--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিগত ৭ বছৰত ৮ লাখ ৮১ হাজাৰ ২৫৪ গৰাকী ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে৷ আঠ লক্ষাধিক ভাৰতীয়ই গুচি গৈছে বিদেশলৈ৷ গৃহ-মন্ত্ৰালয়ে লোকসভাত সদৰি কৰিছে এই উদ্বেগজনক তথ্য৷ তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) সাংসদ কোঠা প্ৰভাকৰ ৰেড্ডীয়ে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত গৃহ-মন্ত্ৰালয়ে আজি লোকসভাত অৱগত কৰে যে, ২০১৫ চনৰ পৰা এই বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৮.৮১ লাখ ভাৰতীয়ই তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে। গৃহ-মন্ত্ৰালয়ে লগতে তথ্যৰ বিশ্লেষণ কৰি দেখুৱায় যে যোৱা সাত বছৰ ধৰি উপলব্ধ তথ্য অনুসৰি ২০১৯ চনত সৰ্বাধিক সংখ্যক নাগৰিকত্ব ত্যাগ কৰা হৈছিল, আৰু মহামাৰীপীড়িত ২০২০ত এই পৰিসংখ্যা নিম্নতম।

কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা সাত বছৰত ৮,৮১,২৫৪ জন ভাৰতীয়ই ৩০ ছেপ্টেম্বৰ, ২০২১লৈকে তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছে৷ ২০১৫ চনত মুঠ ১ লাখ ৩১ হাজাৰ ৪৮৯ গৰাকী ভাৰতীয় নাগৰিকে তেওঁলোকৰ নাগৰিকত্ব ত্যাগ কৰিছিল৷ ২০১৬ চনত ১,৪১,৬০৩ গৰাকী, ২০১৭ চনত ১,৩৩,০৪৯ গৰাকী, ২০১৮ চনত ১,৩৪,৫৬১ গৰাকী, ২০১৯ চনত ১,৪৪,০১৭ গৰাকী, মহামাৰী-পীড়িত ২০২০ত ৮৫,২৪৮ গৰাকী আৰু ১,১১,২৮৭ জন নাগৰিকে ৩০ ছেপ্টেম্বৰলৈকে নাগৰিকত্ব ত্যাগ কৰিছে৷

এই তথ্য ৰাজহুৱা হোৱাৰ পাছতেই দেশজুৰি আৰম্ভ হৈছে চৰ্চা৷ কিয় দেশ এৰিছে ইজনৰ পাছত সিজন ভাৰতীয়ই৷ আৰু যিসকল নাগৰিকে দেশ এৰি গুচি গৈছে, তেওঁলোকৰ বেছিভাগেই উচ্চবিত্ত শ্ৰেণীৰ লোক৷ যিসকলে আনকি বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে বহুজনৰ সংস্থাপনৰ বাটো মুকলি কৰিছিল৷ দেশৰ বিধ্বস্ত অৰ্থনীতি আৰু ধৰ্মীয় গোড়ামিয়ে সৃষ্টি কৰা সামাজিক বিশৃংখলতাৰ বাবেই এইসকল নাগৰিকে স্বদেশত নিজকে সুৰক্ষিত যেন অনুভৱ নকৰাত দেশ এৰা বুলি আশংকা কৰা হৈছে৷ এই তথ্য প্ৰকাশ পোৱাৰ পাছতেই অসমতো প্ৰাসংগিকভাৱে চৰ্চিত হৈছে এটা বিষয়৷ যিসময়ত কেন্দ্ৰীয় চৰকাৰে কা প্ৰযোজ্য কৰি বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ উঠিপৰি লাগিছে, সেই সময়তে এইসকল ভাৰতীয়ই দেশ এৰি যোৱা বিষয়টোৱে ভাৰতৰ অৰ্থনৈতিক আন্তঃগাঁথনিৰ বিধ্বস্ত ৰূপ এটাকে প্ৰতিফলিত কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
AIত দক্ষতাৰ অভাৱ; ৮০০০ কৰ্মচাৰীক ছাটাই কৰিব METAই
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ
মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন
মৰ্মান্তিক; গৰু গা ধোৱাবলৈ গৈ যমজ ভাতৃদ্বয়ৰ মৃত্যু