--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু বছৰৰ মূৰত পুনৰ বলীউডলৈ উভতি আহিছে অভিনেত্ৰী আমিশা পেটেল৷ আমিশাই  প্ৰায় ছয় বছৰৰ পিছত ডাঙৰ পৰ্দালৈ উভতি আহিবলৈ সাজু হোৱাৰ সময়তে তেওঁৰ বাবে এক ডাঙৰ বিপদেও দেখা দিছে৷ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিনেত্ৰীগৰাকী৷ 

 অভিনেত্ৰীগৰাকীক শীঘ্ৰে  ছানী দেওলৰ সৈতে 'গদাৰ ২'ত দেখা যাব। সকলো কথা ঠিকেই চলি আছিল। কিন্তু ইয়াৰ মাজতে আমিশাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে। অভিনেত্ৰীগৰাকীয়ে প্ৰায় ২.৫ কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ এই  অভিযোগতে তেওঁ  কাৰাগাৰলৈও যাবলগীয়া হ’ব  পাৰে। কেৱল আমিশাই নহয়, ৰাঁচী অসামৰিক আদালতে আমিশাৰ ব্যৱসায়ী বন্ধু ক্ৰুণালৰ বিৰুদ্ধেও গ্ৰেপ্তাৰী পৰোৱানা  জাৰি কৰিছে। 

যোৱা ডেৰ বছৰ ধৰি চলি থকা গোচৰটোত অৱশেষত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে । জানিব পৰা মতে  বাৰে বাৰে চমন দিয়া স্বত্বেও আমিশা বা তেওঁৰ উকীলে আদালতত হাজিৰ হোৱা নাছিল। ৰাঁচীৰ অসামৰিক  আদালতে  অভিনেত্ৰীগৰাকীৰ এই আচৰণত অসন্তুষ্ট হৈ পৰে৷ আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ১৫ এপ্ৰিলত নিৰ্ধাৰণ কৰিছে।ৰাঁচীৰ প্ৰযোজক অজয় কুমাৰ সিঙে আমিশাৰ বিৰুদ্ধে ২.৫ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছিল। 

অজয়ে অভিযোগ কৰিছে যে আমিশা আৰু তেওঁৰ ব্যৱসায়িক অংশীদাৰ ক্ৰুণাল গ্ৰুমাৰে 'দেশী মেজিক' নামৰ এখন চলচ্চিত্ৰ কৰিবলৈ অজয়ৰ পৰা ২.৫ কোটি টকা লৈছিল। কিন্তু  ছবিখন তেওঁলোকে নকৰিলে৷আমিশায়ো  তেওঁক টকা ঘূৰাই দিয়া নাই বুলি অভিযোগ কৰা হৈছে। অজয়ে এই সন্দৰ্ভত ৰাঁচী আদালতত গোচৰ ৰুজু কৰিছিল। অজয়ে কয়, "আমিশাই কৈছিল যে ছবিখনে ২০১৮ চনৰ জুন মাহত মুক্তি পাব। যিটো মোৰ বাবে লাভজনক হ'ব। কিন্তু সেয়া নহ'ল। তেওঁলোকে দুমাহৰ পৰা তিনি মাহৰ ভিতৰত সূতৰ সৈতে টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।’’ অজয়ে কয়, "তেওঁলোকে ৩ কোটি টকাৰ চেকো দিছিল। কিন্তু সেয়া বাউন্স হয়। তেওঁলোকক এই বিষয়ে কোৱাৰ পিছত তেওঁলোকে আমিশাৰ সৈতে ডাঙৰ মানুহৰ ফটো দেখুৱাই মোক ভাবুকি দিছিল। তেওঁলোকে কৈছিল যে তেওঁলোকে এই বছৰ ছবিখন মুক্তি দিব। কিন্তু মোৰ ওচৰত এতিয়ালৈকে তেনেকুৱা কোনো খবৰ নাই।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস