--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম এখন প্রাকৃতিক সম্পদেৰে পৰিপূৰ্ণ ৰাজ্য৷ অতীজৰে পৰা অসমীয়াই প্রাকৃতিকভাৱে আহৰণ কৰা খাদ্যৰ ওপৰতে নিৰ্ভৰশীল। এই প্রাকৃতিকভাৱে আহৰণ কৰা থলুৱা খাদ্যসমূহৰ আকৌ খাদ্যগুণ অপাৰ। 

অসমীয়া পৰম্পৰাগত থলুৱা খাদ্যসমূহ খুবেই স্বাস্থ্যসন্মত তথা সহজলভ্য আৰু সুলভ। লগতে প্রায়ভাগ খাদ্যৰেই ঔষধি গুণো আছে। অসম পঁইতাভাত আৰু ভোট জলকীয়াৰ গুণৰ কথা এতিয়া বিশ্ববাসীৰ অৱগত।

অসমীয়াক ‘খাৰখোৱা অসমীয়া’ বুলিও কোৱা হয়। অতীতত অসমীয়াসকলৰ ভিতৰত বিশেষকৈ অনাৰ্যসকলে নিমখৰ সলনি খাবৰ বাবে তৈয়াৰ কৰা আঞ্জাত খাৰ দি খাইছিল৷ কলাখাৰ হ’ল কলৰ বাকলি অথবা মূঢ়া শুকুৱাই পুৰিলে ওলোৱা ছাইত পানী দি থৈ পাছত তাৰ পৰা নিগৰি ওলোৱা খাৰ-পানী। কলাখাৰৰো আছে বহু ঔষধি গুণ৷ কলাখাৰৰ উপকাৰিতাসমূহ কি জানো আহক...

কলাখাৰৰ উপকাৰিতা:

১. খাদ্য হিচাপে ই পেটৰ অম্ল বা এচিডিটীৰ উপশম ঘটায়। অন্যান্য খাদ্যৰ প্ৰতি ৰুচি বঢ়ায়। আভোক আঁতৰায় আৰু খাদ্য সহজে হজম কৰায় ৷

২. কলত থকা প’টাছিয়াম নামৰ উপাদানবিধ শৰীৰৰ বাবে অতি লাগতিয়াল খনিজ তত্ত্ব। 

৩. মানুহৰ শৰীৰক দৈনিক প্ৰায় ১০০ মিলিগ্ৰাম প’টাছিয়ামৰ প্ৰয়োজন হয়। কলাখাৰ ইয়াৰ বাবে এক ফলপ্ৰসূ উৎস হ’ব পাৰে ।প’টাছিয়ামে শৰীৰক উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰ’ক হোৱাৰ পৰা সুৰক্ষা দিয়ে।

৪. কিডনীত পাথৰ হোৱা প্ৰতিৰোধ কৰে আৰু হাড়ৰ ঘনত্ব বজাই ৰখাত সহায় কৰে।

৫. খাৰে গৰ্ভাৱস্থাত দেখা দিয়া মৰ্ণিং ছিকনেছ আঁতৰ কৰে।

৬. খাৰ খোৱা মহিলাৰ প্ৰসৱ সহজে হয়।

৭. খাৰ খোৱা মহিলাৰ যথেষ্ট মাতৃদুগ্ধ উৎপন্ন হয়। 

৮. নৱজাতকৰ জণ্ডিচৰ সম্ভাৱনা হ্ৰাস পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক