--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অহা ১৮ আৰু ১৯ আগষ্টত জন্মাষ্টমী উৎসৱ পালন কৰা হ’ব। বহু বছৰ আগতে মথুৰাৰ কাৰাগাৰত মাজনিশা মাতা দেৱকী আৰু বাসুদেৱে এটি সন্তান জন্ম দিছিল। এয়া আছিল ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণ। ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি দিনা ৰোহিনী নক্ষত্ৰত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। প্ৰতিবছৰে কৃষ্ণ জয়ন্তীৰ দিনা জন্মাষ্টমী হিচাপে পালন কৰা হয়।

এইবাৰ জন্মাষ্টমীয়ে এক দুৰ্লভ যোগৰ সাক্ষী হ’বলৈ গৈ আছে। এই বিৰল যোগত ৰাধাক মাতৃ লক্ষ্মীৰূপে পূজা কৰিলে ঘৰত সুখ-সমৃদ্ধি বৃদ্ধিৰ উপৰি লাভ কৰিব ধন-সম্পদ। জানো আহক জন্মাষ্টমীৰ এই শুভ যোগ আৰু প্ৰতিকাৰ বিষয়ে।

১৭ আগষ্টৰ সন্ধিয়া ৮.৫৭ বজাৰ পৰা আৰম্ভ হ’ব বৃদ্ধি যোগ, যিটো ১৮ আগষ্টৰ সন্ধিয়া ৮.৪২ বজালৈকে থাকিব। আনহাতে, ১৮ আগষ্টৰ পুৱা ৮.৪১ বজাৰ পৰা আৰম্ভ হ’ব ধ্ৰুৱযোগ আৰু ১৯ আগষ্টৰ সন্ধিয়া ৮.৫৯ বজালৈ চলিব। এই শুভ যোগসমূহত ৰাধা-কৃষ্ণৰ পূজা কৰিলে অক্ষয়পূৰ্ণ প্ৰাপ্তি হয়।

কৃষ্ণ জন্মাষ্টমীৰ দিনা কৰক এইসমূহ প্ৰতিকাৰ

১. ধন-সম্পত্তি বৃদ্ধিৰ বাবে-

জন্মাষ্টমীৰ দিনটোত শ্ৰীকৃষ্ণক পানপাত আগবঢ়াওক। ইয়াৰ পাছত সেন্দূৰেৰে এই পাতত ‘শ্ৰীযন্ত্ৰ’ বুলি লিখি ধন থোৱা ঠাইত ৰাখিব। কোৱা হয় যে এনে কৰিলে দৰিদ্ৰতা দূৰ হয়।

২. সন্তান লাভৰ বাবে-

সন্তানহীন দম্পতীয়ে জন্মাষ্টমীৰ দিনা ঘৰত গৰু বা গৰু পোৱালিৰ মূৰ্তি আনি পূজা কৰিলে সন্তান সুখ লাভ কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগতে সন্তান সমস্যা সমাধান হয় বুলিও কোৱা হয়।

৩. উপাৰ্জন-

চাকৰিত পদোন্নতি আৰু উপাৰ্জন বৃদ্ধিৰ বাবে জন্মাষ্টমীৰ দিনা ৭গৰাকী কন্যা শিশুক পায়খ বা বগা মিঠাই বিতৰণ কৰক। জন্মাষ্টমীৰ পাছত একেৰাহে পাঁচটা শুকুৰবাৰে এই নিয়ম কৰিলে উপকৃত হ’ব।

 ৪. কেশৰ-চন্দন-

জন্মাষ্টমীৰ দিনা কেশৰ বা চন্দনত গোলাপ জল মিহলাই ফোঁট লগাব লাগে। লগতে গোপী চন্দনেৰে কৃষ্ণক আগবঢ়াওক। ইয়াৰ ফলত ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধিৰ লগতে মালক্ষ্মীৰ কৃপাপ্ৰাপ্ত হয় বুলি বিশ্বাস কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ