--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'পঞ্চায়ত' ছিজন-২ৰ ব্যাপক সফলতাৰ পাছত এইবাৰ অভিনেতা জিতেন্দ্ৰ কুমাৰ সাজু যাদুকৰৰ ৰূপত। হয়, এইবাৰ অভিনেতাজনক দেখিবলৈ পোৱা যাব OTT প্লেটফৰ্ম নেটফ্লিক্সত। নতুন ছবি ‘মেজিচিয়ান’ৰ সৌজন্যত দেইখবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতাগৰাকীক। ক’মেডী-নাটক-ৰোমাঞ্চ আৰু ক্ৰীড়াৰে  মঙলবাৰে প্ৰকাশ পাইছে ছবিখনৰ ট্ৰেইলাৰ। ট্ৰেইলাৰতে ধৰা পৰিল প্ৰেমৰ মহিমা কিমান?

পিছে ফুটবলৰ প্ৰতি বিন্দুমাত্ৰও উৎসাহ নাই মিনুৰ। যাদু দেখুওৱাটোৱেই তেওঁৰ ধ্যান আৰু জ্ঞান। কিন্তু তেওঁক ভালপোৱা মানুহখিনিৰ বাবে ফুটবল খেল এখনত জয়ী হ’ব লাগিব জিতেন্দ্ৰ ওৰফে মিনুই৷  এই ছবিখনত জিতেন্দ্ৰৰ নায়িকা হিচাপে আয়ুশী শৰ্মা আৰু ফুটবল প্ৰশিক্ষক হিচাপে জাভেদ জাফ্ৰিকক দেখা গৈছে।

 ‘পাৰ্ট টাইম লাভাৰ, ফুল টাইম মেজিচিয়ান’ বুলিয়ে প্ৰথমে পৰিচয় দিয়ে মিনু ওৰফে ‘মেজিচিয়ান’ মিনুই। ফুটবলপ্ৰেমী চহৰ নীমাচৰ বাসিন্দা তেওঁ। দলটোৰ আন সদস্যসকলো নিজৰ কামত ব্যস্ত । ফুটবল তেওঁলোকৰ বাবে ছেকণ্ডাৰী বিষয়। প্ৰশিক্ষক জাভেদ জাফ্ৰিৰ প্ৰচেষ্টা ফুটবল মেচত জয়ী হ’ব নে মিনুৰ দলটোৱে?

পিছে সলনি হৈ যায় ছবিৰ প্ৰেক্ষাপট। এগৰাকী ডাক্তৰৰ প্ৰেমত পৰে মিনুই। ডাক্টৰৰ ভূমিকাত আছে আয়ুশী। তেওঁক বিয়া কৰাবলৈ হ’লে মিনুৱে নিজৰ দলটোক আন্তঃকলনী প্ৰতিযোগিতাৰ ফাইনেললৈ লৈ যাব লাগিব। আনহাতে, জাভেদ জাফ্ৰিয়ে মিনুক দলৰ পৰা বহিষ্কাৰ কৰে। মনৰ মানুহগৰাকীক পাবলৈ কিদৰে যাদুকৰ মিনু হৈ পৰিব এগৰাকী ফুটবলাৰ? সেই প্ৰেক্ষাপটে ধৰা পৰিব ছবিখনত।

'যাদুকৰ' ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে সমীৰ ছাক্সেনা। ১৫ জুলাইৰ পৰা নেটফ্লিক্সত ষ্ট্ৰীমিং আৰম্ভ হ’ব ছবিখনৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ