--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশত বৃদ্ধি পাইছে ইন্ধনজাত সামগ্ৰীৰ মূল্য। দেশৰ জনগণৰ বাবে চাইকেলে এতিয়া হৈ পৰিছে একমাত্ৰ ভৰসা। অশান্তজৰ্জৰ আফগানভূমিত শান্তিৰ পৰিৱেশ যেন সুদূৰ পৰাহত। তালিবানী নৃশংসতাৰ পাছতে একপ্ৰকাৰ অচলাৱস্থাই দেখা দিছে আফাগানভূমিত। সন্ত্ৰাসবাদৰ দামামাৰ পাছতে শেহতীয়াকৈ আফগানিস্তানত দেখা দিছে অন্য এক সংকটে। আফগানিস্তানৰ ৰাজধানী কাবুলত ইন্ধনজাত সামগ্ৰীৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি হোৱা বাবে জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ নাগৰিক।

অধিক মূল্যত ইন্ধনজাত সামগ্ৰী ক্ৰয় কৰাৰ পৰিৱৰ্তে ৰাজধানীখনৰ বহুলোকে দৈনিক যাতায়তৰ বাবে চাইকেল ব্যৱহাৰ কৰিবলৈ লৈছে। ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি, কাবুলৰ পীড়িত লোকসকলৰ জীৱন-প্ৰণালী আৰু চাইকেল ব্যৱহাৰৰ প্ৰতি আগ্ৰহী হোৱাৰ সামগ্ৰিক চিত্ৰপটৰ ওপৰত ভিত্তি কৰি আফগান সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এক প্ৰতিবেদন। জানিবলৈ পোৱা মতে, কাবুলৰ বহু নাগৰিকে চাইকেল ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। ৰাজধানীত ইন্ধনজাত সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে, বৃদ্ধি পাইছে টেক্সিৰ ভাড়া।

শেহতীয়া তথ্য অনুসৰি, কাবুলৰ ফুৱেল ষ্টেচনত বৰ্তমান এক লিটাৰ ইন্ধন ৭৬আফগানি মুদ্ৰাত বিক্ৰী হৈ আছে। ইয়াৰ পূৰ্বে প্ৰতিলিটাৰ ইন্ধনৰ বিনিময়ত পৰিশোধ কৰিব লাগিছিল ৩৫ আফগানি মুদ্ৰা। বিগত দুই-তিনি মাহত ইন্ধনৰ মূল্য দুগুণতকৈও অধিক বৃদ্ধি হৈছে। কাবুলৰ এগৰাকী বাসিন্দাই কয়,‘মই টেক্সিৰ ভাড়া বহন কৰিবলৈ সক্ষম নহয়। টেক্সিৰ সলনি দৈনন্দিন কাম সম্পূৰ্ণ কৰিবলৈ এতিয়া চাইকেল চলাওঁ। কেতিয়াবা খোজকাঢ়ো। কাবুলৰ আন এজন বাসিন্দায়ো ক’লে অনৰূপ কথাকে।তেওঁ কয়, ‘চাইকেল ব্যৱহাৰৰ ব্যয় কম। ই পৰিৱেশৰ বাবেও ফলদায়ক। কিয়নো চাইকেলে পৰিৱেশ প্ৰদূষিত নকৰে।’
উল্লেখ্য যে, ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ৰাজধানীত টেক্সিৰ ভাড়া বৃদ্ধি পাইছে। শেহতীয়া অৰ্থনৈতিক সমস্যাৰ বাবে কাবুলৰ স্থানীয় বাসিন্দাসকলে অতিৰিক্ত টেক্সি ভাড়া পৰিশোধ কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু