--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে এগৰাকী আমেৰিকান সংগীতশিল্পী৷শিল্পীগৰাকীৰ নাম মেৰী মিলবেন৷আফ্ৰিকান-আমেৰিকান অভিনেত্ৰী তথা গায়িকা মেৰী মিলবেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি কয় যে নৰেন্দ্ৰ মোদী মহিলাৰ পক্ষত থিয় দিছে আৰু ভাৰত আৰু ভাৰতীয় নাগৰিকৰ প্ৰগতিৰ বাবে শ্ৰেষ্ঠ নেতা।

জনসংখ্যা নিয়ন্ত্ৰণত শিক্ষা আৰু মহিলাৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰিবলৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিধানসভাত অপমানজনক ভাষা ব্যৱহাৰ কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মিলবেনে এই মন্তব্য প্ৰকাশ কৰে।

এক  ভিডিঅ’ বাৰ্তাৰ জৰিয়তে তেওঁ কয় যে, “সমগ্ৰ বিশ্বতে ২০২৪ চনৰ নিৰ্বাচনী বতৰ আৰম্ভ হৈছে,আমেৰিকাত আৰু ভাৰততো। বহুতে প্ৰশ্ন কৰে যে মই প্ৰধানমন্ত্ৰী মোদীক কিয় সমৰ্থন কৰোঁ,ইয়াৰ উত্তৰটো সহজ, মই ভাৰতক ভাল পাওঁ। আৰু মই বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী মোদী ভাৰত আৰু ভাৰতীয় নাগৰিকৰ প্ৰগতিৰ বাবে শ্ৰেষ্ঠ নেতা। আমেৰিকা-ভাৰত সম্পৰ্ক আৰু বিশ্বৰ বিশ্ব অৰ্থনৈতিক স্থিতিশীলতাৰ বাবে তেওঁ শ্ৰেষ্ঠ নেতা।”

বিহাৰৰ বিধানসভাত নীতিশ কুমাৰে কৰা মহিলাৰ প্ৰতি কৰা অপমানজনক মন্তব্যৰ বাবে মিলবেনে কুমাৰক ক্ষুৰধাৰ সমালোচনা কৰে। ইয়াৰ পাছত মিলবেনে এগৰাকী সাহসীোমহিলাক আগবাঢ়ি আহি বিহাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্ব ঘোষণা কৰিবলৈ আহ্বান জনায়৷লগতে মেলবেনে বিজেপিক বিহাৰত নেতৃত্বৰ বাবে এগৰাকী মহিলাক ক্ষমতা প্ৰদান কৰিবলৈ আহ্বান।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসংখ্যা নিয়ন্ত্ৰণ সন্দৰ্ভত মহিলাৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে নীতিশ কুমাৰক তীব্ৰ সমালোচনা কৰে৷মধ্যপ্ৰদেশত নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে নীতিশ কুমাৰৰ নাম লোৱা নাছিল যদিও মঙলবাৰে নীতিশ কুমাৰে দিয়া মন্তব্যৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে মঙলবাৰে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্য বিধানসভাত অৱমাননামূলক ভাষা ব্যৱহাৰ কৰি শিক্ষাৰ ভূমিকা আৰু জনসংখ্যা নিয়ন্ত্ৰণত মহিলাৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰি বিতৰ্কৰ সৃষ্টি কৰে।নিজৰ মন্তব্যক লৈ হুলস্থুলৰ সৃষ্টি কৰাৰ পাছত বুধবাৰে নীতিশ কুমাৰে ক্ষমা বিচাৰি কয় যে তেওঁ নিজৰ কথা ঘূৰাই লৈছে আৰু যদি কোনোবাই আঘাত পাইছে তেন্তে সেইসকলৰ ওচৰত নীতিশ কুমাৰ ক্ষমাপ্ৰাৰ্থী৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু