--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পিতৃ-মাতৃ অবিহনে আমেৰিকালৈ প্ৰব্ৰজন কৰা শিশুসকলৰ চোৱা-চিতাৰ বাবে কিছুমান আইনী সংস্থাৰে মার্কিন চৰকাৰে চুক্তি কৰি অৰ্থ সাহায্যও আগবঢ়াই আহিছিল। কিন্তু যোৱা ৩১ জুলাইত এই চুক্তিসমূহৰ ম্যাদ উকলি গৈছে।

ডিজিটেল ডেস্ক: আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু। শীঘ্রেই এই বিশ সহস্রাধিক শিশুক দেশখনৰ পৰা বিতাৰণৰ সম্ভাৱনা বৃদ্ধি পাইছে। মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে প্ৰব্ৰজন সন্দৰ্ভত কৰা নতুন নিয়মৰ পৰিপ্ৰেক্ষিতত শ'লঠেকত পৰিছে এই শিশুসকল। মার্কিন অধিবক্তা সমাজে প্রকাশ কৰিছে যে পিতৃ-মাতৃ অবিহনে অকলে আমেৰিকালৈ প্ৰব্ৰজন কৰা এই শিশুসকলে প্রব্রজন আদালতত আইনী প্রতিনিধিত্ব হেৰুৱাব আৰু শীঘ্ৰেই দেশখনৰ পৰা বিতাৰণৰ সন্মুখীন হ'ব পাৰে। যিসকল আইনী পৰামৰ্শদাতাই এই প্রব্রজিত শিশুসকলক প্রতিনিধিত্ব কৰি আহিছিল, সেই আইনী ব্যক্তি বা সংস্থাসমূহৰ সৈতে মার্কিন প্রশাসনৰ সকলো চুক্তিৰ ম্যাদ ইতিমধ্যে শেষ হৈছে। 


উল্লেখযোগ্য যে পিতৃ-মাতৃ অবিহনে আমেৰিকালৈ প্ৰব্ৰজন কৰা শিশুসকলৰ চোৱা-চিতাৰ বাবে কিছুমান আইনী সংস্থাৰে মার্কিন চৰকাৰে চুক্তি কৰি অৰ্থ সাহায্যও আগবঢ়াই আহিছিল। কিন্তু যোৱা ৩১ জুলাইত এই চুক্তিসমূহৰ ম্যাদ উকলি গৈছে। ড'নাল্ড ট্রাম্প নেতৃত্বাধীন চৰকাৰে সংস্থাসমূহৰ সৈতে চুক্তি পুনৰ নৱীকৰণত গুৰুত্ব দিয়া নাই। যাৰ পৰিপ্ৰেক্ষিতত এই শিশুসকলক দেশখনৰ পৰা বিতাৰণ কৰাৰেই সম্ভাবনা বৃদ্ধি পাইছে। দেশখনলৈ প্রব্রজন কৰা পিতৃ-মাতৃহীন প্রায় ২০ হাজাৰ শিশুৰ চোৱা-চিতাৰ কামত নিয়োজিত আছিল প্রায় ১০০টা আইনী গোট। কিন্তু এই গোটসমূহৰ লগত চুক্তি নবীকৰণ নকৰিলে মার্কিন প্রশাসনে। ট্রাম্প চৰকাৰে চুক্তি নৱীকৰণ নকৰা সন্দর্ভত বর্তমানলৈ মুখ খোলা নাই যদিও দেশখনৰ পৰা প্ৰব্ৰজনকাৰীৰ বিতাৰণৰ সংখ্যা বৃদ্ধি কৰাৰ বাবেই এনে পদক্ষেপ লোৱা বুলি প্রকাশ পাইছে। উল্লেখযোগ্য ড'নাল্ড ট্রাম্পে দ্বিতীয়টো কার্যকালৰ বাবে ৰাষ্ট্ৰপতিৰ আসনত বহিয়ে যোৱা বছৰৰ আৰম্ভণিতে প্ৰৱজিত শিশুসকলক বিতাৰণৰ লক্ষ্য লৈছিল। 


পৰৱৰ্তী সময়ত বিষয়তো তল পৰিছিল যদিও এতিয়া ট্রাম্পে যেন পুনৰ কুৰিব সহস্রাধিক প্রব্রজিত শিশুক বিতাৰণৰ ব্যৱস্থা কৰিছে। পশ্চিম টেক্সাছ আৰু নিউ মেক্সিকোত পিতৃ-মাতৃবিহীন প্রৱজিত শিশুৰ দায়িত্বত থকা এষ্ট্রেলা এল পাছো নামৰ আইনী সংস্থাটোৰ কাৰ্যবাহী সঞ্চালক মেলিছা লোপেজে কয় যে অহা সপ্তাহৰ পৰা এই শিশুসকলৰ লগত কি হ'ব বুজিব পৰা নাই। ইফালে চৰকাৰে চুক্তি পুনৰ নৱীকৰণ নকৰা কেইবাটাও সংস্থাই ইতিমধ্যে ২০ শতাংশপর্যন্ত কৰ্মচাৰীও ছাটাই কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ