--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘পাণ্ডোৰা পেপাৰছ’ৰ এটা বাতৰিত অস্থিৰ হৈ পৰিছে সমগ্ৰ বিশ্ব । বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে দেশৰ জনপ্ৰিয় নেতাৰ পৰা আৰম্ভ কৰি উদ্যোগপতি, ক্ৰীড়াবিদে। ‘পাণ্ডোৰা পেপাৰছ’ৰ অনুসন্ধানত পোহৰলৈ আহিছে বহু গোপন তথ্য। ৱাশ্বিংটনৰ ইণ্টাৰনেচনেল কনচৰ্টিয়াম অফ ইনভেষ্টিগেটিভ জাৰ্নালিষ্ট চমুকৈ আইচিআইজে-ৰ এক দুঃসাহসিক প্ৰয়াসত উন্মোচিত হৈছে কেতবোৰ গোপন তথ্য। ১৪০ টাতকৈও অধিক মিডিয়া সংগঠনৰ সৈতে কাম কৰা ‘পাণ্ডোৰা পেপাৰছ’ৰ উদ্যোগত বিশ্বব্যাপী চলা এয়া আটাইতকৈ প্ৰভাৱশালী অনুসন্ধান বুলি বিবেচিত হৈছে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুসন্ধানক নেতৃত্ব দিছে বিবিচি পেনোৰামা আৰু গাৰ্ডিয়ানে আনহাতে ভাৰতৰ অনুসন্ধান প্ৰক্ৰিয়াক নেতৃত্ব দিছে ‘ইণ্ডিয়ান এক্সপ্ৰেছ’-এ।

দেওবাৰে প্ৰকাশিত ‘পাণ্ডোৰা পেপাৰছ’ৰ অনুসন্ধানত প্ৰায় ১২ নিযুত নথি-পত্ৰ উন্মোচিত হৈছে। বিশ্বৰ বহুতো ধনী আৰু শক্তিশালী লোকৰ ধন ৰপ্তানি, কৰ ফাঁকি আৰু গোপন সম্পদৰ তথ্য পোহৰলৈ আহিছে। ১১৭ খন দেশৰ ৬০০ তকৈও অধিক সাংবাদিকে কেইবা মাহ ধৰি চলোবা অনুসন্ধানত ১৪ টা উৎসৰ পৰা গোপন নথি-পত্ৰ সংগ্ৰহ কৰিছে। এই গোপন নথিসমূহ চলিত সপ্তাহতে মুকলি কৰা হৈছিল। নথিসমূহত ৯০ খন দেশৰ ৩৩০ তকৈও অধিক ৰাজনীতিবিদে তেওঁলোকৰ সম্পত্তি লুকুৱাবলৈ ‘অফশ্বৰ কোম্পানী’ৰ সৈতে লেনদেন কৰিছিল বুলি প্ৰকাশ পাইছে। আৰ্থিক লেনদেনৰ এই তালিকাত আছে বিশ্বৰ বহু প্ৰভাৱশালী ব্যক্তিৰ নাম।

তালিকাত ৩৮০গৰাকী ভাৰতীয় নাগৰিকৰো নাম উল্লেখ আছে। জৰ্ডানৰ ৰজা আব্দুল্লাহ, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাদিমিৰ পুটিন, প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰৰ উপৰি ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ নামো দুৰ্নীতিত সাঙোৰ খাই পৰিছে। জানিবলৈ পোৱা মতে, ২০১৬ চনত ব্ৰিটেইনৰ ভাৰ্জিন দ্বীপপুঞ্জৰ এটা কোম্পানী বিক্ৰী হোৱাৰ সময়ত শচীন তেণ্ডুলকাৰ, তেওঁৰ পত্নী অঞ্জলি আৰু তেওঁৰ শহুৰেকও লাভান্বিত হৈছিল। অৱশ্যে, শচীন তেণ্ডুলকাৰৰ অধিবক্তাই সকলো বিনিয়োগ বৈধ আৰু কৰ বিষয়াসকলৰ ওচৰত প্ৰকাশ কৰা হৈছে বুলি দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক