--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সুস্থ স্বাস্থ্যক জীৱনৰ আটাইতকৈ ডাঙৰ সুখ বুলি কোৱা হয়। যদি আমাৰ শৰীৰ সুস্থ নহয়, তেন্তে আমি পৃথিৱীৰ কোনো সুখ উপভোগ কৰিব নোৱাৰো। আমাৰ শৰীৰটো কিমান ফিট সেয়া বহু পৰিমাণে নিৰ্ভৰ কৰে আমাৰ পুৱাৰ অভ্যাসৰ ওপৰত। বহুতে পুৱাই পেট পৰিষ্কাৰ কৰিবলৈ পোনপটীয়াকৈ চাহ বা কফি খাই ভাল পায়। কিন্তু এই অভ্যাস সম্পূৰ্ণ ভুল। এনে কৰিলে পেটত গেছ উৎপন্ন হয়। সেয়েহে চিকিৎসকসকলে পুৱাই পানী খোৱাৰ পৰামৰ্শ প্ৰদান কৰে।

১. পুৱাই পানী খোৱাৰ উপকাৰিতা-
চিকিৎসকৰ মতে, পুৱা কিমান পানী খাব লাগে? সেয়া প্ৰতিজন ব্যক্তিৰ শৰীৰৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপোনাৰ শৰীৰৰ প্ৰয়োজনীয়তা এগিলাচ পানীত পূৰণ হয়, তেন্তে আপুনি জোৰকৈ ২ বা ৩ গিলাচ পানী খাব নালাগে। এই পানীয়ে আমাৰ শৰীৰৰ অভাৱ দূৰ কৰাৰ উপৰি কোষ্ঠকাঠিন্য দূৰ কৰে।

২. কেনেকুৱা পাত্ৰত ৰখা পানী খোৱা উচিত?
স্বাস্থ্য বিশেষজ্ঞৰ মতে কলহত ৰখা পানী সৰ্বোত্তম বুলি গণ্য কৰা হয়। এই পানী সকলো ঋতুতে একেই থাকে। ৰূপ বা তামত ৰখা পানীও খাব পাৰে। তামৰ পাত্ৰত ৰখা পানীত বেক্টেৰিয়া প্ৰতিৰোধী গুণ পোৱা যায়। কিন্তু বি পি ৰোগীয়ে তামৰ পাত্ৰৰ পৰা পানী খাব নালাগে। ইয়াৰ ফলত তেওঁলোকৰ সমস্যা বৃদ্ধি পাব পাৰে।

৩. পানী খোৱাৰ সময়ত বতৰৰ কথা মনত ৰাখিব
পুৱা পানী খোৱাৰ সময়ত বতৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শীতকালত পানী অলপ কুহুমীয়াকৈ খোৱা উচিত। ইয়াৰ ফলত ডিঙি আৰু পেট দুয়োটা সুস্থ হৈ থাকে। আনহাতে গৰমৰ দিনত কলহত ৰখা পানী 
আৰু কোঠাৰ উষ্ণতাত ৰখা পানী দুয়োটা খোৱাৰ বাবে উপযোগী। 

৪. যকৃতৰ সমস্যা থকা লোকে পুৱা কুহুমীয়া পানী খোৱা উচিত। ইয়াৰ পাছত আধা চামুচ হালধি এগিলাচ পানীত মিহলাই খাব লাগে। এনে কৰিলে যকৃতৰ সমস্যা ক্ৰমান্বয়ে নাইকিয়া হ’বলৈ আৰম্ভ কৰে। আমি মনত ৰখা উচিত যে আমাৰ মাজত ৭০ শতাংশ পানী থাকে, সেয়েহে শৰীৰত কেতিয়াও পানীৰ অভাৱ হ’ব নালাগে।

৫. পাচনতন্ত্ৰ শক্তিশালী কৰে-
চিকিৎসকৰ মতে, নিশা শোৱাৰ পাছত শৰীৰত বহু ধৰণৰ ক্ষতিকাৰক বিষাক্ত পদাৰ্থৰ সৃষ্টি হয়। পুৱা কুহুমীয়া পানী খালে এই বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ ওলাই যায়। ইয়াৰ লগতে অন্ত্ৰৰ মলিও আঁতৰি যায়। প্ৰতিদিনে পুৱা পানী খালে বিপাকীয় ক্ৰিয়া শক্তিশালী হয় আৰু পেটৰ পাচনতন্ত্ৰই সঠিকভাৱে কাম কৰে আৰু শৰীৰৰ পৰা অপৰিষ্কাৰসমূহ দূৰ হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান