--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ৮ আগষ্টত কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত সংঘটিত হোৱা প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ ৩৫তম দিনলৈ অব্যাহত আছে। প্ৰতিবাদৰ অন্ত পেলাবলৈ চিকিৎসক আৰু বংগ চৰকাৰৰ মাজত কোনো ঐকমত্য নাই।

কিন্তু এই পৰ্যায়ত চিকিৎসকে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক এই বিষয়ত মন্তব্য আগবঢ়াবলৈ দাবী জনাইছে। তেওঁলোকে বৃহস্পতিবাৰে  নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰে। 

তেওঁলোকে পত্ৰখনত লিখিছে- ‘দেশৰ মুৰব্বী হিচাপে আমি আমাৰ বিষয়সমূহ আপোনালোকৰ সন্মুখত ৰাখিছো, যাতে অতি জঘন্য অপৰাধৰ বলি হোৱা আমাৰ দুৰ্ভগীয়া সতীৰ্থসকলে ন্যায় লাভ কৰে আৰু আমি পশ্চিম বংগ স্বাস্থ্য বিভাগৰ অধীনস্থ স্বাস্থ্য পেছাদাৰীসকলে ভয় আৰু আশংকা নোহোৱাকৈ জনসাধাৰণৰ প্ৰতি কাম কৰিব পাৰো। নিজৰ কৰ্তব্য পালন কৰিব পৰাকৈ এই কঠিন সময়ত আপোনালোকৰ হস্তক্ষেপে আমাৰ সকলোৰে বাবে পোহৰ হিচাপে কাম কৰিব, আমাক আগুৰি থকা আন্ধাৰৰ পৰা ওলাই অহাৰ পথ দেখুৱাব।’


১২ ছেপ্টেম্বৰত তৃতীয়বাৰৰ বাবে মমতা বেনাৰ্জী চৰকাৰ আৰু চিকিৎসকৰ মাজত আলোচনা নহ’ল। মুখ্যমন্ত্ৰী মমতাই সচিবালয় নবন্নাত দুঘণ্টা অপেক্ষা কৰিছিল যদিও বৈঠকৰ পোনপটীয়া সম্প্ৰচাৰৰ দাবীত অটল হৈ থাকিল চিকিৎসকসকল। ইয়াৰ পাছতে সংবাদমেলত মমতাই কয় – এই দেশৰ লগতে বিশ্ববাসীৰ ওচৰত ক্ষমা বিচাৰিছো, মানুহে ইচ্ছা কৰিলে মই পদত্যাগ কৰিবলৈ সাজু। অৱশ্যে কনিষ্ঠ চিকিৎসকসকলে চৰকাৰৰ সৈতে আলোচনা কৰিব নোৱাৰাৰ বাবে দুখী বুলি কয়। তেওঁলোকে নিবিচাৰে মমতা বেনাৰ্জীৰ পদত্যাগৰ। এতিয়াও আলোচনাৰ বাবে সাজু হৈ আছে তেওঁলোক। অৱশ্যে আলোচনাৰ বাবে তেওঁলোক চাৰিটা চৰ্তত অটল।

শুকুৰবাৰে চিবিআইয়ে ধৰ্ষণ-হত্যাৰ অভিযুক্ত সঞ্জয় ৰায়ক কলকাতাৰ ছিলডাহ আদালতত দাখিল কৰে। প্ৰেচিডেন্সি কাৰেকচনেল হোমৰ পৰা তেওঁক নাৰ্কো টেষ্টৰ সৈতে জড়িত শুনানিৰ বাবে আদালতলৈ অনা হয়। সঞ্জয়ৰ ওপৰত নাৰ্কো টেষ্ট কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰিছে চি বি আইয়ে।

এগৰাকী বিষয়াই সংবাদ মাধ্যমত জনায় যে এই নাৰ্কো টেষ্টে সঞ্জয়ৰ বক্তব্যৰ সত্যাসত্য নিৰূপণ কৰাত সহায় কৰিব। নাৰ্কো টেষ্টৰ সময়ত ছডিয়াম পেণ্টোথেল ঔষধ ব্যক্তিজনৰ শৰীৰত সুমুৱাই দিয়া হয়, যাৰ ফলত তেওঁৰ চিন্তাশক্তি ৰোধ হয়।যাৰ ফলত বেছিভাগ ক্ষেত্ৰতে অভিযুক্তই সত্য তথ্য দিয়ে।


বৃহস্পতিবাৰে চিবিআইয়ে মূল অভিযুক্ত সঞ্জয় ৰায়ৰ দাঁতৰ চিন লয়। ধৰ্ষণ-হত্যাৰ গোচৰত প্ৰমাণ হিচাপে ৰায়ৰ দাঁতৰ চিন অতি গুৰুত্বপূৰ্ণ। সূত্ৰ অনুসৰি প্ৰশিক্ষাৰ্থী চিকিৎসকজনৰ শৰীৰত কামোৰৰ চিন দেখা গৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো এই কথা উল্লেখ কৰা হৈছিল। চিবিআইয়ে সেই চিহ্ন সঞ্জয়ৰ দাঁতৰ চিনৰে পৰিক্ষা কৰে ।

যোৱা ১২ ছেপ্টেম্বৰত সংঘটিত সমগ্ৰ ঘটনাৰ পিছত বংগৰ গৱৰ্ণৰ চি ভি আনন্দ বসুৱে কয় যে ‘মমতা, বংগৰ লেডী মেকবেথ। বংগ সমাজৰ সৈতে সংহতি স্বৰূপে মুখ্যমন্ত্ৰীক সামাজিকভাৱে বৰ্জন কৰাৰ প্ৰতিশ্ৰুতি দিছো। মই তেওঁৰ লগত কোনো ৰাজহুৱা মঞ্চত ভাগ নলও। মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা কোনো ৰাজহুৱা কাৰ্যসূচীত মই অংশগ্ৰহণ নকৰো।’

প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকলক সমালোচনা কৰিছে টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে। তেওঁলোকক অমানৱীয় আৰু ডাক্তৰ হোৱা অযোগ্য বুলি কয়। লগতে ৰাজ্য চৰকাৰক কয় যে ‘প্ৰতিবাদকাৰী চিকিৎসকসকলক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দিয়া উচিত নহয়।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু