--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ এনে এক ৰোগ যিয়ে আজি সমগ্ৰ বিশ্বতে লাখ লাখ লোকক ইয়াৰ বলি কৰি তুলিছে। এই ৰোগত শৰীৰে ইনচুলিন সঠিকভাৱে উৎপাদন কৰিব নোৱাৰে, যাৰ বাবে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়। ডায়েবেটিছ ৰোগীয়ে নিজৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী সলনি কৰিব লাগিব।

পাকঘৰত থকা চফ, অজৱাইন আৰু জিৰা ডায়েবেটিছ ৰোগীৰ বাবে আশীৰ্বাদ হ’ব পাৰে। নিয়মিতভাৱে এই মছলাবোৰ সেৱন কৰিলে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে। চফত থকা এণ্টিঅক্সিডেণ্ট আৰু আঁহে চেনিৰ শোষণ লেহেমীয়া কৰে। একে সময়তে অজৱাইনত থকা আঁহ আৰু এণ্টিঅক্সিডেণ্টেও তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আনহাতে জিৰাত থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে মধুমেহ ৰোগীৰ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত চফ, অজৱাইন আৰু জিৰা নিয়মীয়াকৈ সেৱন কৰিলে সহায় হব পাৰে। অধ্যয়নটোত দেখা গৈছে যে এই মছলাবোৰ সেৱনে টাইপ-২ ডায়েবেটিছ ৰোগীৰ ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে, যিয়ে তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

গৱেষকসকলে কয় যে মধুমেহ ৰোগীৰ বাবে চফ, অজৱাইন আৰু জিৰা স্বাভাৱিক চিকিৎসা হ’ব পাৰে। গৱেষকসকলে কয় যে এই মছলাবোৰ সেৱনে ডায়েবেটিছ ৰোগীক ঔষধৰ পৰিমাণ হ্ৰাস কৰাত বা ঔষধৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পোৱাত সহায় কৰিব পাৰে।

চফ, অজৱাইন আৰু জিৰা বহু ধৰণে সেৱন কৰিব পাৰি। এই মছলাবোৰ খাদ্যত মিহলাই, চাহ বনাই বা পানীৰ লগত মিহলাই খাব পাৰি। ইয়াৰ বাহিৰেও সমান পৰিমাণৰ চফ, অজৱাইন আৰু জিৰা পিহি গুড়ি তৈয়াৰ কৰিব পাৰি। এই তিনিটা মিক্সাৰ গ্ৰাইণ্ডাৰত মিহিকৈ পিহি লওক। ইয়াৰ পিছত এচামুচ গুড়ি কুহুমীয়া পানীত মিহলাই খাদ্য খোৱাৰ পিছত সেৱন কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান