--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু বছৰৰ মূৰত পুনৰ বলীউডলৈ উভতি আহিছে অভিনেত্ৰী আমিশা পেটেল৷ আমিশাই  প্ৰায় ছয় বছৰৰ পিছত ডাঙৰ পৰ্দালৈ উভতি আহিবলৈ সাজু হোৱাৰ সময়তে তেওঁৰ বাবে এক ডাঙৰ বিপদেও দেখা দিছে৷ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিনেত্ৰীগৰাকী৷ 

 অভিনেত্ৰীগৰাকীক শীঘ্ৰে  ছানী দেওলৰ সৈতে 'গদাৰ ২'ত দেখা যাব। সকলো কথা ঠিকেই চলি আছিল। কিন্তু ইয়াৰ মাজতে আমিশাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে। অভিনেত্ৰীগৰাকীয়ে প্ৰায় ২.৫ কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ এই  অভিযোগতে তেওঁ  কাৰাগাৰলৈও যাবলগীয়া হ’ব  পাৰে। কেৱল আমিশাই নহয়, ৰাঁচী অসামৰিক আদালতে আমিশাৰ ব্যৱসায়ী বন্ধু ক্ৰুণালৰ বিৰুদ্ধেও গ্ৰেপ্তাৰী পৰোৱানা  জাৰি কৰিছে। 

যোৱা ডেৰ বছৰ ধৰি চলি থকা গোচৰটোত অৱশেষত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে । জানিব পৰা মতে  বাৰে বাৰে চমন দিয়া স্বত্বেও আমিশা বা তেওঁৰ উকীলে আদালতত হাজিৰ হোৱা নাছিল। ৰাঁচীৰ অসামৰিক  আদালতে  অভিনেত্ৰীগৰাকীৰ এই আচৰণত অসন্তুষ্ট হৈ পৰে৷ আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ১৫ এপ্ৰিলত নিৰ্ধাৰণ কৰিছে।ৰাঁচীৰ প্ৰযোজক অজয় কুমাৰ সিঙে আমিশাৰ বিৰুদ্ধে ২.৫ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছিল। 

অজয়ে অভিযোগ কৰিছে যে আমিশা আৰু তেওঁৰ ব্যৱসায়িক অংশীদাৰ ক্ৰুণাল গ্ৰুমাৰে 'দেশী মেজিক' নামৰ এখন চলচ্চিত্ৰ কৰিবলৈ অজয়ৰ পৰা ২.৫ কোটি টকা লৈছিল। কিন্তু  ছবিখন তেওঁলোকে নকৰিলে৷আমিশায়ো  তেওঁক টকা ঘূৰাই দিয়া নাই বুলি অভিযোগ কৰা হৈছে। অজয়ে এই সন্দৰ্ভত ৰাঁচী আদালতত গোচৰ ৰুজু কৰিছিল। অজয়ে কয়, "আমিশাই কৈছিল যে ছবিখনে ২০১৮ চনৰ জুন মাহত মুক্তি পাব। যিটো মোৰ বাবে লাভজনক হ'ব। কিন্তু সেয়া নহ'ল। তেওঁলোকে দুমাহৰ পৰা তিনি মাহৰ ভিতৰত সূতৰ সৈতে টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।’’ অজয়ে কয়, "তেওঁলোকে ৩ কোটি টকাৰ চেকো দিছিল। কিন্তু সেয়া বাউন্স হয়। তেওঁলোকক এই বিষয়ে কোৱাৰ পিছত তেওঁলোকে আমিশাৰ সৈতে ডাঙৰ মানুহৰ ফটো দেখুৱাই মোক ভাবুকি দিছিল। তেওঁলোকে কৈছিল যে তেওঁলোকে এই বছৰ ছবিখন মুক্তি দিব। কিন্তু মোৰ ওচৰত এতিয়ালৈকে তেনেকুৱা কোনো খবৰ নাই।’’







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী