--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিজ্জা খাই ভাল পায়নে? পিজ্জা বহুতৰে প্ৰিয় খাদ্য। বিশেষকৈ ডমিন’জ পিজ্জাৰ যি সমাদৰ সেয়া কাৰো সৈতে তুলনা নহয়। পাছে শেহতীয়াকৈ ডমিন’জ সোমাই পৰিছে বিতৰ্কত। ডমিন’জ কোম্পানীৰ এখন ফটো ভাইৰেল হৈছে। তাত দেখা গৈছে পিজ্জা বনাবৰ বাবে তৈয়াৰ কৰা ময়দাৰ গোলা সমূহ প্লাষ্টিকৰ পাত্ৰ এটাত সজাই থোৱা হৈছিল। তাতে লাগিল কেনা। ফটোখনত দেখা গৈছে যে ময়দা ৰখা প্লেটখনৰ ওপৰত ওলমি আছিল ঘৰ চফা কৰা দুটা ঝাড়ু! এই ছবি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ইয়াৰ পিছতে নেট ৱৰ্ল্ডত সমালোচনাৰ সন্মুখীন হৈছে ডমিন’জ পিজ্জা। 

চাহিল কৰ্ণানী নামৰ এজন লোকে টুইটাৰত শ্বেয়াৰ কৰি এই ফটোখন বেংগালুৰুৰ এখন ডমিন’জ আউটলেটৰ ভিতৰৰ দৃশ্য বুলি দাবী কৰে। খাদ্যৰ গুণাগুণ আৰু কৰ্পৰেট দায়বদ্ধতা সম্পৰ্কে তেওঁ প্ৰশ্ন উত্থাপন কৰে। তেওঁ লিখিছে, ‘এইদৰে ফ্ৰেছ আৰু সুস্বাদু পিজ্জা পৰিবেশন কৰা হয় নেকি!’ 

তাৰপাছতে নেট মিডিয়াত আৰম্ভ হ’ল আলোচনা আৰু সমালোচনা। অধিকাংশই মন্তব্য কৰিছিল যে এনে এটা বিখ্যাত কোম্পানীৰ খাদ্য প্ৰস্তুত কৰাৰ এনে ছবি দেখি তেওঁলোক হতাশ হৈছে। এই ক্ষেত্ৰত গাফিলতিৰ ভাব স্পষ্ট হৈ পৰিছে। সংশ্লিষ্ট আউটলেটখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বহু লোকে। 

ডমিন’জে এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ডমিন’জে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘‘আমি গ্ৰাহকৰ খাদ্যৰ মানদণ্ড উলংঘা কৰাৰ ক্ষেত্ৰত অতি কঠোৰ। এই বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰা হ’ব।’’ টুইটটোত লগতে ডমিনজে কৈছে যে ‘‘গ্ৰাহকৰ সুৰক্ষা আৰু খাদ্যৰ মানদণ্ড সুনিশ্চিত কৰাৰ বাবে যি পদক্ষেপৰ প্ৰয়োজন হয়, সেই সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু