--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাৰাগাৰৰ পৰা শান্তিৰ নোবেললৈ এটা ৰক্তবৰ্ণ যাত্ৰা তেওঁৰ৷ সংঘাত, সংগ্ৰাম আৰু এটা বিপ্লৱৰ গুৰিধৰোঁতা নাৰ্গেছ মোহম্মদীৰ প্ৰতি এয়া বিৰলৰো বিৰল স্বীকৃতি৷ ইৰাণৰ মহিলাৰ মানৱীয় অধিকাৰৰ বাবে যুঁজ দি কাৰাবন্দী হৈ থকা নাৰ্গেছ আজি বিশ্ববন্দিত৷ 

ইৰাণৰ দৰে এখন ইছলামপ্ৰধান দেশত এগৰাকী নাৰীয়ে প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে অহৰহ যুঁজ দি অহাটো সহজ কথা নহয়৷ য’ত নাৰীক গণ্য কৰা হয় পণ্য হিচাপে, তেনে এটা ব্যৱস্থাত এগৰাকী নাৰী হৈ নাৰী উৎপীড়নৰ বিৰুদ্ধে আৱাজ তোলা মানৱ অধিকাৰ কৰ্মী নাৰ্গেছ মোহম্মদীৰ জীৱনৰ বুৰঞ্জী মসৃণ নহয়৷ 

খলা-বমা বাট পাৰ হৈ তেজৰ আখৰেৰে নাৰীমুক্তিৰ নতুন ইতিহাস লিখিব খোজা নাৰ্গেছক এতিয়ালৈ ১৩বাৰ গ্ৰেপ্তাৰ কৰা হৈছে, দোষী সাব্যস্ত কৰা হৈছে পাঁচবাৰ৷ মুঠ ৩১ বছৰ কাৰাবাস আৰু ১৫৪টা বেত্রাঘাতৰ শাস্তিৰো সন্মুখীন হৈছে নাৰ্গেছ৷ 

ইৰাণৰ মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে তেহৰাণৰ এভিন কাৰাগাৰত একাধিকবাৰ কাৰাৰুদ্ধ হৈছে৷ ছুইডিছ একাডেমীৰ মতে, শান্তিৰ নোবেল বঁটা বিজয়ীসকলে তেওঁলোকৰ গৃহদেশত নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰে আৰু বহু বছৰ ধৰি প্ৰতিষ্ঠানবিৰোধী স্থিতি আৰু নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰাৰ অধিকাৰক প্ৰচাৰ কৰি আহিছে৷ তেওঁলোকে একেলগে শান্তি আৰু গণতন্ত্ৰৰ বাবে নাগৰিক সমাজৰ তাৎপৰ্য প্ৰদৰ্শন কৰে৷

নাৰ্গেছ মোহম্মদীৰ দশকজোৰা প্ৰচেষ্টাই ইৰাণত নাৰীৰ অধিকাৰ আৰু উৎপীড়নৰ বিৰুদ্ধে তৃণমূল পৰ্যায়ত সজাগতা বৃদ্ধি কৰাত সহায় কৰিছে। 

নাৰ্গেছে স্থানান্তৰত কৈছে যে ইৰাণ গণতন্ত্ৰলৈ ৰূপান্তৰিত হ’বলৈ এক শক্তিশালী নাগৰিক সমাজৰ বিকাশৰ জৰিয়তে দেশৰ ভিতৰৰ পৰা পৰিৱৰ্তন আহিব লাগিব৷ কাৰাগাৰৰ ভিতৰত থকা বহুতো কৰ্মীৰ দৰে ময়ো আন্দোলনটোক সমৰ্থন কৰাৰ উপায় বিচাৰি পাইছোঁ৷ আমি ইৰাণৰ লোকসকল ইছলামিক গণৰাজ্যৰ ধৰ্মতান্ত্ৰিকতাৰ পৰা আঁতৰি আহিছোঁ। আৰু তাৰবাবেই আমাৰ সংগ্ৰাম অবিৰতভাৱে চলি থাকিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি