--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানত প্ৰায়েই আশ্চৰ্যজনক ঘটনা ঘটি থাকে। দেওবাৰে এজন মুখ্যমন্ত্ৰীক অপহৰণ কৰা বুলি অভিযোগ উত্থাপন হয়, যাৰ বাবে ৰাজধানী ইছলামবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্রাক্তন প্রধানমন্ত্রী ইমৰাণ খানৰ দল পিটিআইয়ে চৰকাৰক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰি ভাবুকি দিছে যে যদি তেওঁক ২৪ ঘণ্টাৰ ভিতৰত বিচাৰি নাপায় তেন্তে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহন কৰিব৷

पाकिस्तान: खैबर-पख्तूनख्वा के मुख्यमंत्री लापता; समर्थकों ने केंद्र को दोषी  ठहराया


এক প্ৰতিবেদন অনুসৰি পিটিআই নেতা আছাদ কাইছাৰে কয় যে ‘ইছলামবাগৰ কেপি হাউছৰ পৰা খাইবাৰ পাখতুনখোৱাৰ মুখ্যমন্ত্ৰী আলী আমিন গণ্ডাপুৰক অপহৰণ কৰা হৈছে। চৰকাৰে তেওঁলোকৰ বিষয়ে কোনো তথ্য দিয়া নাই। তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা নাই। ফোনটো চুইচ অফ হৈ আছে। তেওঁৰ বিষয়ে কোনেও একো নাজানে।’ আছাদ কৌছাৰে সকীয়াই দিয়ে যে ‘যদিহে তেওঁক ২৪ ঘন্টাৰ ভিতৰত উভতাই নিদিয়ে তেন্তে তেওঁৰ দলে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব।’

पाकिस्तान में खैबर-पख्तूनख्वा के CM अली अमीन का अपहरण ! PAK सेना के खिलाफ  दिया था भड़काऊ भाषण - missing kpk cm gandapur back in peshawar-mobile

আচলতে শনিবাৰে ইছলামবাদত উপস্থিত হয় বৃহৎ সংখ্যক প্ৰতিবাদকাৰী। ইমৰাণ খানক মুক্তিৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰিব বিচাৰিছিল প্ৰতিবাদকাৰীসকলে । এই বিক্ষোভত মুখ্যমন্ত্ৰীও জড়িত আছিল। ইয়াৰ পাছতে মুখ্যমন্ত্রীগৰাকীয়ে ইছলামবাগত দলৰ কর্মীসকলক এৰি কে পি হাউচলৈ যায়, য’ৰ পৰা তেওঁ নিৰুদ্দেশ হয়৷ প্ৰথমে সংবাদ মাধ্যমত প্ৰচাৰ হয় যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰৰ সৈতে জড়িত সূত্ৰই এই গ্ৰেপ্তাৰ অস্বীকাৰ কৰে। গৃহমন্ত্ৰী মহছিন নাকৱীয়ে কয় যে ‘তেওঁ আৰক্ষীৰ জিম্মাত নাই আৰু আন কোনো প্ৰতিষ্ঠানৰ জিম্মাত নাই। সম্ভৱ যে তেওঁ হয়তো ঘৰৰ পৰা পলাই গৈছে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক