--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘পাণ্ডোৰা পেপাৰছ’ৰ এটা বাতৰিত অস্থিৰ হৈ পৰিছে সমগ্ৰ বিশ্ব । বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে দেশৰ জনপ্ৰিয় নেতাৰ পৰা আৰম্ভ কৰি উদ্যোগপতি, ক্ৰীড়াবিদে। ‘পাণ্ডোৰা পেপাৰছ’ৰ অনুসন্ধানত পোহৰলৈ আহিছে বহু গোপন তথ্য। ৱাশ্বিংটনৰ ইণ্টাৰনেচনেল কনচৰ্টিয়াম অফ ইনভেষ্টিগেটিভ জাৰ্নালিষ্ট চমুকৈ আইচিআইজে-ৰ এক দুঃসাহসিক প্ৰয়াসত উন্মোচিত হৈছে কেতবোৰ গোপন তথ্য। ১৪০ টাতকৈও অধিক মিডিয়া সংগঠনৰ সৈতে কাম কৰা ‘পাণ্ডোৰা পেপাৰছ’ৰ উদ্যোগত বিশ্বব্যাপী চলা এয়া আটাইতকৈ প্ৰভাৱশালী অনুসন্ধান বুলি বিবেচিত হৈছে। উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুসন্ধানক নেতৃত্ব দিছে বিবিচি পেনোৰামা আৰু গাৰ্ডিয়ানে আনহাতে ভাৰতৰ অনুসন্ধান প্ৰক্ৰিয়াক নেতৃত্ব দিছে ‘ইণ্ডিয়ান এক্সপ্ৰেছ’-এ।

দেওবাৰে প্ৰকাশিত ‘পাণ্ডোৰা পেপাৰছ’ৰ অনুসন্ধানত প্ৰায় ১২ নিযুত নথি-পত্ৰ উন্মোচিত হৈছে। বিশ্বৰ বহুতো ধনী আৰু শক্তিশালী লোকৰ ধন ৰপ্তানি, কৰ ফাঁকি আৰু গোপন সম্পদৰ তথ্য পোহৰলৈ আহিছে। ১১৭ খন দেশৰ ৬০০ তকৈও অধিক সাংবাদিকে কেইবা মাহ ধৰি চলোবা অনুসন্ধানত ১৪ টা উৎসৰ পৰা গোপন নথি-পত্ৰ সংগ্ৰহ কৰিছে। এই গোপন নথিসমূহ চলিত সপ্তাহতে মুকলি কৰা হৈছিল। নথিসমূহত ৯০ খন দেশৰ ৩৩০ তকৈও অধিক ৰাজনীতিবিদে তেওঁলোকৰ সম্পত্তি লুকুৱাবলৈ ‘অফশ্বৰ কোম্পানী’ৰ সৈতে লেনদেন কৰিছিল বুলি প্ৰকাশ পাইছে। আৰ্থিক লেনদেনৰ এই তালিকাত আছে বিশ্বৰ বহু প্ৰভাৱশালী ব্যক্তিৰ নাম।

তালিকাত ৩৮০গৰাকী ভাৰতীয় নাগৰিকৰো নাম উল্লেখ আছে। জৰ্ডানৰ ৰজা আব্দুল্লাহ, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভাদিমিৰ পুটিন, প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰৰ উপৰি ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ নামো দুৰ্নীতিত সাঙোৰ খাই পৰিছে। জানিবলৈ পোৱা মতে, ২০১৬ চনত ব্ৰিটেইনৰ ভাৰ্জিন দ্বীপপুঞ্জৰ এটা কোম্পানী বিক্ৰী হোৱাৰ সময়ত শচীন তেণ্ডুলকাৰ, তেওঁৰ পত্নী অঞ্জলি আৰু তেওঁৰ শহুৰেকও লাভান্বিত হৈছিল। অৱশ্যে, শচীন তেণ্ডুলকাৰৰ অধিবক্তাই সকলো বিনিয়োগ বৈধ আৰু কৰ বিষয়াসকলৰ ওচৰত প্ৰকাশ কৰা হৈছে বুলি দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক