--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • দেশৰ জনজাতীয় অঞ্চলসমূহৰ জৈৱ বৈচিত্ৰ্য আৰু ঔষধি উদ্ভিদ সংৰক্ষণৰ বাবে চৰকাৰে হাতত লোৱা এক বিশেষ প্ৰকল্পৰ বাবে অসমৰ কোট্ৰাঝাৰক স্থান দিয়া হৈছে।

অসমৰ বাবে এক অত্যন্ত আনন্দদায়ক খবৰ হিচাপে কোট্ৰাঝাৰক দেশৰ ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত নিৰ্বাচিত ১৬টা গুৰুত্বপূৰ্ণ জনজাতীয় হটস্পটৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই অঞ্চলসমূহত থকা চহকী ঔষধি উদ্ভিদৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ লক্ষ্যৰে এক বিশেষ প্ৰকল্প ৰূপায়ণ কৰা হ'ব।

ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে লক্ষ্ণৌস্থিত চিএছআইআৰ-নেশ্যনেল ব'টানিকেল ৰিছাৰ্চ ইনষ্টিটিউটৰ সহযোগত এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো মুকলি কৰিছে। 'ইণ্টিগ্ৰেটেড কনজাৰ্ভেচন, এগ্ৰ'া-টেকনোলজি এণ্ড বায়োৰোচৰ্চ এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট ফৰ চেইচেইনেবল ট্ৰাইবেল লাইভলিপুডচ্ ইন ট্ৰাইবেল হটস্পটচ্ অৱ ইণ্ডিয়া' শীৰ্ষক এই প্ৰকল্পটোৱে জনজাতীয় অঞ্চলৰ ঔষধি উদ্ভিদ সংৰক্ষণ কৰাৰ লগতে পৰম্পৰাগত জ্ঞান আৰু থলুৱা জৈৱ সম্পদক কামত লগাই জনজাতীয় সমাজৰ বাবে স্থায়ী জীৱিকা আৰু উদ্যোগৰ সুযোগ সৃষ্টি কৰিব।

এই প্ৰকল্পৰ স্থায়িত্বৰ বাবে জনজাতীয় অঞ্চলসমূহত জৈৱ বৈচিত্ৰ্য আৰু পৰম্পৰাগত ইক'লজিকেল জ্ঞানৰ বিস্তৃত নথিপত্ৰ প্ৰস্তুত কৰি জনসাধাৰণৰ জৈৱ বৈচিত্ৰ্য পঞ্জী অধিক সম্পূৰ্ণ কৰি তোলাটো অতি প্ৰয়োজনীয় বুলি প্ৰকাশ পাইছে। প্ৰকল্পটোৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত ২০০ৰ পৰা ৩০০বিধ ঔষধি উদ্ভিদৰ প্ৰজাতিৰ নথিপত্ৰ প্ৰস্তুতকৰণ, ৩০ৰ পৰা ৪০বিধ বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ বৈজ্ঞানিক প্ৰজনন, ১৬টা সম্প্ৰদায় ভিত্তিক নাৰ্চাৰী আৰু বীজ বেংক স্থাপন আদি অন্তৰ্ভুক্ত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
বিশ্বৰ কোটি কোটি কেঞ্চাৰ ৰোগীলৈ আশাৰ বতৰা; ১০ বছৰৰ ভিতৰত নির্মূল হ’ব কেঞ্চাৰ
পৰম্পৰাগত হালধিযুক্ত গাখীৰৰ স্বাস্থ্যসন্মত উপকাৰিতা
বাংলাদেশত দুই সহস্রাধিক শিক্ষক-শিক্ষাৰ্থীক ৰাজনৈতিক নির্যাতন; ফ্রান্সস্থিত মানৱ অধিকাৰ সংস্থাৰ প্ৰতিবেদনৰ তথ্য
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ