--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ সাধাৰণ নিৰ্বাচন কৃত্ৰিম বুদ্ধিমত্তাৰ (AI)ৰ শেহতীয়া বিপ্লৱৰ সাক্ষী। দুৰ্নীতি আৰু ৰাজ্যিক গোপন তথ্য ফাদিলৰ গোচৰত কাৰাগাৰত বন্দী হোৱা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক ইমৰানে নিৰ্বাচনী প্ৰচাৰত অত্যাধুনিক প্ৰযুক্তিৰ সহায় লৈছে।

ইমৰাণৰ ‘ভিডিঅ’ ভাষণ’ পিটিআইৰ বিভিন্ন ৰাজহুৱা সভাত প্ৰচাৰ হৈ আছে। কিন্তু জেলৰ পৰা ৰেকৰ্ড কৰা ভাষণ নহয়, ইমৰাণৰ ভাবমূৰ্তি আৰু কণ্ঠ অনুকৰণ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এই প্ৰচাৰ ভিডিঅ’ তৈয়াৰ কৰা হৈছে।

 পাক সংসদ "ৰাষ্ট্ৰীয় বিধানসভা"ৰ নিম্ন সদনৰ নিৰ্বাচন অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। ইমৰাণ জেলত থাকিলেও তেওঁৰ দল পিটিআইয়ে নিৰ্বাচনত অংশ লৈছে।

নিৰ্বাচন পৰিচালনা কৰা শীৰ্ষ সংস্থা পাকিস্তানৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰতীক ‘বেট’ বজাই ৰাখিবলৈ সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পিটিআইক নিৰ্দেশ দিয়ে। ইয়াৰ পিছত চলিত মাহৰ আৰম্ভণিতে ইমৰাণৰ ঘনিষ্ঠ নেতা গোহৰ আলী খান পিটিআইৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। ইয়াৰ উপৰিও পিটিআইৰ সাংগঠনিক সভাত ওমৰ আয়ুব খান মহাসচিব হিচাপে নিৰ্বাচিত হয়।

১৯৯৬ চনত পিটিআই গঠনৰ পিছত এইবাৰ ইমৰাণৰ সলনি আন কোনোবা এজনক দলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। পেছাত অধিবক্তা গোহৰ ইমৰাণ আৰু পিটিআইৰ বিৰুদ্ধে ৰুজু কৰা বিভিন্ন গোচৰৰ সৈতে জড়িত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ