--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম এখন প্রাকৃতিক সম্পদেৰে পৰিপূৰ্ণ ৰাজ্য৷ অতীজৰে পৰা অসমীয়াই প্রাকৃতিকভাৱে আহৰণ কৰা খাদ্যৰ ওপৰতে নিৰ্ভৰশীল। এই প্রাকৃতিকভাৱে আহৰণ কৰা থলুৱা খাদ্যসমূহৰ আকৌ খাদ্যগুণ অপাৰ। 

অসমীয়া পৰম্পৰাগত থলুৱা খাদ্যসমূহ খুবেই স্বাস্থ্যসন্মত তথা সহজলভ্য আৰু সুলভ। লগতে প্রায়ভাগ খাদ্যৰেই ঔষধি গুণো আছে। অসম পঁইতাভাত আৰু ভোট জলকীয়াৰ গুণৰ কথা এতিয়া বিশ্ববাসীৰ অৱগত।

অসমীয়াক ‘খাৰখোৱা অসমীয়া’ বুলিও কোৱা হয়। অতীতত অসমীয়াসকলৰ ভিতৰত বিশেষকৈ অনাৰ্যসকলে নিমখৰ সলনি খাবৰ বাবে তৈয়াৰ কৰা আঞ্জাত খাৰ দি খাইছিল৷ কলাখাৰ হ’ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পাছত তাৰ পৰা নিগৰি ওলোৱা খাৰ-পানী। কলাখাৰৰো আছে বহু ঔষধি গুণ৷ কলাখাৰৰ উপকাৰিতাসমূহ কি জানো আহক...

কলাখাৰৰ উপকাৰিতা:

১. খাদ্য হিচাপে ই পেটৰ অম্ল বা এচিডিটীৰ উপশম ঘটায়। অন্যান্য খাদ্যৰ প্ৰতি ৰুচি বঢ়ায়। আভোক আঁতৰায় আৰু খাদ্য সহজে হজম কৰায় ৷

২. কলত থকা প’টাছিয়াম নামৰ উপাদানবিধ শৰীৰৰ বাবে অতি লাগতিয়াল খনিজ তত্ত্ব। 

৩. মানুহৰ শৰীৰক দৈনিক প্ৰায় ১০০ মিলিগ্ৰাম প’টাছিয়ামৰ প্ৰয়োজন হয়। কলাখাৰ ইয়াৰ বাবে এক ফলপ্ৰসূ উৎস হ’ব পাৰে ।প’টাছিয়ামে শৰীৰক উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰ’ক হোৱাৰ পৰা সুৰক্ষা দিয়ে।

৪. কিডনীত পাথৰ হোৱা প্ৰতিৰোধ কৰে আৰু হাড়ৰ ঘনত্ব বজাই ৰখাত সহায় কৰে।

৫. খাৰে গৰ্ভাৱস্থাত দেখা দিয়া মৰ্ণিং ছিকনেছ আঁতৰ কৰে।

৬. খাৰ খোৱা মহিলাৰ প্ৰসৱ সহজে হয়।

৭. খাৰ খোৱা মহিলাৰ যথেষ্ট মাতৃদুগ্ধ উৎপন্ন হয়। 

৮. নৱজাতকৰ জণ্ডিচৰ সম্ভাৱনা হ্ৰাস পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ