--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অহা ১৮ আৰু ১৯ আগষ্টত জন্মাষ্টমী উৎসৱ পালন কৰা হ’ব। বহু বছৰ আগতে মথুৰাৰ কাৰাগাৰত মাজনিশা মাতা দেৱকী আৰু বাসুদেৱে এটি সন্তান জন্ম দিছিল। এয়া আছিল ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণ। ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি দিনা ৰোহিনী নক্ষত্ৰত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। প্ৰতিবছৰে কৃষ্ণ জয়ন্তীৰ দিনা জন্মাষ্টমী হিচাপে পালন কৰা হয়।

এইবাৰ জন্মাষ্টমীয়ে এক দুৰ্লভ যোগৰ সাক্ষী হ’বলৈ গৈ আছে। এই বিৰল যোগত ৰাধাক মাতৃ লক্ষ্মীৰূপে পূজা কৰিলে ঘৰত সুখ-সমৃদ্ধি বৃদ্ধিৰ উপৰি লাভ কৰিব ধন-সম্পদ। জানো আহক জন্মাষ্টমীৰ এই শুভ যোগ আৰু প্ৰতিকাৰ বিষয়ে।

১৭ আগষ্টৰ সন্ধিয়া ৮.৫৭ বজাৰ পৰা আৰম্ভ হ’ব বৃদ্ধি যোগ, যিটো ১৮ আগষ্টৰ সন্ধিয়া ৮.৪২ বজালৈকে থাকিব। আনহাতে, ১৮ আগষ্টৰ পুৱা ৮.৪১ বজাৰ পৰা আৰম্ভ হ’ব ধ্ৰুৱযোগ আৰু ১৯ আগষ্টৰ সন্ধিয়া ৮.৫৯ বজালৈ চলিব। এই শুভ যোগসমূহত ৰাধা-কৃষ্ণৰ পূজা কৰিলে অক্ষয়পূৰ্ণ প্ৰাপ্তি হয়।

কৃষ্ণ জন্মাষ্টমীৰ দিনা কৰক এইসমূহ প্ৰতিকাৰ

১. ধন-সম্পত্তি বৃদ্ধিৰ বাবে-

জন্মাষ্টমীৰ দিনটোত শ্ৰীকৃষ্ণক পানপাত আগবঢ়াওক। ইয়াৰ পাছত সেন্দূৰেৰে এই পাতত ‘শ্ৰীযন্ত্ৰ’ বুলি লিখি ধন থোৱা ঠাইত ৰাখিব। কোৱা হয় যে এনে কৰিলে দৰিদ্ৰতা দূৰ হয়।

২. সন্তান লাভৰ বাবে-

সন্তানহীন দম্পতীয়ে জন্মাষ্টমীৰ দিনা ঘৰত গৰু বা গৰু পোৱালিৰ মূৰ্তি আনি পূজা কৰিলে সন্তান সুখ লাভ কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগতে সন্তান সমস্যা সমাধান হয় বুলিও কোৱা হয়।

৩. উপাৰ্জন-

চাকৰিত পদোন্নতি আৰু উপাৰ্জন বৃদ্ধিৰ বাবে জন্মাষ্টমীৰ দিনা ৭গৰাকী কন্যা শিশুক পায়খ বা বগা মিঠাই বিতৰণ কৰক। জন্মাষ্টমীৰ পাছত একেৰাহে পাঁচটা শুকুৰবাৰে এই নিয়ম কৰিলে উপকৃত হ’ব।

 ৪. কেশৰ-চন্দন-

জন্মাষ্টমীৰ দিনা কেশৰ বা চন্দনত গোলাপ জল মিহলাই ফোঁট লগাব লাগে। লগতে গোপী চন্দনেৰে কৃষ্ণক আগবঢ়াওক। ইয়াৰ ফলত ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধিৰ লগতে মালক্ষ্মীৰ কৃপাপ্ৰাপ্ত হয় বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ