--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিজ্জা খাই ভাল পায়নে? পিজ্জা বহুতৰে প্ৰিয় খাদ্য। বিশেষকৈ ডমিন’জ পিজ্জাৰ যি সমাদৰ সেয়া কাৰো সৈতে তুলনা নহয়। পাছে শেহতীয়াকৈ ডমিন’জ সোমাই পৰিছে বিতৰ্কত। ডমিন’জ কোম্পানীৰ এখন ফটো ভাইৰেল হৈছে। তাত দেখা গৈছে পিজ্জা বনাবৰ বাবে তৈয়াৰ কৰা ময়দাৰ গোলা সমূহ প্লাষ্টিকৰ পাত্ৰ এটাত সজাই থোৱা হৈছিল। তাতে লাগিল কেনা। ফটোখনত দেখা গৈছে যে ময়দা ৰখা প্লেটখনৰ ওপৰত ওলমি আছিল ঘৰ চফা কৰা দুটা ঝাড়ু! এই ছবি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ইয়াৰ পিছতে নেট ৱৰ্ল্ডত সমালোচনাৰ সন্মুখীন হৈছে ডমিন’জ পিজ্জা। 

চাহিল কৰ্ণানী নামৰ এজন লোকে টুইটাৰত শ্বেয়াৰ কৰি এই ফটোখন বেংগালুৰুৰ এখন ডমিন’জ আউটলেটৰ ভিতৰৰ দৃশ্য বুলি দাবী কৰে। খাদ্যৰ গুণাগুণ আৰু কৰ্পৰেট দায়বদ্ধতা সম্পৰ্কে তেওঁ প্ৰশ্ন উত্থাপন কৰে। তেওঁ লিখিছে, ‘এইদৰে ফ্ৰেছ আৰু সুস্বাদু পিজ্জা পৰিবেশন কৰা হয় নেকি!’ 

তাৰপাছতে নেট মিডিয়াত আৰম্ভ হ’ল আলোচনা আৰু সমালোচনা। অধিকাংশই মন্তব্য কৰিছিল যে এনে এটা বিখ্যাত কোম্পানীৰ খাদ্য প্ৰস্তুত কৰাৰ এনে ছবি দেখি তেওঁলোক হতাশ হৈছে। এই ক্ষেত্ৰত গাফিলতিৰ ভাব স্পষ্ট হৈ পৰিছে। সংশ্লিষ্ট আউটলেটখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে বহু লোকে। 

ডমিন’জে এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ডমিন’জে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ‘‘আমি গ্ৰাহকৰ খাদ্যৰ মানদণ্ড উলংঘা কৰাৰ ক্ষেত্ৰত অতি কঠোৰ। এই বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰা হ’ব।’’ টুইটটোত লগতে ডমিনজে কৈছে যে ‘‘গ্ৰাহকৰ সুৰক্ষা আৰু খাদ্যৰ মানদণ্ড সুনিশ্চিত কৰাৰ বাবে যি পদক্ষেপৰ প্ৰয়োজন হয়, সেই সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ