--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশত বৃদ্ধি পাইছে ইন্ধনজাত সামগ্ৰীৰ মূল্য। দেশৰ জনগণৰ বাবে চাইকেলে এতিয়া হৈ পৰিছে একমাত্ৰ ভৰসা। অশান্তজৰ্জৰ আফগানভূমিত শান্তিৰ পৰিৱেশ যেন সুদূৰ পৰাহত। তালিবানী নৃশংসতাৰ পাছতে একপ্ৰকাৰ অচলাৱস্থাই দেখা দিছে আফাগানভূমিত। সন্ত্ৰাসবাদৰ দামামাৰ পাছতে শেহতীয়াকৈ আফগানিস্তানত দেখা দিছে অন্য এক সংকটে। আফগানিস্তানৰ ৰাজধানী কাবুলত ইন্ধনজাত সামগ্ৰীৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি হোৱা বাবে জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ নাগৰিক।

অধিক মূল্যত ইন্ধনজাত সামগ্ৰী ক্ৰয় কৰাৰ পৰিৱৰ্তে ৰাজধানীখনৰ বহুলোকে দৈনিক যাতায়তৰ বাবে চাইকেল ব্যৱহাৰ কৰিবলৈ লৈছে। ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি, কাবুলৰ পীড়িত লোকসকলৰ জীৱন-প্ৰণালী আৰু চাইকেল ব্যৱহাৰৰ প্ৰতি আগ্ৰহী হোৱাৰ সামগ্ৰিক চিত্ৰপটৰ ওপৰত ভিত্তি কৰি আফগান সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এক প্ৰতিবেদন। জানিবলৈ পোৱা মতে, কাবুলৰ বহু নাগৰিকে চাইকেল ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। ৰাজধানীত ইন্ধনজাত সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে, বৃদ্ধি পাইছে টেক্সিৰ ভাড়া।

শেহতীয়া তথ্য অনুসৰি, কাবুলৰ ফুৱেল ষ্টেচনত বৰ্তমান এক লিটাৰ ইন্ধন ৭৬আফগানি মুদ্ৰাত বিক্ৰী হৈ আছে। ইয়াৰ পূৰ্বে প্ৰতিলিটাৰ ইন্ধনৰ বিনিময়ত পৰিশোধ কৰিব লাগিছিল ৩৫ আফগানি মুদ্ৰা। বিগত দুই-তিনি মাহত ইন্ধনৰ মূল্য দুগুণতকৈও অধিক বৃদ্ধি হৈছে। কাবুলৰ এগৰাকী বাসিন্দাই কয়,‘মই টেক্সিৰ ভাড়া বহন কৰিবলৈ সক্ষম নহয়। টেক্সিৰ সলনি দৈনন্দিন কাম সম্পূৰ্ণ কৰিবলৈ এতিয়া চাইকেল চলাওঁ। কেতিয়াবা খোজকাঢ়ো। কাবুলৰ আন এজন বাসিন্দায়ো ক’লে অনৰূপ কথাকে।তেওঁ কয়, ‘চাইকেল ব্যৱহাৰৰ ব্যয় কম। ই পৰিৱেশৰ বাবেও ফলদায়ক। কিয়নো চাইকেলে পৰিৱেশ প্ৰদূষিত নকৰে।’
উল্লেখ্য যে, ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ৰাজধানীত টেক্সিৰ ভাড়া বৃদ্ধি পাইছে। শেহতীয়া অৰ্থনৈতিক সমস্যাৰ বাবে কাবুলৰ স্থানীয় বাসিন্দাসকলে অতিৰিক্ত টেক্সি ভাড়া পৰিশোধ কৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ