--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ বাবে টোপনি অতি প্ৰয়োজনীয়। টোপনিয়ে শৰীৰক আৰাম প্ৰদান কৰে আৰু পুনৰ পাছদিনা কাম কৰিবলৈ প্ৰস্তুত কৰে। পৰ্যাপ্ত টোপনিয়ে শৰীৰৰ বহু উপকাৰ সাধন কৰে। টোপনিৰ অভাৱত ডায়েবেটিছ, হৃদৰোগ, মেটাবলিজম বেয়া হোৱাৰ লগতে ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

কিমান টোপনিৰ প্ৰয়োজন?

বিশেষজ্ঞসকলৰ মতে, দৈনিক ৭-৮ ঘণ্টা টোপনি অহাটো স্বাস্থ্যৰ বাবে উপকাৰী। যদি টোপনি ভাল হয় তেন্তে স্বাস্থ্যও ভাল হ’ব। টোপনিৰ অভাৱৰ বাবে শৰীৰে সক্ৰিয়ভাৱে কাম কৰিবলৈ সক্ষম নহয়, সকলো সময়তে এলেহুৱা হৈ থাকে। যদি টোপনি সম্পূৰ্ণ নহয়, তেন্তে ভাগৰৰ বাবে আপুনি কোনো  কাম কৰিবলৈ সক্ষম নহয় বা যোগ বা ব্যায়ামৰ দৰে অভ্যাস গঢ়ি তুলিবও নোৱাৰে। কম টোপনিয়ে শৰীৰক এলেহুৱা কৰি তোলে, যাৰ বাবে ওজন বৃদ্ধি হোৱাটো অনিবাৰ্য। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে পৰ্যাপ্ত পৰিমাণে টোপনি অহাটো গুৰুত্বপূৰ্ণ।

কৰ্টিছল নিঃসৰণ

টোপনিৰ অভাৱৰ বাবে শৰীৰত কৰ্টিছল হৰম’নৰ পৰিমাণ বাঢ়িবলৈ আৰম্ভ কৰে। কুছিং চিনড্ৰমৰ বাবে কাৰ্টিছল দায়ী। কৰ্টিছলৰ পৰিমাণ বেছি হোৱাৰ বাবে মুখমণ্ডল, বুকু আৰু পেটৰ চৰ্বি দ্ৰুতগতিত বৃদ্ধি পায়। টোপনিৰ অভাৱৰ বাবেই কাৰ্টিছলৰ অত্যধিক নিঃসৰণ হয়।


কেনেকৈ পৰ্যাপ্ত টোপনি পাব পাৰি?

যদি ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে ভালদৰে টোপনি যাব লাগিব। ভাল টোপনিৰ বাবে স্বাস্থ্যসন্মত খাদ্যৰ প্ৰয়োজন, খাদ্যত শুকান ফল, বাদাম, গাখীৰ আদি বস্তু অন্তৰ্ভুক্ত কৰক। মোবাইল, লেপটপ বা টিভিৰ স্ক্ৰীণৰ ওচৰত বেছি সময় কটাব নালাগে। যদি ভালদৰে টোপনি নাহে তেন্তে দৈনিক যোগাসন বা ব্যায়াম কৰিবলৈ আৰম্ভ কৰক। মানসিক চাপৰ পৰা আঁতৰত থাকক, মনৰ শান্তিৰ বাবে পুৱা সোনকালে সাৰ পাই দৈনিক যোগাসন বা ধ্যান কৰাটো উপকাৰী হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement