--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'পঞ্চায়ত' ছিজন-২ৰ ব্যাপক সফলতাৰ পাছত এইবাৰ অভিনেতা জিতেন্দ্ৰ কুমাৰ সাজু যাদুকৰৰ ৰূপত। হয়, এইবাৰ অভিনেতাজনক দেখিবলৈ পোৱা যাব OTT প্লেটফৰ্ম নেটফ্লিক্সত। নতুন ছবি ‘মেজিচিয়ান’ৰ সৌজন্যত দেইখবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতাগৰাকীক। ক’মেডী-নাটক-ৰোমাঞ্চ আৰু ক্ৰীড়াৰে  মঙলবাৰে প্ৰকাশ পাইছে ছবিখনৰ ট্ৰেইলাৰ। ট্ৰেইলাৰতে ধৰা পৰিল প্ৰেমৰ মহিমা কিমান?

পিছে ফুটবলৰ প্ৰতি বিন্দুমাত্ৰও উৎসাহ নাই মিনুৰ। যাদু দেখুওৱাটোৱেই তেওঁৰ ধ্যান আৰু জ্ঞান। কিন্তু তেওঁক ভালপোৱা মানুহখিনিৰ বাবে ফুটবল খেল এখনত জয়ী হ’ব লাগিব জিতেন্দ্ৰ ওৰফে মিনুই৷  এই ছবিখনত জিতেন্দ্ৰৰ নায়িকা হিচাপে আয়ুশী শৰ্মা আৰু ফুটবল প্ৰশিক্ষক হিচাপে জাভেদ জাফ্ৰিকক দেখা গৈছে।

 ‘পাৰ্ট টাইম লাভাৰ, ফুল টাইম মেজিচিয়ান’ বুলিয়ে প্ৰথমে পৰিচয় দিয়ে মিনু ওৰফে ‘মেজিচিয়ান’ মিনুই। ফুটবলপ্ৰেমী চহৰ নীমাচৰ বাসিন্দা তেওঁ। দলটোৰ আন সদস্যসকলো নিজৰ কামত ব্যস্ত । ফুটবল তেওঁলোকৰ বাবে ছেকণ্ডাৰী বিষয়। প্ৰশিক্ষক জাভেদ জাফ্ৰিৰ প্ৰচেষ্টা ফুটবল মেচত জয়ী হ’ব নে মিনুৰ দলটোৱে?

পিছে সলনি হৈ যায় ছবিৰ প্ৰেক্ষাপট। এগৰাকী ডাক্তৰৰ প্ৰেমত পৰে মিনুই। ডাক্টৰৰ ভূমিকাত আছে আয়ুশী। তেওঁক বিয়া কৰাবলৈ হ’লে মিনুৱে নিজৰ দলটোক আন্তঃকলনী প্ৰতিযোগিতাৰ ফাইনেললৈ লৈ যাব লাগিব। আনহাতে, জাভেদ জাফ্ৰিয়ে মিনুক দলৰ পৰা বহিষ্কাৰ কৰে। মনৰ মানুহগৰাকীক পাবলৈ কিদৰে যাদুকৰ মিনু হৈ পৰিব এগৰাকী ফুটবলাৰ? সেই প্ৰেক্ষাপটে ধৰা পৰিব ছবিখনত।

'যাদুকৰ' ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে সমীৰ ছাক্সেনা। ১৫ জুলাইৰ পৰা নেটফ্লিক্সত ষ্ট্ৰীমিং আৰম্ভ হ’ব ছবিখনৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু