--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সফল জীৱনৰ আৰম্ভণিতেই যটি পৰিল এগৰাকী মডেলৰ৷ব্ৰাজিলৰ ২৯ বছৰীয়া প্ৰভাৱশালী লুয়ানা আন্দ্ৰেডৰ আঁঠুৰ লিপ’ছাকচন অস্ত্ৰোপচাৰৰ এদিন পাছতে মৃত্যু হোৱাৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে৷ ব্ৰাজিলৰ মডেলগৰাকীৰ পৰিয়ালে নিযুক্তি দিয়া ব্যক্তিগত চিকিৎসক আৰু এনাস্থেটিষ্টে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল বুলি এছঅ’ লুইজ হাস্পতালে এক বিবৃতিত প্ৰকাশ কৰিছে।

প্লাষ্টিক চাৰ্জন ডিঅ’ভানে ৰুৱাৰোৰ মতে, অস্ত্ৰোপচাৰৰ পূৰ্বে লুয়ানা আন্দ্ৰেডৰ স্বাস্থ্য ভাল দেখা গৈছিল। তদুপৰি তেওঁ কয় যে অস্ত্ৰোপচাৰৰ পূৰ্বে পৰ্যাপ্ত পদ্ধতি সম্পন্ন কৰা হৈছিল যদিও দুৰ্ভাগ্যজনকভাৱে এই মৃত্যুৰ ঘটনা সংঘটিত হৈছিল, যিয়ে আমাক যথেষ্ট দুখ প্ৰদান কৰিছে৷ছাৰ্জনজনে কয় যে লিপ’ছাকচন পদ্ধতিৰ দ্বাৰা কেতিয়াবা মাৰাত্মক জটিলতা আহিব পাৰে।প্ৰাপ্ত তথ্য অনুসৰি ব্ৰাজিলৰ মডেলগৰাকী প্ৰেমিক জোৱাও হাদাদৰ সৈতে বাস কৰিছিল।

লিপ’ছাকচন পদ্ধতিৰ বিষয়ে উল্লেখ কৰি ব্ৰাজিলৰ কলেজ অৱ প্লাষ্টিক চাৰ্জাৰীৰ ডাঃ এডুয়াৰ্ডো টেইক্সেইৰাই কয় যে, “কোনো ধৰণৰ বিপদমুক্ত অস্ত্ৰোপচাৰ নাই, আৰু কোনো চিকিৎসা পদ্ধতি নাই য’ত কোনো ধৰণৰ বিপদ জড়িত নহয়, বিশেষকৈ যেতিয়া ই অস্ত্ৰোপচাৰ প্ৰক্ৰিয়া হয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ