--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক'ৰোনাৰ সংহাৰী ৰূপ চলি থকাৰ সময়ত শিক্ষাৰ্থীসকলৰ অনলাইন ক্লাছ চলি আছিল। পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হোৱাৰ পাছত অফলাইন ক্লাছ আৰম্ভ হৈছে। বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ খোলা হৈছে, কিন্তু অনলাইন ক্লাছৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰোতে যেন শিক্ষাৰ্থীসকলৰ মাজত বৃদ্ধি পালে মোবাইল আসক্তি। উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক নিকৃষ্ট ঘটনা।

ক্লাছত মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ শিক্ষকে কোৱাত এজন ছাত্ৰই শিক্ষকজনক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। নৱম শ্ৰেণীৰ ছাত্ৰজনক শিক্ষকজনে ক্লাছত মোবাইল ফোন ব্যৱহাৰ নকৰিবলৈ সকীয়নি দিছিল। উদণ্ড ছাত্ৰজনে শিক্ষকজন ঘৰলৈ উভতাৰ পথত তেওঁক নিৰ্মমভাবে প্ৰহাৰ কৰে। অভিযুক্ত ছাত্ৰজনে তেওঁৰ দুজন মুখাপিন্ধা সহযোগীৰ সৈতে শিক্ষকজনক আক্ৰমণ কৰে। ঘটনাটো গোৰখপুৰৰ জুবিলি ইণ্টাৰ কলেজৰ সন্মুখত সংঘটিত হৈছিল।

আৰু পঢ়কঃ ফেচবুকৰ নাম সলনি! মাৰ্ক জুকাৰবাৰ্গে ফেচবুকৰ নতুন নাম দিলে ‘Meta’

আৰক্ষীৰ ঘটনাস্থলী পৰ্যবেক্ষণ

আৰক্ষীয়ে ভুক্তভোগী শিক্ষকজনৰ এজাহাৰৰ ভিত্তিত তিনিও আক্ৰমণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। গোৰখপুৰৰ আৰক্ষী বিষয়া কল্যাণ সিং সাগৰে কয় যে সমগ্ৰ ঘটনাটো চিচিটিভি কেমেৰাত বন্দী হৈছে। মূল অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন দুজন মুখা পিন্ধা অভিযুক্তক চিনাক্ত কৰাৰ চেষ্টা চলি আছে।ছাত্ৰজনক ইতিমধ্যে বহিষ্কাৰ কৰিছে বিদ্যালয়ৰ কৰ্তৃপক্ষই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু