--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেটেণ্ট আৰু ষ্টাৰ্ট-আপৰ দ্ৰুত বৃদ্ধিয়ে দেশত জ্ঞান তথা  উদ্ভাৱনৰ নতুন দুৱাৰ মুকলি কি দিছে।  এনে বিকাশে  অৰ্থনৈতিক বিকাশৰ নতুন সম্ভানৃৱনাৰ সূচনা কৰিছে। আজি কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী   নিৰ্মলা সীতাৰমণে সংসদত সামগ্ৰিক উদ্ভাৱনৰ ওপৰত ভিত্তি কৰি দেশৰ  ঔদ্যোগিক পৰিৱেশতন্ত্ৰৰ বাবে এক শক্তিশালী যুক্তি দাঙি ধৰিছে।

 সীতাৰমণৰ সমীক্ষাটোৱে লক্ষ্য কৰিছে যে শেহতীয়া বছৰবোৰত ঔদ্যোগিক গৱেষণা আৰু উন্নয়নৰ পৰ্যাপ্ত উন্নতি  হৈছে । এই কথা ভাৰতৰ গ্ল’বেল ইনোভেচন ইনডেক্সত ধাৰাবাহিকভাৱে হোৱা উন্নতিৰ পৰা স্পষ্ট হৈ পৰিছে। এই সূচকাংকৰ দিশৰ পৰা  ঘৰুৱা বজাৰ পৰিসৰৰ সূচকত ভাৰতে বিশ্বজুৰি শীৰ্ষ স্থান দখল কৰিছে। সমীক্ষাটোত কোৱা হৈছে যে ২০১৪-১৫ চনত ৫,৯৭৮টা পেটেণ্ট লাভৰ   বিপৰীতে  ২০২৩-২৪ চনত ১,০৩,০৫৭টালৈ এই সংখ্যা বৃদ্ধি পাইছে। এয়া এতিয়া সোতৰগুণ বৃদ্ধি পাইছে। জৰীপটোৱে এই কথাও প্ৰতিফলিত কৰিছে যে ২০১৪-১৫ চনত পঞ্জীয়নভুক্ত আৰ্হিৰ সংখ্যা ৭,১৪৭ৰ পৰা ২০২৩-২৪ চনত ৩০,৬৭২লৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি কোৱা হৈছে যে চৰকাৰে ২০২৩-২৮ চনৰ ভিতৰত আনুমানিক ৫০,০০০ কোটি টকা  ব্যয়ৰে অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাস (এএনআৰএফ) স্থাপন কৰাৰ লক্ষ্য লৈছে, যাতে ভাৰতীয় উদ্যোগত বৈজ্ঞানিক গৱেষণাৰ বাবে উচ্চ পৰ্যায়ৰ কৌশলগত দিশ প্ৰশস্ত কৰিব  পৰাকৈ এটা শীৰ্ষ সংস্থা গঠন কৰিব পাৰি।

 ভাৰতৰ সক্ৰিয়  ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰৰ বিষয়ত  আলোকপাত কৰি সমীক্ষাটোৱে লক্ষ্য কৰিছে যে টায়াৰ ২ আৰু টায়াৰ ৩ চহৰত  ৪৫ শতাংশতকৈ অধিক ষ্টাৰ্ট-আপৰ উত্থান ঘটিছে আৰু মাৰ্চ মাহৰ ভিতৰত ডিপিআইআইটিৰ স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্ট-আপৰ সংখ্যা ১.২৫ লাখতকৈ অধিকলৈ বৃদ্ধি পাইছে। সমীক্ষাটোত লগতে  কোৱা হৈছে যে এই ষ্টাৰ্ট-আপসমূহৰ ভিতৰত ১৩,০০০ৰো অধিক কোম্পানীয়ে কৃত্ৰিম বুদ্ধিমত্তা,  ইণ্টাৰনেট, ৰবটিক্স আৰু নেন’ প্ৰযুক্তিৰ দৰে বিভিন্ন বিষয়ভিত্তিক ক্ষেত্ৰত কাম কৰি আছে। ভাৰতীয় ষ্টাৰ্ট-আপসমূহে দেশত উদ্ভাৱনৰ নেতৃত্ব দিছে আৰু ষ্টাৰ্ট-আপসমূহে ২০১৬ চনৰ পৰা ২০২৪ চনৰ মাৰ্চলৈকে ১২ হাজাৰতকৈ অধিক পেটেণ্ট আবেদন দাখিল কৰিছে বুলি অৰ্থনৈতিক জৰীপত উল্লেখ কৰা হৈছে।  সমীক্ষা অনুসৰি ১৩৫টা বিকল্প বিনিয়োগ পুঁজিয়ে বিত্তীয় বৰ্ষ ২৪ৰ শেষলৈকে ষ্টাৰ্ট-আপত ১৮,০০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ বিপৰীতে ভাৰত ষ্টাৰ্টআপ জ্ঞান প্ৰৱেশ পঞ্জীয়নে ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰৰ বিভিন্ন অংশীদাৰসকলক একত্ৰিত কৰাত অনুঘটকৰ ভূমিকা পালন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
Advertisement