--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সাপৰ সৰু-বৰ নাই। সাপ বুলিলেই মানুহে সাতজাঁপ মাৰে ভয়ত। তেনেক্ষত্ৰত এডাল বিশাল অজগৰৰে সহযাত্ৰা কৰাটো কল্পনা কৰিব পাৰেনে আপুনি? আপুনি বহি থকা গাড়ীৰ ছীটৰ তলতে সোমাই আছে এডাল বিশালকায় অজগৰ!

এখন ব্যক্তিগত যাত্ৰীবাহী বাছত একেলগে যাত্ৰা কৰিছিল এডাল ১৪ ফুট দীঘল অজগৰে। শুনিলেই ভয়লগা! তথ্য অনুসৰি উদয়পুৰৰ পৰা মুম্বাই অভিমুখী আছিল বাছখন। যাত্ৰীৰে পৰিপূৰ্ণ বাছখনে গতি লৈছিল গন্তব্য স্থানলৈ। সকলোৱে নিজৰ নিজৰ আসনত বহি নিৰ্বিঘ্নে আনন্দ লৈছিল যাত্ৰাৰ। তেওঁলোকৰ মাজতে থকা অনাকাংক্ষিত যাত্ৰীগৰাকীৰ উমঘামেই পোৱা নাছিল কোনোৱে। প্ৰায় ২৫০ কিলোমিটাৰ পথ অতিক্ৰম কৰা বাছখন আহমেদাবাদৰ এখন ধাবাত ৰয়। ইমানলৈকে সকলো ঠিকেই আছিল, এজন এজনকৈ যাত্ৰী বাছৰ পৰা নামিল। তেনেতে এগৰাকী যাত্ৰীয়ে বাছখনৰ ভিতৰত প্ৰত্যক্ষ কৰে বিশাল অজগৰডাল। যাত্ৰীগৰাকইয়ে চিঞৰ-বাখৰ কৰাত হুৱাদুৱা লাগে বাছখনৰ যাত্ৰীসকলৰ মাজত। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আগতে কিছুসংখ্যক যুৱকে সাপডাল উদ্ধাৰ কৰিবলৈ চেষ্টা চলায়। প্ৰায় আধাঘণ্টাযোৰা শ্বাসৰূদ্ধকাৰী অভিযানৰ অন্তত উদ্ধাৰ কৰা হয় বিশাল সাপডাল। অজগৰডালৰ দৈৰ্ঘ্য প্ৰায় ১৪ ফুট বুলি তেওঁলোকে দাবী কৰে। অজগৰডাল উদ্ধাৰৰ পাছতহে যাত্ৰীসকলে স্বস্তিৰ নিশ্বাস পেলায়। লগতে কিছুসংখ্যক লোকে ইয়াৰ ফটো আৰু ভিডিঅ' লয় যিবোৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

বাছখনে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বেই অজগৰডালে প্ৰৱেশ কৰা বুলি ঠাৱৰ কৰা হয়। অজগৰডালে কাকো একো অপকাৰ নকৰাকৈ ছীটৰ তলত অৱস্থান লয়। আশ্চৰ্যজনকভাৱে সাপডালে নীৰৱে অলপো লৰচৰ নকৰাকৈয়ে প্ৰায় ২৫০ কিলোমিটাৰ বাট ভ্ৰমণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ