--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ম্যানমাৰত অব্যাহত আছে চৰম অৰাজকতা। দেশখনত জুণ্টাবাহিনী আৰু বিদ্ৰোহীৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। যাৰ ফলত চুবুৰীয়া ৰাষ্ট্র ভাৰতত প্ৰৱেশ কৰিছে জুণ্টাৰ সৈনিকৰ লগতে হাজাৰ হাজাৰ শৰণাৰ্থীয়ে। 

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে বন্ধ কৰিছিল ভাৰতৰ ৪ ৰাজ্য নাগালেণ্ড, মণিপুৰ, অৰুণাচল আৰু মিজোৰামেৰে সংলগ্ন ১৬০০ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত–ম্যানমাৰ মুক্ত বিচৰণৰ প্ৰক্ৰিয়া। এক কথাত ১৯৭০ চনত দুই দেশৰ মাজত সীমান্তত মুক্ত বিচৰণক লৈ হোৱা চুক্তি ভংগ কৰাৰ কথা ৮ ফেব্ৰুৱাৰীত ঘোষণা কৰিছিল চৰকাৰে। যাৰ পাছতেই এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ সপক্ষে আৰু বিপক্ষে স্থিতি লৈছে এই ৪ৰাজ্যই।  

নগালেণ্ড, মণিপুৰ, অৰুণাচল আৰু মিজোৰামৰ বিভিন্ন উপত্যকা অঞ্চলত বসবাস কৰা লোকসকলে ভাৰত চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে যদিও ৰাজ্যকেইখনৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলে তীব্ৰ বিৰোধিতা কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে মিজোৰাম আৰু নগালেণ্ডৰ মুখ্যমন্ত্ৰীদ্বয়ে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে মণিপুৰৰ মেইটেই সংগঠনসমূহে। কেন্দ্ৰীয় চৰকাৰৰ এন সিদ্ধান্তই ম্যানমাৰৰ পৰা ভাৰতবিৰোধী শক্তিৰ দেশত প্ৰৱেশৰ ক্ষেত্ৰত বাধাপ্ৰাপ্ত হোৱাৰ লগতে দেশৰ সীমান্ত সুৰক্ষিত হ’ব বুলি অভিহিত কৰিছে মেইটেই সংগঠনসমূহে। 

তাৰ বিপৰীতে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই বিৰোধিতা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পাছতো ২ দেশৰ সীমান্তেৰে সাধাৰণ লোকৰ আহ–যাহ বন্ধ কৰাটো সম্ভৱ নহয় বুলি মন্তব্য কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে ভাৰত চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰা নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ মতে ভাৰত–ম্যানমাৰ সীমান্তৰ দুয়োফালে বসবাস কৰি আহিছে নাগা লোকসকলে। তেনেস্থলত, কেন্দ্ৰৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এক সৰ্বসন্মত ফৰ্মূলা উদ্ভাৱনৰ প্ৰসংগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

এইক্ষেত্ৰত নগা ষ্টুডেণ্ট ফেডাৰেচনেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে– নগা লোকসকলৰ আছে স্বাধীনচিতীয়াভাৱে থকাৰ অধিকাৰ। মিজোৰামত শেহতীয়াভাৱে ম্যানমাৰৰ পৰা প্ৰৱেশ কৰিছিল প্ৰায় ৪০ হাজাৰ শৰণাৰ্থী। যাৰ বাবে, শেহতীয়াকৈ ভাৰত–ম্যানমাৰ সীমান্তত কাঁইটীয়া তাঁৰ লগোৱাৰ ব্যৱস্থাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। যাৰ পাছতেই বাতিল কৰা হৈছিল দুই ৰাষ্ট্রৰ সীমান্তত নাগৰিকৰ মুক্ত বিচৰণৰ চুক্তি। কিন্তু, ৪ ৰাজ্যৰ বিৰোধিতাৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হৈ পৰিছে লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ