--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে লাক্ষদ্বীপ ভ্ৰমণৰ ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে সমালোচনাৰ কৰি এতিয়া মন্ত্ৰী পদ হেৰুৱাবলগীয়া হৈছে মালদ্বীপৰ তিনি মন্ত্ৰীয়ে। মালদ্বীপৰ যুৱ পৰিক্ৰমা মন্ত্ৰী মাৰিয়াম শ্বেউনাই মোদীক  "পুতলা" বুলি অভিহিত কৰে। মোদীক সমালোচনা কৰাৰ পিছতে মালদ্বীপৰ  মন্ত্ৰীগৰাকীক  নিলম্বন কৰা হয় । দুজন মন্ত্ৰী মালশা শ্বৰীফ আৰু মাহজুম মজিদকো একে কাৰণতে  নিলম্বিত কৰা হৈছে। ভাৰতীয় উচ্চআয়োগে ইতিমধ্যে সমগ্ৰ বিষয়টোকলৈ মালদ্বীপ চৰকাৰৰ সৈতে আলোচনা আৰম্ভ কৰিছে। মন কৰিবলগীয়া কথাটো হ’ল  মালদ্বীপৰ মন্ত্ৰীগৰাকীৰ  মন্তব্য পোহৰলৈ অহাৰ পিছতে ছ'চিয়েল মিডিয়াত বয়কট মালদ্বীপ হেচটেগ আৰম্ভ হয়। মোদীক কটাক্ষ কৰাৰ বাবেই বহু ভাৰতীয় লোকে মালদ্বীপলৈ ভ্ৰমণৰ বাবে  যোৱাৰ পৰিকল্পনা বাতিল কৰিছে।

উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীয়ে  ৪ জানুৱাৰীত লাক্ষদ্বীপ ভ্ৰমণ কৰিছিল। তেওঁ সাগৰ আৰু সাগৰৰ পাৰৰ ফটো পোষ্ট কৰিছিল। তাৰ পিছতে  'চীনপন্থী' মালদ্বীপ চৰকাৰৰ একাংশ নেতা আৰু মন্ত্ৰীয়ে  প্ৰধানমন্ত্ৰীৰ ফটোকলৈ উপহাস কৰিবলৈ আৰম্ভ কৰে। যুৱ পৰিক্ৰমা মন্ত্ৰী মাৰিয়াম শ্বেউনাই মোডীক "ভাৱৰীয়া " বুলি অভিহিত কৰে। মালদ্বীপৰ নেতা জাহিদ ৰামিজে কয়, "ভাৰতৰ সমুদ্ৰতীৰ আমাৰ দৰে পৰিষ্কাৰ নহয়। এয়া  দুৰ্গন্ধৰে ভৰা। "

অৱশ্যে মালদ্বীপ চৰকাৰে ছ'চিয়েল মিডিয়াত মোদীকলৈ কেইবাটাও অপমানজনক মন্তব্য বিয়পি পৰাৰ পিছত নিজৰ স্থিতি স্পষ্ট কৰি দিছে। মালদ্বীপ চৰকাৰে এক বিবৃতিত  কৈছে , "বাক্ স্বাধীনতা সকলোৰে আছে, কিন্তু ইয়াক সুচিন্তিতভাবে  ব্যৱহাৰ কৰা উচিত। বিদ্বেষ বিয়পাবলৈ  বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত মালদ্বীপৰ স্থিতি অৱনমিত  কৰিবলৈ বাক্ স্বাধীনতাৰ অপব্যৱহাৰ কৰিব নালাগে। ছ'চিয়েল মিডিয়াত বিদেশী নেতাৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰে গুঞ্জন উঠিছে। কিন্তু এয়া তেওঁলোকৰ ব্যক্তিগত মতামত আৰু মালদ্বীপ চৰকাৰৰ সৈতে এে মন্তব্যৰ  কোনো সম্পৰ্ক নাই। " খবৰ অনুসৰি মালীত মহম্মদ মুইজুৰ প্ৰশাসনৰ সৈতে ভাৰতৰ প্ৰতিনিধিৰ  আলোচনা চলি আছে। অৱশ্যে বিতৰ্কৰ সন্মুখীন হোৱাৰ পিছতে মালদ্বীপৰ মন্ত্ৰীয়ে তেওঁলোকৰ মোদীৰ বিৰুদ্ধে কৰা  মানহানিকৰ পোষ্টবোৰ বিলোপ কৰিছে। যোৱা বছৰ চীনপন্থী মুইজু ক্ষমতালৈ অহাৰ পিছৰে পৰা ভাৰত আৰু মালদ্বীপৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক তিক্ত হৈ পৰিছে। এতিয়া সেই বিবাদে  আন এক গতি লাভ কৰিছে। 

 মালদ্বীপৰ প্ৰথমগৰাকী  গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ নাছিদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়াকৈ লাক্ষাদ্বীপ দ্বীপপুঞ্জ ভ্ৰমণ সন্দৰ্ভত মালদ্বীপ চৰকাৰৰ এজন মন্ত্ৰীয়ে কৰা "কটাক্ষপূৰ্ণ " ছ'চিয়েল মিডিয়া পোষ্টক তীব্ৰ গৰিহণা দিছে।  মোদীয়ে  ৩২ বৰ্গ কিলোমিটাৰ এলেকা জুৰি থকা ৩৬ টা দ্বীপৰে গঠিত ভাৰতৰ  কেন্দ্ৰীয় শাসিত অঞ্চলটো ভ্ৰমণ কৰি  লাক্ষাদ্বীপৰ পৰ্যটনৰ প্ৰচাৰৰ পদক্ষেপ হিচাপে দ্বীপপুঞ্জৰ কিছু ছবি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। এই কথাকলৈয়েই মালদ্বীপৰ মন্ত্ৰীয়ে মোদীক কটাক্ষ কৰিছিল। শুকুৰবাৰে লাক্ষাদ্বীপ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৰকাৰী অনুষ্ঠানৰ লগতে মোদীয়ে ব্যক্তিগত সময় কটাইছিল লাক্ষাদ্বীপৰ সমুদ্ৰ তীৰত। লাক্ষাদ্বীপৰ সমুদ্ৰ তীৰত প্ৰাতঃভ্ৰমণ, স্ন’ৰকেলিং কৰিছিল প্ৰধানমন্ত্ৰীয়ে মোদীয়ে। 

দিল্লীলৈ উভতি আহি লাক্ষাদ্বীপ সন্দৰ্ভত টুইট কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। লাক্ষাদ্বীপত কটোৱা বিভিন্ন মুহূৰ্তৰ ফটো প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত। লাক্ষাদ্বীপৰ সমুগ্ৰ তীৰৰ সৌন্দৰ্যক প্ৰশংসা কৰি টুইট কৰিছিল মোদীয়ে। মূলতঃ লাক্ষাদ্বীপ পৰ্যটকৰ আকৰ্ষণৰ স্থলী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মোদীয়ে ফটো প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত। কিন্তু মোদীৰ এই টুইটে শেহতীয়াভাৱে সৃষ্টি কৰিছে এক বিতৰ্কৰ। প্ৰতিবেশী দ্বীপৰাষ্ট্র মালদ্বীপৰ পৰ্যটন উদ্যোগক চাপত পেলোৱাৰ উদ্দেশ্যৰে মোদীয়ে লাক্ষাদ্বীপ ভ্ৰমণ কৰা বুলি ধাৰণা কৰিছে মালদ্বীপে। যাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হৈছে বিতৰ্কৰ। সম্প্ৰতি ক্ষমতাৰ সালসলনি হৈছে মালদ্বীপত। নতুন দলৰ শাসক শাসনাধিষ্ঠিত হৈছে মালদ্বীপৰ শাসনত। ইয়াৰ পাছৰ পৰাই তিক্ততা বৃদ্ধি হৈছে মালদ্বীপ আৰু ভাৰতৰ। বৰ্তমান মালদ্বীপৰ শাসনৰ গাদীত বহিছে মহম্মদ মুইজ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণক কটাক্ষ কৰিছে মালদ্বীপৰ এগৰাকী মন্ত্ৰীয়ে। 

মন্ত্ৰীগৰাকীৰ মতে পৰ্যটনৰ ক্ষেত্ৰত ভাৰতে কেতিয়াও প্ৰত্যাহ্বান জনাব নোৱাৰে মালদ্বীপক। মোদীৰ লাক্ষাদ্বীপ ভ্ৰমণৰ বিভিন্ন মুহূৰ্তৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মালদ্বীপৰ এগৰাকী ছিনেটৰ জাহিদ ৰামিজে। জাহিদ ৰামিজে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে– মোদীৰ পদক্ষেপ প্ৰশংসনীয়। কিন্তু মালদ্বীপৰ সৈতে প্ৰতিযোগিতাত নমাটো হ’ব ভুল পদক্ষেপ। পৰিষ্কাৰ–পৰিচ্ছন্নতাৰ ক্ষেত্ৰত পিছপৰা ভাৰত। অৱশ্যে মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্রপতি মহম্মদ নাছিদে গৰিহণা দিছে মন্ত্ৰীগৰাকীৰ ভাৰত বিৰোধী মন্তব্যক। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীৰ মন্তব্যক ব্যক্তিগত মন্তব্য বুলি ঘোষণা কৰে মালদ্বীপ চৰকাৰৰ পক্ষৰ পৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ