--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ বহুতকে মেদবহুলতায়ে অশান্তি দিয়ে। যাৰ মূল কাৰণ হৈছে তেলযুক্ত আৰু মিঠা খাদ্য খোৱা। এনে পৰিস্থিতিত আমি ভাবো যে আমি যদি আমি খোৱা-বোৱা কমাই দিওঁ তেন্তে ওজন দ্ৰুতগতিত কমি যাব, কিন্তু ডায়েটিং কৰি কমকৈ খোৱাটো কোনো সমাধান নহয়, ই উপকাৰৰ পৰিৱৰ্তে ক্ষতি কৰিব পাৰে। কম খোৱাৰ পৰিৱৰ্তে স্বাস্থ্যসন্মত খাদ্য খোৱাই ভাল। ওজন হ্ৰাসৰ নামত ডায়েটিং কৰাটো আপোনাৰ বাবে কেনেদৰে ভুল বুলি প্ৰমাণিত হ’ব পাৰে জানক।

ডায়েটিঙৰ সমস্যা

১) শৰীৰত দুৰ্বলতাঃ যদি আপুনি আপোনাৰ শৰীৰৰ প্ৰয়োজন অনুসৰি খাদ্য নাখায়, তেন্তে শৰীৰত শক্তিৰ যথেষ্ট অভাৱ হ’ব আৰু দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজত অসুবিধা হ’ব। ওজন কম হোৱাৰ পৰিৱৰ্তে আপোনাৰ শৰীৰটো দুৰ্বল হ’বলৈ আৰম্ভ কৰিব, যাৰ বাবে আপুনিও খিংখিঙীয়া হৈ পৰিব পাৰে।

২) বিপাকীয় ক্ৰিয়া দুৰ্বল হ’বঃ চিন্তা নকৰাকৈ ডায়েটিং কৰিলেও শৰীৰৰ বিপাকীয় ক্ৰিয়া দুৰ্বল হৈ পৰে। সেয়ে পৰ্যাপ্ত পৰিমাণৰ আহাৰ গ্ৰহণ কৰিব লাগে। লগতে নিয়মীয়াকৈ স্বাস্থ্যসন্মত খাদ্য খাই থাকিব। ব্ৰেকফাষ্ট, লাঞ্চ বা ডিনাৰ কেতিয়াও এৰি নিদিব।

৩) হজম শক্তিৰ ওপৰত বেয়া প্ৰভাৱঃ  নিৰ্ধাৰিত সীমাতকৈ কম খালে আমাৰ পাচনতন্ত্ৰত বেয়া প্ৰভাৱ পৰে। ডায়েটিঙৰ বাবে শৰীৰত আঁহৰ অভাৱ হয় আৰু বহুতো গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানো উপলব্ধ নহয়, যাৰ ফলত পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে।

৪) পিত্তৰ পাথৰঃ যিসকল লোকে ওজন কমাবলৈ কমকৈ খাবলৈ আৰম্ভ কৰে, তেওঁলোকৰ শৰীৰত কেলৰিৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰে, যদি তেওঁলোকে দীৰ্ঘদিন এই কাম কৰে তেন্তে পিত্তৰ পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে বিশেষজ্ঞৰ পৰামৰ্শ মতেহে ডায়েট কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement