উদযাপনৰ বাতৰি পোহৰলৈ আহিছে। বাংগালুৰুৰ এগৰাকী বিজেপি নেতাই জন্মদিন উদযাপনৰ বাবে সকলো ক’ভিড নিয়ম উলংঘা কৰিছে। কৰ্ণাটক চৰকাৰে কংগ্ৰেছক পদযাত্ৰাৰ অনুমতি দিয়াৰ বাবে সমালোচিত হৈছিল বিজেপি আৰু আন বিৰোধী দলৰ দ্বাৰা। কিন্তু তাৰ পাছতো এইবাৰ প্ৰাক্তন বিবিএমপি কৰ্পোৰেটৰ এন আৰ ৰমেশক তেওঁৰ জন্মদিনৰ শোভাযাত্ৰা উলিওৱা আৰু বেংগালুৰুত শ শ লোকৰ সৈতে এক জন্মদিনৰ অনুষ্ঠান আয়োজন কৰা দেখা গৈছিল। ৰাজ্য চৰকাৰে কৰ্ণাটকত সকলো ৰাজহুৱা সমাৱেশ নিষিদ্ধ কৰা স্বত্বেও শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা জন্মদিনৰ অনুষ্ঠানত সকলো ক’ভিড প্ৰট’কল উলংঘা কৰা দেখিবলৈ পোৱা গৈছিল। জন্মদিনৰ অনুষ্ঠান আৰু শোভাযাত্ৰাত অংশ লোৱা অধিকাংশই মাস্ক পৰিধান কৰা দেখিবলৈ পোৱা নগ'ল। কেৱল বাংগালুৰুতে শনিবাৰে ২২,২৮৪ টা ক'ভিড সংক্ৰান্তীয় গোচৰ ৰুজু হৈছিল। যদিও দেওবাৰে ক’ভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্যৰাখি ৰাজ্যজুৰি সান্ধ্য আইন বলবৎ আছিল তথাপি জগলুৰৰ বিজেপি বিধায়ক এছ ভি ৰামচন্দ্ৰই চৰকাৰৰ নিৰ্দেশ উলংঘা কৰি তেওঁৰ বাসগৃহৰ সন্মুখত জন্মদিন উদযাপন কৰিছিল। এই উদযাপনত শ শ লোকে অংশগ্ৰহণ কৰিছিল, যাৰ ফলত সামাজিক দূৰত্বকে ধৰি আন ক'ভিড বিধি উলংঘন হৈছিল। উল্লেখ্য যে, জন্মদিন উদযাপন কৰিবলৈ বাংগালুৰুৰ কে বি বাদাভানেৰ গুল্লাম্মা মন্দিৰৰ ওচৰত এটা পেণ্ডেল নিৰ্মাণ কৰা হৈছিল। উদযাপনৰ সময়ত আৰক্ষী ঘটনাস্থলীতে উপস্থিত আছিল যদিও ক'ভিড বিধি আৰু সান্ধ্য আইন মানি চলিবলৈ জনসাধাৰণক বাধ্য কৰোৱাৰ বিপৰীতে বহুতো বিষয়াই নেতা গৰাকীক অভিবাদনহে জনাইছিল। সান্ধ্য আইন আৰু ক'ভিড বিধি অমান্য কৰা জনতাক প্ৰশাসনে শাস্তি দিয়াৰ পৰিৱৰ্তে নিৰৱতা অৱলম্বন কৰা ঘটনাত এতিয়া ক্ষুদ্ধ হৈ পৰিছে দেশৰ জনগণ। বহুতে প্ৰশ্ন কৰিছে যে ক'ভিড আৰু চৰকাৰী আন আন নীতি কেৱল সাধাৰণ জনতাৰ বাবেহে নেকি? কিয়নো নানা সময়ত বহু শাসকীয় বিজেপি দলৰ নেতাই চৰকাৰে প্ৰৱৰ্তন কৰা কঠোৰ নীতি-নিয়মকো ভৰিৰে মোহাৰি বৃদ্ধাংগুষ্ঠ দেখুৱাই আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ