--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হাতেৰে নহ’লেও পুনৰ বহু লোকক ভাতে মাৰিব ক’ভিডে। ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰনৰ সংক্ৰমণ ধৰা পৰা লগে লগে ই দেশৰ এটা অতি গুৰুত্বপূৰ্ণ খণ্ডক ব্যাপকভাৱে প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছে। ২০২০চনটো ক’ভিড প্ৰতিৰোধী লকডাউন, ভ্ৰমণত বাধা আৰোপ, আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা বন্ধ আদি পদক্ষেপে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছিল দেশৰ পৰ্যটন উদ্যোগক। এইবাৰ অ’মিক্ৰনৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পুনৰ পৰ্যটন উদ্যোগ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা গাঢ় হৈ উঠিছে। শীতকাল আৰম্ভ হোৱাৰ লগে লগে মানুহে অৱসৰ বিনোদনৰ বাবে বিভিন্ন ঠাইলৈ যাবলৈ সাজু হয়। দীঘলীয়া লকডাউন, বিভিন্ন নীতি-নিয়মৰ বাধ্য বাধকতাৰ বাবে এটা বছৰত মানুহ বিৰত থাকিবলগীয়া হৈছিল ভ্ৰমণৰ পৰা।

এইবাৰ লকডাউল শিথিল হোৱাৰ পাছত মানুহে পুনৰ ভ্ৰমণ আদিৰ বাবে সাজু হৈছিল যদিও ভূতৰ ওপৰত দানহ পৰাৰ দৰে এইবাৰ ক’ভিডৰ অ’মিক্ৰন সংক্ৰমণে পুনৰ সৃষ্টি কৰিছে আতংকময় পৰিস্থিতি। শেহতীয়াকৈ বিভিন্ন হ’লীডে ডেষ্টিনেচন ভ্ৰমণ কৰিবলৈ সাজু হোৱা লোকসকলে তেওঁলোকৰ বুকিং বাতিল কৰাৰ হাৰ বৃদ্ধি পোৱা বুলি তথ্য প্ৰকাশ পাইছে। বিভিন্ন টুৰ অপাৰেটৰে এই তথ্য প্ৰকাশ কৰিছে। অমিক্ৰনৰ আশংকাই দেশৰ পৰ্যটন খণ্ডক ক্ষতিগ্ৰস্ত কৰিবলৈ আৰম্ভ কৰাৰ কথা সদৰি কৰিছে এইখণ্ডৰ সৈতে জড়িত লোকসকলে। বিগত মাত্ৰ তিনিটা দিনতে ট্ৰেভেল এজেন্সিসমূহে বুকিঙৰ ২০শতাংশ বাতিল হোৱা বুলি প্ৰকাশ কৰিছে। চেন্নাইৰ মথুৰা ট্ৰেভেল ছাৰ্ভিচেজৰ পৰিচালন সঞ্চালক শ্ৰীহৰন বালানে প্ৰকাশ কৰে যে, দেশৰ বাহিৰলৈ যোৱাৰ বাবে ট্ৰেভেল পেকেজ বুক কৰা লোকসকলৰ ভালেসংখ্যকে এই বুকিং বাতিল কৰিছে।

তেওঁ দিয়া তথ্য অনুসৰি খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ প্ৰাকক্ষণত ডুবাই, ইউৰোপ, আমেৰিকালৈ যাব বিচৰা লোকসকলে অ’মিক্ৰণৰ আশংকাৰ বাবেই তেওঁলোকৰ বুকিং বাতিল কৰিবলৈ আৰম্ভ কৰিছে। ‘যিসকলে এই দেশবোৰ ভ্ৰমণৰ বাবে বুকিং কৰিছিল সেয়া বাতিল কৰিবলৈ আৰম্ভ কৰিছে।’ ইফালে, ১৫ ডিচেম্বৰৰ পৰা চলাচল আৰম্ভ হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাৰ ক্ষেত্ৰতো অনিশ্চয়তা দেখিবলৈ পোৱা গৈছে। তদুপৰি ক’ভিডৰ অ’মিক্ৰন প্ৰকাৰৰ আশংকাৰ বাবেই বিভিন্ন দেশক ৰেড লিষ্টত ৰাখিছে ভাৰতে। এইবোৰ দেশৰ পৰা ভাৰতলৈ আহিব খোজা লোকসকলে বিভিন্ন ক’ভিড বিধি পালন কৰিব লাগিব।

এনে পৰিপ্ৰেক্ষিতত দেশলৈ বহিৰ্দেশীয় পৰ্যটকৰ সংখ্যাও হ্ৰাস পাব। পূৰ্বৰ ক’ভিড লহৰবোৰৰ সময়ত দেশত এনেদৰে ক’ভিড বিধি বলৱৎ কৰাৰ উপৰি পৰৱৰ্তী সময়ত কঠোৰ লকডাউন বলৱৎ কৰা হৈছিল। এই লকডাউনেই দেশৰ বাণিজ্য ক্ষেত্ৰত এক বিৰূপ প্ৰভাৱ পেলাইছিল। ইয়াৰ ভিতৰত মুখ্য আছিল পৰ্যটন উদ্যোগো। এই শেহতীয়াকৈ পুনৰ পূৰ্বৰ পৰিস্থিতি ঘূৰি অহাৰ আশংকা এতিয়া গাঢ় হৈ পৰিছে দেশৰ পৰ্যটন উদ্যোগটোত। এইবাৰ পুনৰ লকডাউন বলৱৎ হ’লে, নাইবা ভ্ৰমণৰ ক্ষেত্ৰত বাধা-নিষেধ আৰোপ হ’ল একাংশ লোক ভাতে মৰাতো নিশ্চিত হৈ পৰিছে।

আৰু পঢ়কঃ অভিনেত্ৰী স্বৰা ভাস্কৰক ৰাজনীতিত প্ৰৱেশৰ প্ৰস্তাৱ মমতা দিদিৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স