--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে ওজন কমাবলৈ ডায়েটিচিয়ানৰ ওচৰলৈ যায়। নিয়ম অনুসৰি খাব লাগে। বহুতে নিয়মিত ব্যায়াম কৰে। ডায়েটিচিয়ান বা প্ৰশিক্ষকৰ পৰামৰ্শ মানি চলিলে ওজন কমোৱাটো সঠিক। কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নত দাবী কৰা হৈছে যে কেৱল পানী খালেহে ওজন কমিব। এই পদ্ধতিক ৱাটাৰ ফাষ্টিং বা পানীৰ উপবাস বুলি কয়। পানী খাই কেনেকৈ ওজন কমাব, কিমান সময় বা কেইদিন খাব? জানি লওঁ আহক।

পানীৰ উপবাস কি?

পানীৰ উপবাস মানে হ'ল কেৱল পানী খোৱা। এই সময়ছোৱাত কোনো ধৰণৰ খাদ্য নাখাব। তেতিয়াহে ওজন কমিব। পেটৰ চৰ্বিও কমিব। পুষ্টিবিদ নেহা পাতিদিয়া আৰু নুপুৰ আৰোৰাৰ মতে, পানীৰ উপবাস কঠোৰভাৱে মানি চলিব লাগিব। কোনো ধৰণৰ অনিয়ম নকৰিব। এই পানীৰ উপবাস ২৪ৰ পৰা ৭৪ ঘণ্টালৈকে চলে। অৱশ্যে ডাক্তৰে ৱাটাৰ ফাৰ্ষ্টিং আৰু অধিক সময়ৰ বাবে কৰিব নোৱাৰিব বুলিও মত প্ৰকাশ কৰিছে। ই শৰীৰটো বেয়া কৰি তুলিব পাৰে। সেইবাবেই সাৱধান হোৱাটো প্ৰয়োজন।

যোৱা বছৰ আমেৰিকাৰ নেচনেল লাইব্ৰেৰী অৱ মেডিচিনে এক সমীক্ষা চলাইছিল। য'ত ১২ জন আদবয়সীয়া পুৰুষক ৪ দিনৰ বাবে কেৱল পানী খাবলৈ দিয়া হৈছিল। ৪ দিনৰ পাছত দেখা যায় যে অংশগ্ৰহণকাৰীসকলৰ মাজত মানসিক চাপ দেখা দিছে। ওজনো কমিলে। চৰ্বিও কমিছে। কিন্তু পানীলগা, কিট’জেনেছিছ বৃদ্ধি, হাইপাৰইউৰিচেমিয়া, ছিৰাম গ্লুক’জৰ ঘনত্ব হ্ৰাস আদি সমস্যাই দেখা গৈছিল। গৱেষকসকলে তাৰ পৰা অনুমান কৰে যে, যদি এই পানীৰ উপবাস দীৰ্ঘদিন ধৰি কৰা হয়, তেন্তে ইয়াৰ শৰীৰত ভাল-বেয়া প্ৰভাৱ পৰে।

অধ্যয়নত দেখা গৈছে যে কেৱল পানী সেৱন কৰিলে পেশীৰ অপচয়, ৰক্তচাপৰ উঠা-নমা আদি বিভিন্ন স্বাস্থ্যজনিত অৱস্থাৰ সৃষ্টি হ’ব পাৰে। কিন্তু মনত ৰাখিব, ডায়েবেটিছ ৰোগী, গৰ্ভৱতী মহিলা আৰু শিশুৱে এই প্ৰথা পৰিহাৰ কৰিব লাগে। অন্যথা হিতে বিপৰীত হ’ব।

পুষ্টিবিদ নেহা পাতিদিয়া আৰু নুপুৰ আৰোৰাৰ মতে, ‘বহুতেই ওজন কমাবলৈ প্ৰতিদিনে কেৱল পানীহে খায়। নিয়মিতভাৱে ১ কেজি পৰ্যন্ত ওজন কমোৱাটো সহজ। কিন্তু সাৱধান হওক। ২৪ৰ পৰা ৭২ ঘণ্টা পানী সেৱন কৰিব পাৰি। তাতকৈ দীঘলীয়া কৰিলে নহ’ব।

সেই পুষ্টিবিদসকলেও কয় যে এনেদৰে কেৱল পানী খোৱাটো সকলোৰে বাবে উপযুক্ত নহয়। ৱাটাৰ ফাষ্টিং বা পানীৰ উপবাস কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি লোৱাটো ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু