--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাৱত ড্ৰাগছৰ ব্যৱসায় আৰু হত্যাৰ দৰে গুৰুতৰ গোচৰত জড়িত কুখ্যাত অপৰাধী অমৃতপল সিঙক অষ্ট্ৰিয়াৰ পৰা ভাৰতলৈ বিতাড়িত কৰা হৈছে। দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰলৈ অনাৰ লগে লগে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰাজ্যত তেওঁৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈছে।


এই বিষয়ত পঞ্জাৱ আৰক্ষী বিষয়াই কয় যে ‘হত্যা আৰু ড্ৰাগছ ব্যৱসায়কে ধৰি বহু জঘন্য অপৰাধৰ সৈতে জড়িত পলাতক অমৃতপল সিঙক শুকুৰবাৰে অষ্ট্ৰিয়াৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হয়। পঞ্জাৱৰ বটালাৰ ভোমা গাঁৱৰ নিবাসী অমৃতপল সিঙক বহু গুৰুতৰ গোচৰত সন্ধান জাৰি আছিল। পঞ্জাৱ আৰক্ষীয়ে তেওঁক নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আটক কৰে।

অভিযুক্ত অমৃতপল সিঙ এজন পলাতক যিয়ে অবৈধভাৱে অষ্ট্ৰিয়াত বাস কৰিছিল। ডিজিপি গৌৰৱ যাদৱে কয় যে ‘এইজন অভিযুক্তই হত্যা, হত্যাৰ চেষ্টা, ড্ৰাগছ সম্পৰ্কীয় অপৰাধ আৰু অস্ত্ৰ আইন সম্পৰ্কীয় গোচৰকে ধৰি বহু জঘন্য অপৰাধৰ সৈতে জড়িত। তেওঁক বিতাড়িত কৰাটো ভুক্তভোগীক ন্যায় প্ৰদানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।’ 

পলাতক অমৃতপল সিঙক ভাৰতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি) বটালা সুহাইল কাছিম মিৰ আৰু পঞ্জাৱ আৰক্ষীৰ আভ্যন্তৰীণ নিৰাপত্তা শাখাৰ নেতৃত্বত বটালা আৰক্ষীৰ সমগ্ৰ দলটোৱে কৰা অক্লান্ত প্ৰচেষ্টাক ডিজিপিয়ে শলাগ লয়।


এই সন্দৰ্ভত দিএছএছপি বটালা সুহাইল কাছিম মিৰে কয় যে কেইবাটাও গোচৰত পলাতক ঘোষণা কৰা অভিযুক্ত অমৃতপল সিং ২০২২ চনত ডুবাই আৰু ছাৰ্বিয়া হৈ অষ্ট্ৰিয়ালৈ পলায়ন কৰিছিল আৰু তেতিয়াৰ পৰাই গ্ৰেপ্তাৰৰ পৰা হাত সাৰিছিল। তেওঁ কয় যে তেওঁ তাত ৰাজনৈতিক আশ্ৰয়ৰ বাবেও আবেদন কৰিছিল। আন্তঃৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ নিৰন্তৰ প্ৰচেষ্টা আৰু সহযোগিতাৰ পিছত পঞ্জাৱ আৰক্ষীয়ে তেওঁক পুনৰ ভাৰতলৈ আনি ন্যায় সুনিশ্চিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু