--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে ওজন কমাবলৈ ডায়েটিচিয়ানৰ ওচৰলৈ যায়। নিয়ম অনুসৰি খাব লাগে। বহুতে নিয়মিত ব্যায়াম কৰে। ডায়েটিচিয়ান বা প্ৰশিক্ষকৰ পৰামৰ্শ মানি চলিলে ওজন কমোৱাটো সঠিক। কিন্তু শেহতীয়াকৈ কৰা এক অধ্যয়নত দাবী কৰা হৈছে যে কেৱল পানী খালেহে ওজন কমিব। এই পদ্ধতিক ৱাটাৰ ফাষ্টিং বা পানীৰ উপবাস বুলি কয়। পানী খাই কেনেকৈ ওজন কমাব, কিমান সময় বা কেইদিন খাব? জানি লওঁ আহক।

পানীৰ উপবাস কি?

পানীৰ উপবাস মানে হ'ল কেৱল পানী খোৱা। এই সময়ছোৱাত কোনো ধৰণৰ খাদ্য নাখাব। তেতিয়াহে ওজন কমিব। পেটৰ চৰ্বিও কমিব। পুষ্টিবিদ নেহা পাতিদিয়া আৰু নুপুৰ আৰোৰাৰ মতে, পানীৰ উপবাস কঠোৰভাৱে মানি চলিব লাগিব। কোনো ধৰণৰ অনিয়ম নকৰিব। এই পানীৰ উপবাস ২৪ৰ পৰা ৭৪ ঘণ্টালৈকে চলে। অৱশ্যে ডাক্তৰে ৱাটাৰ ফাৰ্ষ্টিং আৰু অধিক সময়ৰ বাবে কৰিব নোৱাৰিব বুলিও মত প্ৰকাশ কৰিছে। ই শৰীৰটো বেয়া কৰি তুলিব পাৰে। সেইবাবেই সাৱধান হোৱাটো প্ৰয়োজন।

যোৱা বছৰ আমেৰিকাৰ নেচনেল লাইব্ৰেৰী অৱ মেডিচিনে এক সমীক্ষা চলাইছিল। য'ত ১২ জন আদবয়সীয়া পুৰুষক ৪ দিনৰ বাবে কেৱল পানী খাবলৈ দিয়া হৈছিল। ৪ দিনৰ পাছত দেখা যায় যে অংশগ্ৰহণকাৰীসকলৰ মাজত মানসিক চাপ দেখা দিছে। ওজনো কমিলে। চৰ্বিও কমিছে। কিন্তু পানীলগা, কিট’জেনেছিছ বৃদ্ধি, হাইপাৰইউৰিচেমিয়া, ছিৰাম গ্লুক’জৰ ঘনত্ব হ্ৰাস আদি সমস্যাই দেখা গৈছিল। গৱেষকসকলে তাৰ পৰা অনুমান কৰে যে, যদি এই পানীৰ উপবাস দীৰ্ঘদিন ধৰি কৰা হয়, তেন্তে ইয়াৰ শৰীৰত ভাল-বেয়া প্ৰভাৱ পৰে।

অধ্যয়নত দেখা গৈছে যে কেৱল পানী সেৱন কৰিলে পেশীৰ অপচয়, ৰক্তচাপৰ উঠা-নমা আদি বিভিন্ন স্বাস্থ্যজনিত অৱস্থাৰ সৃষ্টি হ’ব পাৰে। কিন্তু মনত ৰাখিব, ডায়েবেটিছ ৰোগী, গৰ্ভৱতী মহিলা আৰু শিশুৱে এই প্ৰথা পৰিহাৰ কৰিব লাগে। অন্যথা হিতে বিপৰীত হ’ব।

পুষ্টিবিদ নেহা পাতিদিয়া আৰু নুপুৰ আৰোৰাৰ মতে, ‘বহুতেই ওজন কমাবলৈ প্ৰতিদিনে কেৱল পানীহে খায়। নিয়মিতভাৱে ১ কেজি পৰ্যন্ত ওজন কমোৱাটো সহজ। কিন্তু সাৱধান হওক। ২৪ৰ পৰা ৭২ ঘণ্টা পানী সেৱন কৰিব পাৰি। তাতকৈ দীঘলীয়া কৰিলে নহ’ব।

সেই পুষ্টিবিদসকলেও কয় যে এনেদৰে কেৱল পানী খোৱাটো সকলোৰে বাবে উপযুক্ত নহয়। ৱাটাৰ ফাষ্টিং বা পানীৰ উপবাস কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি লোৱাটো ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ