--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ সাধাৰণ নিৰ্বাচন কৃত্ৰিম বুদ্ধিমত্তাৰ (AI)ৰ শেহতীয়া বিপ্লৱৰ সাক্ষী। দুৰ্নীতি আৰু ৰাজ্যিক গোপন তথ্য ফাদিলৰ গোচৰত কাৰাগাৰত বন্দী হোৱা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক ইমৰানে নিৰ্বাচনী প্ৰচাৰত অত্যাধুনিক প্ৰযুক্তিৰ সহায় লৈছে।

ইমৰাণৰ ‘ভিডিঅ’ ভাষণ’ পিটিআইৰ বিভিন্ন ৰাজহুৱা সভাত প্ৰচাৰ হৈ আছে। কিন্তু জেলৰ পৰা ৰেকৰ্ড কৰা ভাষণ নহয়, ইমৰাণৰ ভাবমূৰ্তি আৰু কণ্ঠ অনুকৰণ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এই প্ৰচাৰ ভিডিঅ’ তৈয়াৰ কৰা হৈছে।

 পাক সংসদ "ৰাষ্ট্ৰীয় বিধানসভা"ৰ নিম্ন সদনৰ নিৰ্বাচন অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। ইমৰাণ জেলত থাকিলেও তেওঁৰ দল পিটিআইয়ে নিৰ্বাচনত অংশ লৈছে।

নিৰ্বাচন পৰিচালনা কৰা শীৰ্ষ সংস্থা পাকিস্তানৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰতীক ‘বেট’ বজাই ৰাখিবলৈ সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পিটিআইক নিৰ্দেশ দিয়ে। ইয়াৰ পিছত চলিত মাহৰ আৰম্ভণিতে ইমৰাণৰ ঘনিষ্ঠ নেতা গোহৰ আলী খান পিটিআইৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। ইয়াৰ উপৰিও পিটিআইৰ সাংগঠনিক সভাত ওমৰ আয়ুব খান মহাসচিব হিচাপে নিৰ্বাচিত হয়।

১৯৯৬ চনত পিটিআই গঠনৰ পিছত এইবাৰ ইমৰাণৰ সলনি আন কোনোবা এজনক দলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। পেছাত অধিবক্তা গোহৰ ইমৰাণ আৰু পিটিআইৰ বিৰুদ্ধে ৰুজু কৰা বিভিন্ন গোচৰৰ সৈতে জড়িত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই