--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ বাবে টোপনি অতি প্ৰয়োজনীয়। টোপনিয়ে শৰীৰক আৰাম প্ৰদান কৰে আৰু পুনৰ পাছদিনা কাম কৰিবলৈ প্ৰস্তুত কৰে। পৰ্যাপ্ত টোপনিয়ে শৰীৰৰ বহু উপকাৰ সাধন কৰে। টোপনিৰ অভাৱত ডায়েবেটিছ, হৃদৰোগ, মেটাবলিজম বেয়া হোৱাৰ লগতে ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

কিমান টোপনিৰ প্ৰয়োজন?

বিশেষজ্ঞসকলৰ মতে, দৈনিক ৭-৮ ঘণ্টা টোপনি অহাটো স্বাস্থ্যৰ বাবে উপকাৰী। যদি টোপনি ভাল হয় তেন্তে স্বাস্থ্যও ভাল হ’ব। টোপনিৰ অভাৱৰ বাবে শৰীৰে সক্ৰিয়ভাৱে কাম কৰিবলৈ সক্ষম নহয়, সকলো সময়তে এলেহুৱা হৈ থাকে। যদি টোপনি সম্পূৰ্ণ নহয়, তেন্তে ভাগৰৰ বাবে আপুনি কোনো  কাম কৰিবলৈ সক্ষম নহয় বা যোগ বা ব্যায়ামৰ দৰে অভ্যাস গঢ়ি তুলিবও নোৱাৰে। কম টোপনিয়ে শৰীৰক এলেহুৱা কৰি তোলে, যাৰ বাবে ওজন বৃদ্ধি হোৱাটো অনিবাৰ্য। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে পৰ্যাপ্ত পৰিমাণে টোপনি অহাটো গুৰুত্বপূৰ্ণ।

কৰ্টিছল নিঃসৰণ

টোপনিৰ অভাৱৰ বাবে শৰীৰত কৰ্টিছল হৰম’নৰ পৰিমাণ বাঢ়িবলৈ আৰম্ভ কৰে। কুছিং চিনড্ৰমৰ বাবে কাৰ্টিছল দায়ী। কৰ্টিছলৰ পৰিমাণ বেছি হোৱাৰ বাবে মুখমণ্ডল, বুকু আৰু পেটৰ চৰ্বি দ্ৰুতগতিত বৃদ্ধি পায়। টোপনিৰ অভাৱৰ বাবেই কাৰ্টিছলৰ অত্যধিক নিঃসৰণ হয়।


কেনেকৈ পৰ্যাপ্ত টোপনি পাব পাৰি?

যদি ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে ভালদৰে টোপনি যাব লাগিব। ভাল টোপনিৰ বাবে স্বাস্থ্যসন্মত খাদ্যৰ প্ৰয়োজন, খাদ্যত শুকান ফল, বাদাম, গাখীৰ আদি বস্তু অন্তৰ্ভুক্ত কৰক। মোবাইল, লেপটপ বা টিভিৰ স্ক্ৰীণৰ ওচৰত বেছি সময় কটাব নালাগে। যদি ভালদৰে টোপনি নাহে তেন্তে দৈনিক যোগাসন বা ব্যায়াম কৰিবলৈ আৰম্ভ কৰক। মানসিক চাপৰ পৰা আঁতৰত থাকক, মনৰ শান্তিৰ বাবে পুৱা সোনকালে সাৰ পাই দৈনিক যোগাসন বা ধ্যান কৰাটো উপকাৰী হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু