--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পটেট' চিপছ খাই প্ৰায় সকলো মানুহেই ভাল পায়, বেয়া পোৱা মানুহ হয়তো খুব কম ওলাব। চিপছ খোৱাৰ পাছত পেকেটটো কোনো কামত নাহে বাবে মানুহে ডাষ্টবিনলৈ দলিয়ায়। কিছুমান অবিবেচকী মানুহে চিপছ খাই পেকেট ৰাস্তালৈ দলিয়াই দিয়াও দেখা যায়। যদি আপুনি চিপছ খোৱাৰ পিছত ইয়াৰ পেকেটটো পেলাই দিয়ে তেন্তে এটা ভিডিঅ' চোৱাৰ পাছত হয়তো আপুনি এনে কৰা বন্ধ কৰিব। সেই ভিডিঅ'টো চাই হয়তো আপুনিও কোনো কামত নহা বুলি ভবা চিপছৰ খালী পেকেটটো সাঁচি ৰাখি কোনো কামত লগাব। এগৰাকী মহিলাই এক অতি সৃষ্টিশীল কাম কৰিছে, যি কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ডাষ্টবিনত চিপছৰ খালী পেকেটবোৰ দলিয়াই দিয়াৰ পৰিৱৰ্তে মহিলাগৰাকীয়ে সেইবোৰ একেলগে যোৰ কৰিছিল আৰু এখন উজ্জ্বল শাৰী বনাই পিন্ধিছিল। আলুৰ চিপছৰ পেকেটেৰে নিৰ্মিত শাৰী পিন্ধি ইনষ্টাগ্ৰামৰ পৃথিৱীত যেতিয়া মহিলাগৰাকী প্ৰৱেশ কৰিছিল তেতিয়াই ধুমুহা গতিত বিষয়টো ভাইৰেল হৈ পৰে। মানুহে ইয়াৰ ওপৰত মিশ্ৰিত প্ৰতিক্ৰিয়া দি আছে। কিছুমানে ইয়াক ধেমেলীয়া অনুভৱ বুলি গণ্য কৰিছে, কিছুমানে অযথা কৰ্ম বুলি উপহাস কৰিছে আৰু কিছুমানে মহিলাগৰাকীৰ সৃষ্টিশীল মনৰ প্ৰশংসা কৰিছে। এই চুটি ক্লিপটোৰ আৰম্ভণিতে মহিলাগৰাকীয়ে হাতত আলুৰ চিপছৰ পেকেট এটা ধৰি থকা দেখা গৈছে। তাৰ পাছতে আলুৰ চিপছৰ বহুতো নীলা ৰঙৰ পেকেটেৰে নিৰ্মিত শাৰী পিন্ধি তেওঁ ওলাই আহে। মহিলাগৰাকীৰ সৃজনশীলতা দেখি মানুহ স্তম্ভিত হৈ পৰিছে। চিপছৰ খালী পেকেটৰ পৰা শাৰী বনোৱাৰ এই আশ্চৰ্যজনক ভিডিঅ'টো ইনষ্টাগ্ৰাম হেণ্ডেল BeBadass.inৰ পৰা শ্বেয়াৰ কৰা হৈছিল। ভিডিঅ'টোত শিৰোনাম দিছিল, "নীলা লেজ আৰু শাৰীৰ প্ৰতি প্ৰেম।" এতিয়ালৈকে ভিডিঅ'টোৱে ৫ হাজাৰ ৮০০ৰো অধিক লাইক আৰু ১ লাখ ৫০ৰো অধিক ভিউজ লাভ কৰিছে। নেটিজেনসকলে ইয়াৰ ওপৰত ভিন ভিন প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। এজন ব্যক্তিয়ে ধেমেলীয়া সুৰত লিখিছিল-''শাৰী যদি হয় এনেকুৱাই হওক, নহ'লে হ'বই নালাগে!'' আৰু পঢ়কঃ আজি প্ৰ’পজ দে; খুলি কওঁক মনৰ কথা, জানেনে প্ৰ’পজ দে কিয় পালন কৰা হয়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক