--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ মিঃ পাৰফেক্টছনিষ্ট হিচাপে পৰিচিত ছুপাৰষ্টাৰ আমিৰ খান যেন পাৰফেক্ট নহয় তেওঁৰ ব্যক্তিগত জীৱনক লৈ।বৈবাহিক জীৱনৰ বাবে প্ৰায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে আমিৰ খান। প্ৰথমা পত্নী ৰীণা দত্তৰ সৈতে বিবাহ বিচ্ছেদ ঘটাই তেওঁ দ্বিতীয় বাৰৰ বাবে কিৰণ ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দ্বিতীয়খন সংসাৰেও আমুৱালে অভিনেতাজনক। সেয়েহে সকলোকে হতভম্ব কৰি হঠাৎ মিঃ খানে ঘোষণা কৰিলে যে কিৰণ ৰাওৰ সৈতে আৰু তেওঁ থাকিব নিবিচাৰে। এই বৈবাহিক যাত্ৰাৰ অন্ত পেলোৱা হ'ব।প্ৰথমা পত্নী ৰীণা দত্তৰ সৈতে আমিৰ খানৰ সাংসাৰিক যাত্ৰা চলিছিল ১৯৮৬ চনৰ পৰা ২০০২ চনলৈকে। ৰীণা আৰু আমিৰৰ সংসাৰ শুৱনি কৰিলেহি সন্তান ইৰা খান আৰু জুনেইদ খানে।

ইয়াৰ পাছত কিৰণ ৰাওৰ প্ৰেমত পৰাৰ পাছত ৰীণাক বিবাহ বিচ্ছেদ দি ২০০৫ চনত কিৰণক পত্নী বৰণ কৰে আমিৰে। কিন্তু দ্বিতীয় পত্নীয়েও মন জুৰাব নোৱাৰিলে মিঃ পাৰফেক্টছনিষ্টৰ। সেয়েহে কিৰণৰ সৈতেও বিচ্ছেদ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি ২০২১ চনৰ জুলাইত দুয়ো পৃথক হয়। কিৰণ আৰু আমিৰৰ সন্তান হ'ল আজাদ খান। সম্প্ৰতি বলীউড আৰু ছ'চিয়েল মিডিয়াত চৰ্চা চলিছে যে তৃতীয়বাৰৰ বাবে বিয়া পাতিবলৈ গৈ আছে আমিৰ খান। আমিৰ খানৰ আহিবলগীয়া ছবি 'লাল সিং চাড্ডা'ৰ মুক্তিৰ পিছত তেওঁ তৃতীয় বিবাহৰ কথা ঘোষণা কৰিব বুলিও চলিছে চৰ্চা। এই ছবিখন মুক্তি পাব অহা বছৰৰ এপ্ৰিলত।

ফাতিমা আৰু আমিৰ

এগৰাকী অভিনেত্ৰীক তৃতীয় কইনা হিচাপে আমিৰে জীৱনলৈ আদৰিব বুলি ওলাইছে গুজৱ। আমিৰে তৃতীয় কইনা কোন হ'ব তাক লৈ মুখ খোলা নাই। সকলোৱে সন্দেহ প্ৰকাশ কৰিছে যে 'ডংগল' ছবিত অভিনয় কৰা ফাতিমা ছানা শ্বেখ হ'ব আমিৰৰ তৃতীয়গৰাকী জীৱন বাটৰ লগৰী। ২৯ বছৰীয়া ফাতিমাই ৫৬ বছৰীয়া আমিৰৰ হৃদয় চুৰি কৰা বুলি বলীউডৰ ভিতৰে-বাহিৰে যথেষ্ট চৰ্চা চলিছিল। আমিৰ-কিৰণৰ সংসাৰৰ ফাঁট মেলাৰ মুখ্য কাৰণ ফাতিমা ছানা শ্বেখ বুলিও বাতৰি প্ৰকাশ পাইছিল। পৰৱৰ্তী সময়তহে গম পোৱা যাব আমিৰ খানৰ তৃতীয় পত্নী ফাতিমা হ'ব নে অন্য কোনোবা হ'ব।

আৰু পঢ়কঃ ভূতৰ সৈতে খেলিছে কুকুৰে! বিশ্বজুৰি চাঞ্চল্য সৃষ্টি এটা ভিডিঅ’ৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু