--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পটেট' চিপছ খাই প্ৰায় সকলো মানুহেই ভাল পায়, বেয়া পোৱা মানুহ হয়তো খুব কম ওলাব। চিপছ খোৱাৰ পাছত পেকেটটো কোনো কামত নাহে বাবে মানুহে ডাষ্টবিনলৈ দলিয়ায়। কিছুমান অবিবেচকী মানুহে চিপছ খাই পেকেট ৰাস্তালৈ দলিয়াই দিয়াও দেখা যায়। যদি আপুনি চিপছ খোৱাৰ পিছত ইয়াৰ পেকেটটো পেলাই দিয়ে তেন্তে এটা ভিডিঅ' চোৱাৰ পাছত হয়তো আপুনি এনে কৰা বন্ধ কৰিব। সেই ভিডিঅ'টো চাই হয়তো আপুনিও কোনো কামত নহা বুলি ভবা চিপছৰ খালী পেকেটটো সাঁচি ৰাখি কোনো কামত লগাব। এগৰাকী মহিলাই এক অতি সৃষ্টিশীল কাম কৰিছে, যি কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ডাষ্টবিনত চিপছৰ খালী পেকেটবোৰ দলিয়াই দিয়াৰ পৰিৱৰ্তে মহিলাগৰাকীয়ে সেইবোৰ একেলগে যোৰ কৰিছিল আৰু এখন উজ্জ্বল শাৰী বনাই পিন্ধিছিল। আলুৰ চিপছৰ পেকেটেৰে নিৰ্মিত শাৰী পিন্ধি ইনষ্টাগ্ৰামৰ পৃথিৱীত যেতিয়া মহিলাগৰাকী প্ৰৱেশ কৰিছিল তেতিয়াই ধুমুহা গতিত বিষয়টো ভাইৰেল হৈ পৰে। মানুহে ইয়াৰ ওপৰত মিশ্ৰিত প্ৰতিক্ৰিয়া দি আছে। কিছুমানে ইয়াক ধেমেলীয়া অনুভৱ বুলি গণ্য কৰিছে, কিছুমানে অযথা কৰ্ম বুলি উপহাস কৰিছে আৰু কিছুমানে মহিলাগৰাকীৰ সৃষ্টিশীল মনৰ প্ৰশংসা কৰিছে। এই চুটি ক্লিপটোৰ আৰম্ভণিতে মহিলাগৰাকীয়ে হাতত আলুৰ চিপছৰ পেকেট এটা ধৰি থকা দেখা গৈছে। তাৰ পাছতে আলুৰ চিপছৰ বহুতো নীলা ৰঙৰ পেকেটেৰে নিৰ্মিত শাৰী পিন্ধি তেওঁ ওলাই আহে। মহিলাগৰাকীৰ সৃজনশীলতা দেখি মানুহ স্তম্ভিত হৈ পৰিছে। চিপছৰ খালী পেকেটৰ পৰা শাৰী বনোৱাৰ এই আশ্চৰ্যজনক ভিডিঅ'টো ইনষ্টাগ্ৰাম হেণ্ডেল BeBadass.inৰ পৰা শ্বেয়াৰ কৰা হৈছিল। ভিডিঅ'টোত শিৰোনাম দিছিল, "নীলা লেজ আৰু শাৰীৰ প্ৰতি প্ৰেম।" এতিয়ালৈকে ভিডিঅ'টোৱে ৫ হাজাৰ ৮০০ৰো অধিক লাইক আৰু ১ লাখ ৫০ৰো অধিক ভিউজ লাভ কৰিছে। নেটিজেনসকলে ইয়াৰ ওপৰত ভিন ভিন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। এজন ব্যক্তিয়ে ধেমেলীয়া সুৰত লিখিছিল-''শাৰী যদি হয় এনেকুৱাই হওক, নহ'লে হ'বই নালাগে!'' আৰু পঢ়কঃ আজি প্ৰ’পজ দে; খুলি কওঁক মনৰ কথা, জানেনে প্ৰ’পজ দে কিয় পালন কৰা হয়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র