--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ মিঃ পাৰফেক্টছনিষ্ট হিচাপে পৰিচিত ছুপাৰষ্টাৰ আমিৰ খান যেন পাৰফেক্ট নহয় তেওঁৰ ব্যক্তিগত জীৱনক লৈ।বৈবাহিক জীৱনৰ বাবে প্ৰায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে আমিৰ খান। প্ৰথমা পত্নী ৰীণা দত্তৰ সৈতে বিবাহ বিচ্ছেদ ঘটাই তেওঁ দ্বিতীয় বাৰৰ বাবে কিৰণ ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দ্বিতীয়খন সংসাৰেও আমুৱালে অভিনেতাজনক। সেয়েহে সকলোকে হতভম্ব কৰি হঠাৎ মিঃ খানে ঘোষণা কৰিলে যে কিৰণ ৰাওৰ সৈতে আৰু তেওঁ থাকিব নিবিচাৰে। এই বৈবাহিক যাত্ৰাৰ অন্ত পেলোৱা হ'ব।প্ৰথমা পত্নী ৰীণা দত্তৰ সৈতে আমিৰ খানৰ সাংসাৰিক যাত্ৰা চলিছিল ১৯৮৬ চনৰ পৰা ২০০২ চনলৈকে। ৰীণা আৰু আমিৰৰ সংসাৰ শুৱনি কৰিলেহি সন্তান ইৰা খান আৰু জুনেইদ খানে।

ইয়াৰ পাছত কিৰণ ৰাওৰ প্ৰেমত পৰাৰ পাছত ৰীণাক বিবাহ বিচ্ছেদ দি ২০০৫ চনত কিৰণক পত্নী বৰণ কৰে আমিৰে। কিন্তু দ্বিতীয় পত্নীয়েও মন জুৰাব নোৱাৰিলে মিঃ পাৰফেক্টছনিষ্টৰ। সেয়েহে কিৰণৰ সৈতেও বিচ্ছেদ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি ২০২১ চনৰ জুলাইত দুয়ো পৃথক হয়। কিৰণ আৰু আমিৰৰ সন্তান হ'ল আজাদ খান। সম্প্ৰতি বলীউড আৰু ছ'চিয়েল মিডিয়াত চৰ্চা চলিছে যে তৃতীয়বাৰৰ বাবে বিয়া পাতিবলৈ গৈ আছে আমিৰ খান। আমিৰ খানৰ আহিবলগীয়া ছবি 'লাল সিং চাড্ডা'ৰ মুক্তিৰ পিছত তেওঁ তৃতীয় বিবাহৰ কথা ঘোষণা কৰিব বুলিও চলিছে চৰ্চা। এই ছবিখন মুক্তি পাব অহা বছৰৰ এপ্ৰিলত।

ফাতিমা আৰু আমিৰ

এগৰাকী অভিনেত্ৰীক তৃতীয় কইনা হিচাপে আমিৰে জীৱনলৈ আদৰিব বুলি ওলাইছে গুজৱ। আমিৰে তৃতীয় কইনা কোন হ'ব তাক লৈ মুখ খোলা নাই। সকলোৱে সন্দেহ প্ৰকাশ কৰিছে যে 'ডংগল' ছবিত অভিনয় কৰা ফাতিমা ছানা শ্বেখ হ'ব আমিৰৰ তৃতীয়গৰাকী জীৱন বাটৰ লগৰী। ২৯ বছৰীয়া ফাতিমাই ৫৬ বছৰীয়া আমিৰৰ হৃদয় চুৰি কৰা বুলি বলীউডৰ ভিতৰে-বাহিৰে যথেষ্ট চৰ্চা চলিছিল। আমিৰ-কিৰণৰ সংসাৰৰ ফাঁট মেলাৰ মুখ্য কাৰণ ফাতিমা ছানা শ্বেখ বুলিও বাতৰি প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়তহে গম পোৱা যাব আমিৰ খানৰ তৃতীয় পত্নী ফাতিমা হ'ব নে অন্য কোনোবা হ'ব।

আৰু পঢ়কঃ ভূতৰ সৈতে খেলিছে কুকুৰে! বিশ্বজুৰি চাঞ্চল্য সৃষ্টি এটা ভিডিঅ’ৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ