--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানত প্ৰায়েই আশ্চৰ্যজনক ঘটনা ঘটি থাকে। দেওবাৰে এজন মুখ্যমন্ত্ৰীক অপহৰণ কৰা বুলি অভিযোগ উত্থাপন হয়, যাৰ বাবে ৰাজধানী ইছলামবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্রাক্তন প্রধানমন্ত্রী ইমৰাণ খানৰ দল পিটিআইয়ে চৰকাৰক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰি ভাবুকি দিছে যে যদি তেওঁক ২৪ ঘণ্টাৰ ভিতৰত বিচাৰি নাপায় তেন্তে তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহন কৰিব৷

पाकिस्तान: खैबर-पख्तूनख्वा के मुख्यमंत्री लापता; समर्थकों ने केंद्र को दोषी  ठहराया


এক প্ৰতিবেদন অনুসৰি পিটিআই নেতা আছাদ কাইছাৰে কয় যে ‘ইছলামবাগৰ কেপি হাউছৰ পৰা খাইবাৰ পাখতুনখোৱাৰ মুখ্যমন্ত্ৰী আলী আমিন গণ্ডাপুৰক অপহৰণ কৰা হৈছে। চৰকাৰে তেওঁলোকৰ বিষয়ে কোনো তথ্য দিয়া নাই। তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা নাই। ফোনটো চুইচ অফ হৈ আছে। তেওঁৰ বিষয়ে কোনেও একো নাজানে।’ আছাদ কৌছাৰে সকীয়াই দিয়ে যে ‘যদিহে তেওঁক ২৪ ঘন্টাৰ ভিতৰত উভতাই নিদিয়ে তেন্তে তেওঁৰ দলে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব।’

पाकिस्तान में खैबर-पख्तूनख्वा के CM अली अमीन का अपहरण ! PAK सेना के खिलाफ  दिया था भड़काऊ भाषण - missing kpk cm gandapur back in peshawar-mobile

আচলতে শনিবাৰে ইছলামবাদত উপস্থিত হয় বৃহৎ সংখ্যক প্ৰতিবাদকাৰী। ইমৰাণ খানক মুক্তিৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰিব বিচাৰিছিল প্ৰতিবাদকাৰীসকলে । এই বিক্ষোভত মুখ্যমন্ত্ৰীও জড়িত আছিল। ইয়াৰ পাছতে মুখ্যমন্ত্রীগৰাকীয়ে ইছলামবাগত দলৰ কর্মীসকলক এৰি কে পি হাউচলৈ যায়, য’ৰ পৰা তেওঁ নিৰুদ্দেশ হয়৷ প্ৰথমে সংবাদ মাধ্যমত প্ৰচাৰ হয় যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰৰ সৈতে জড়িত সূত্ৰই এই গ্ৰেপ্তাৰ অস্বীকাৰ কৰে। গৃহমন্ত্ৰী মহছিন নাকৱীয়ে কয় যে ‘তেওঁ আৰক্ষীৰ জিম্মাত নাই আৰু আন কোনো প্ৰতিষ্ঠানৰ জিম্মাত নাই। সম্ভৱ যে তেওঁ হয়তো ঘৰৰ পৰা পলাই গৈছে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু