--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হাতেৰে নহ’লেও পুনৰ বহু লোকক ভাতে মাৰিব ক’ভিডে। ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰনৰ সংক্ৰমণ ধৰা পৰা লগে লগে ই দেশৰ এটা অতি গুৰুত্বপূৰ্ণ খণ্ডক ব্যাপকভাৱে প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছে। ২০২০চনটো ক’ভিড প্ৰতিৰোধী লকডাউন, ভ্ৰমণত বাধা আৰোপ, আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা বন্ধ আদি পদক্ষেপে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছিল দেশৰ পৰ্যটন উদ্যোগক। এইবাৰ অ’মিক্ৰনৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পুনৰ পৰ্যটন উদ্যোগ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা গাঢ় হৈ উঠিছে। শীতকাল আৰম্ভ হোৱাৰ লগে লগে মানুহে অৱসৰ বিনোদনৰ বাবে বিভিন্ন ঠাইলৈ যাবলৈ সাজু হয়। দীঘলীয়া লকডাউন, বিভিন্ন নীতি-নিয়মৰ বাধ্য বাধকতাৰ বাবে এটা বছৰত মানুহ বিৰত থাকিবলগীয়া হৈছিল ভ্ৰমণৰ পৰা।

এইবাৰ লকডাউল শিথিল হোৱাৰ পাছত মানুহে পুনৰ ভ্ৰমণ আদিৰ বাবে সাজু হৈছিল যদিও ভূতৰ ওপৰত দানহ পৰাৰ দৰে এইবাৰ ক’ভিডৰ অ’মিক্ৰন সংক্ৰমণে পুনৰ সৃষ্টি কৰিছে আতংকময় পৰিস্থিতি। শেহতীয়াকৈ বিভিন্ন হ’লীডে ডেষ্টিনেচন ভ্ৰমণ কৰিবলৈ সাজু হোৱা লোকসকলে তেওঁলোকৰ বুকিং বাতিল কৰাৰ হাৰ বৃদ্ধি পোৱা বুলি তথ্য প্ৰকাশ পাইছে। বিভিন্ন টুৰ অপাৰেটৰে এই তথ্য প্ৰকাশ কৰিছে। অমিক্ৰনৰ আশংকাই দেশৰ পৰ্যটন খণ্ডক ক্ষতিগ্ৰস্ত কৰিবলৈ আৰম্ভ কৰাৰ কথা সদৰি কৰিছে এইখণ্ডৰ সৈতে জড়িত লোকসকলে। বিগত মাত্ৰ তিনিটা দিনতে ট্ৰেভেল এজেন্সিসমূহে বুকিঙৰ ২০শতাংশ বাতিল হোৱা বুলি প্ৰকাশ কৰিছে। চেন্নাইৰ মথুৰা ট্ৰেভেল ছাৰ্ভিচেজৰ পৰিচালন সঞ্চালক শ্ৰীহৰন বালানে প্ৰকাশ কৰে যে, দেশৰ বাহিৰলৈ যোৱাৰ বাবে ট্ৰেভেল পেকেজ বুক কৰা লোকসকলৰ ভালেসংখ্যকে এই বুকিং বাতিল কৰিছে।

তেওঁ দিয়া তথ্য অনুসৰি খ্ৰীষ্টমাছ আৰু নৱবৰ্ষৰ প্ৰাকক্ষণত ডুবাই, ইউৰোপ, আমেৰিকালৈ যাব বিচৰা লোকসকলে অ’মিক্ৰণৰ আশংকাৰ বাবেই তেওঁলোকৰ বুকিং বাতিল কৰিবলৈ আৰম্ভ কৰিছে। ‘যিসকলে এই দেশবোৰ ভ্ৰমণৰ বাবে বুকিং কৰিছিল সেয়া বাতিল কৰিবলৈ আৰম্ভ কৰিছে।’ ইফালে, ১৫ ডিচেম্বৰৰ পৰা চলাচল আৰম্ভ হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাৰ ক্ষেত্ৰতো অনিশ্চয়তা দেখিবলৈ পোৱা গৈছে। তদুপৰি ক’ভিডৰ অ’মিক্ৰন প্ৰকাৰৰ আশংকাৰ বাবেই বিভিন্ন দেশক ৰেড লিষ্টত ৰাখিছে ভাৰতে। এইবোৰ দেশৰ পৰা ভাৰতলৈ আহিব খোজা লোকসকলে বিভিন্ন ক’ভিড বিধি পালন কৰিব লাগিব।

এনে পৰিপ্ৰেক্ষিতত দেশলৈ বহিৰ্দেশীয় পৰ্যটকৰ সংখ্যাও হ্ৰাস পাব। পূৰ্বৰ ক’ভিড লহৰবোৰৰ সময়ত দেশত এনেদৰে ক’ভিড বিধি বলৱৎ কৰাৰ উপৰি পৰৱৰ্তী সময়ত কঠোৰ লকডাউন বলৱৎ কৰা হৈছিল। এই লকডাউনেই দেশৰ বাণিজ্য ক্ষেত্ৰত এক বিৰূপ প্ৰভাৱ পেলাইছিল। ইয়াৰ ভিতৰত মুখ্য আছিল পৰ্যটন উদ্যোগো। এই শেহতীয়াকৈ পুনৰ পূৰ্বৰ পৰিস্থিতি ঘূৰি অহাৰ আশংকা এতিয়া গাঢ় হৈ পৰিছে দেশৰ পৰ্যটন উদ্যোগটোত। এইবাৰ পুনৰ লকডাউন বলৱৎ হ’লে, নাইবা ভ্ৰমণৰ ক্ষেত্ৰত বাধা-নিষেধ আৰোপ হ’ল একাংশ লোক ভাতে মৰাতো নিশ্চিত হৈ পৰিছে।

আৰু পঢ়কঃ অভিনেত্ৰী স্বৰা ভাস্কৰক ৰাজনীতিত প্ৰৱেশৰ প্ৰস্তাৱ মমতা দিদিৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন