--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে এগৰাকী আমেৰিকান সংগীতশিল্পী৷শিল্পীগৰাকীৰ নাম মেৰী মিলবেন৷আফ্ৰিকান-আমেৰিকান অভিনেত্ৰী তথা গায়িকা মেৰী মিলবেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি কয় যে নৰেন্দ্ৰ মোদী মহিলাৰ পক্ষত থিয় দিছে আৰু ভাৰত আৰু ভাৰতীয় নাগৰিকৰ প্ৰগতিৰ বাবে শ্ৰেষ্ঠ নেতা।

জনসংখ্যা নিয়ন্ত্ৰণত শিক্ষা আৰু মহিলাৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰিবলৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিধানসভাত অপমানজনক ভাষা ব্যৱহাৰ কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মিলবেনে এই মন্তব্য প্ৰকাশ কৰে।

এক  ভিডিঅ’ বাৰ্তাৰ জৰিয়তে তেওঁ কয় যে, “সমগ্ৰ বিশ্বতে ২০২৪ চনৰ নিৰ্বাচনী বতৰ আৰম্ভ হৈছে,আমেৰিকাত আৰু ভাৰততো। বহুতে প্ৰশ্ন কৰে যে মই প্ৰধানমন্ত্ৰী মোদীক কিয় সমৰ্থন কৰোঁ,ইয়াৰ উত্তৰটো সহজ, মই ভাৰতক ভাল পাওঁ। আৰু মই বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী মোদী ভাৰত আৰু ভাৰতীয় নাগৰিকৰ প্ৰগতিৰ বাবে শ্ৰেষ্ঠ নেতা। আমেৰিকা-ভাৰত সম্পৰ্ক আৰু বিশ্বৰ বিশ্ব অৰ্থনৈতিক স্থিতিশীলতাৰ বাবে তেওঁ শ্ৰেষ্ঠ নেতা।”

বিহাৰৰ বিধানসভাত নীতিশ কুমাৰে কৰা মহিলাৰ প্ৰতি কৰা অপমানজনক মন্তব্যৰ বাবে মিলবেনে কুমাৰক ক্ষুৰধাৰ সমালোচনা কৰে। ইয়াৰ পাছত মিলবেনে এগৰাকী সাহসীোমহিলাক আগবাঢ়ি আহি বিহাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্ব ঘোষণা কৰিবলৈ আহ্বান জনায়৷লগতে মেলবেনে বিজেপিক বিহাৰত নেতৃত্বৰ বাবে এগৰাকী মহিলাক ক্ষমতা প্ৰদান কৰিবলৈ আহ্বান।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত মহিলাৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে নীতিশ কুমাৰক তীব্ৰ সমালোচনা কৰে৷মধ্যপ্ৰদেশত নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে নীতিশ কুমাৰৰ নাম লোৱা নাছিল যদিও মঙলবাৰে নীতিশ কুমাৰে দিয়া মন্তব্যৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে মঙলবাৰে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্য বিধানসভাত অৱমাননামূলক ভাষা ব্যৱহাৰ কৰি শিক্ষাৰ ভূমিকা আৰু জনসংখ্যা নিয়ন্ত্ৰণত মহিলাৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰি বিতৰ্কৰ সৃষ্টি কৰে।নিজৰ মন্তব্যক লৈ হুলস্থুলৰ সৃষ্টি কৰাৰ পাছত বুধবাৰে নীতিশ কুমাৰে ক্ষমা বিচাৰি কয় যে তেওঁ নিজৰ কথা ঘূৰাই লৈছে আৰু যদি কোনোবাই আঘাত পাইছে তেন্তে সেইসকলৰ ওচৰত নীতিশ কুমাৰ ক্ষমাপ্ৰাৰ্থী৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ