--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাৱত ড্ৰাগছৰ ব্যৱসায় আৰু হত্যাৰ দৰে গুৰুতৰ গোচৰত জড়িত কুখ্যাত অপৰাধী অমৃতপল সিঙক অষ্ট্ৰিয়াৰ পৰা ভাৰতলৈ বিতাড়িত কৰা হৈছে। দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰলৈ অনাৰ লগে লগে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰাজ্যত তেওঁৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈছে।


এই বিষয়ত পঞ্জাৱ আৰক্ষী বিষয়াই কয় যে ‘হত্যা আৰু ড্ৰাগছ ব্যৱসায়কে ধৰি বহু জঘন্য অপৰাধৰ সৈতে জড়িত পলাতক অমৃতপল সিঙক শুকুৰবাৰে অষ্ট্ৰিয়াৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হয়। পঞ্জাৱৰ বটালাৰ ভোমা গাঁৱৰ নিবাসী অমৃতপল সিঙক বহু গুৰুতৰ গোচৰত সন্ধান জাৰি আছিল। পঞ্জাৱ আৰক্ষীয়ে তেওঁক নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আটক কৰে।

অভিযুক্ত অমৃতপল সিঙ এজন পলাতক যিয়ে অবৈধভাৱে অষ্ট্ৰিয়াত বাস কৰিছিল। ডিজিপি গৌৰৱ যাদৱে কয় যে ‘এইজন অভিযুক্তই হত্যা, হত্যাৰ চেষ্টা, ড্ৰাগছ সম্পৰ্কীয় অপৰাধ আৰু অস্ত্ৰ আইন সম্পৰ্কীয় গোচৰকে ধৰি বহু জঘন্য অপৰাধৰ সৈতে জড়িত। তেওঁক বিতাড়িত কৰাটো ভুক্তভোগীক ন্যায় প্ৰদানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।’ 

পলাতক অমৃতপল সিঙক ভাৰতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি) বটালা সুহাইল কাছিম মিৰ আৰু পঞ্জাৱ আৰক্ষীৰ আভ্যন্তৰীণ নিৰাপত্তা শাখাৰ নেতৃত্বত বটালা আৰক্ষীৰ সমগ্ৰ দলটোৱে কৰা অক্লান্ত প্ৰচেষ্টাক ডিজিপিয়ে শলাগ লয়।


এই সন্দৰ্ভত দিএছএছপি বটালা সুহাইল কাছিম মিৰে কয় যে কেইবাটাও গোচৰত পলাতক ঘোষণা কৰা অভিযুক্ত অমৃতপল সিং ২০২২ চনত ডুবাই আৰু ছাৰ্বিয়া হৈ অষ্ট্ৰিয়ালৈ পলায়ন কৰিছিল আৰু তেতিয়াৰ পৰাই গ্ৰেপ্তাৰৰ পৰা হাত সাৰিছিল। তেওঁ কয় যে তেওঁ তাত ৰাজনৈতিক আশ্ৰয়ৰ বাবেও আবেদন কৰিছিল। আন্তঃৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ নিৰন্তৰ প্ৰচেষ্টা আৰু সহযোগিতাৰ পিছত পঞ্জাৱ আৰক্ষীয়ে তেওঁক পুনৰ ভাৰতলৈ আনি ন্যায় সুনিশ্চিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু