--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ এনে এক ৰোগ যিয়ে আজি সমগ্ৰ বিশ্বতে লাখ লাখ লোকক ইয়াৰ বলি কৰি তুলিছে। এই ৰোগত শৰীৰে ইনচুলিন সঠিকভাৱে উৎপাদন কৰিব নোৱাৰে, যাৰ বাবে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়। ডায়েবেটিছ ৰোগীয়ে নিজৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী সলনি কৰিব লাগিব।

পাকঘৰত থকা চফ, অজৱাইন আৰু জিৰা ডায়েবেটিছ ৰোগীৰ বাবে আশীৰ্বাদ হ’ব পাৰে। নিয়মিতভাৱে এই মছলাবোৰ সেৱন কৰিলে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে। চফত থকা এণ্টিঅক্সিডেণ্ট আৰু আঁহে চেনিৰ শোষণ লেহেমীয়া কৰে। একে সময়তে অজৱাইনত থকা আঁহ আৰু এণ্টিঅক্সিডেণ্টেও তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আনহাতে জিৰাত থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে মধুমেহ ৰোগীৰ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত চফ, অজৱাইন আৰু জিৰা নিয়মীয়াকৈ সেৱন কৰিলে সহায় হব পাৰে। অধ্যয়নটোত দেখা গৈছে যে এই মছলাবোৰ সেৱনে টাইপ-২ ডায়েবেটিছ ৰোগীৰ ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে, যিয়ে তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।

গৱেষকসকলে কয় যে মধুমেহ ৰোগীৰ বাবে চফ, অজৱাইন আৰু জিৰা স্বাভাৱিক চিকিৎসা হ’ব পাৰে। গৱেষকসকলে কয় যে এই মছলাবোৰ সেৱনে ডায়েবেটিছ ৰোগীক ঔষধৰ পৰিমাণ হ্ৰাস কৰাত বা ঔষধৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পোৱাত সহায় কৰিব পাৰে।

চফ, অজৱাইন আৰু জিৰা বহু ধৰণে সেৱন কৰিব পাৰি। এই মছলাবোৰ খাদ্যত মিহলাই, চাহ বনাই বা পানীৰ লগত মিহলাই খাব পাৰি। ইয়াৰ বাহিৰেও সমান পৰিমাণৰ চফ, অজৱাইন আৰু জিৰা পিহি গুড়ি তৈয়াৰ কৰিব পাৰি। এই তিনিটা মিক্সাৰ গ্ৰাইণ্ডাৰত মিহিকৈ পিহি লওক। ইয়াৰ পিছত এচামুচ গুড়ি কুহুমীয়া পানীত মিহলাই খাদ্য খোৱাৰ পিছত সেৱন কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক