--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় অষ্টাদশ বছৰীয়া কালিমুল্লাহ খান, স্কুল এৰি যোৱা এজন কিশোৰ আছিল । আপুনি জানি আচৰিত হ'ব যে সেই স্কুল এৰি যোৱা কিশোৰজনেই গ্ৰাফ্টিং, বা উদ্ভিদৰ অংশ সংযোগ কৰি নতুন আমৰ জাত সৃষ্টি কৰাৰ প্ৰথম পৰীক্ষা চলাইছিল।

প্ৰতিদিনে ভাৰতীয় অষ্টাদশ বছৰীয়া কালিমুল্লাহ খানে ৰাতিপুৱাৰ ভাগত সাৰ পায়, নামাজ পঢ়ে আৰ তাৰ পাছতেই প্ৰায় এমাইল খোজ কাঢ়ি তেওঁৰ ১২০বছৰীয়া পুৰণি আম গছজোপাৰ ওচৰলৈ যায়, যিয়ে তেওঁক বছৰ বছৰ ধৰি ৩০০ৰো অধিক প্ৰিয় ফল উৎপাদন কৰিবলৈ প্ৰলোভিত কৰি আহিছে।

'মেংগো মেন’ নামেৰে জনাজাত কালিমুল্লাহ খানৰ নামত বহুতো ৰেকৰ্ড আছে। লক্ষ্ণৌৰ সমীপত অৱস্থিত মালিহাবাদত বাস কৰা পদ্মশ্ৰী বঁটা বিজয়ী কালিমুল্লাহে এনে এজোপা আম গছ প্ৰস্তুত কৰিছে য’ত ৩০০প্ৰকাৰৰ ভিন্ন আম উৎপাদন কৰা হয়। মালিহাবাদৰ আমবোৰ কেৱল দেশতে নহয় বিদেশতো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।লক্ষ্ণৌত যেতিয়াই আমৰ কথা ওলায় তেতিয়াই কালিমুল্লাহৰ বিষয়ে নিশ্চিতভাৱে আলোচনা কৰা হয়। কালিমুল্লাহে প্ৰায় প্ৰতি বছৰে নতুন নতুন জাতৰ আম বিকশিত কৰি নামকৰণ কৰে। কৰ’নাৰ সময়ত তেওঁ এটা নতুন প্ৰজাতিৰ আম বিকশিত কৰি তাৰ নাম ৰাখিছিল ‘ডক্টৰ মেংগো’। জানো আহক কালিমুল্লাহ কেনেকৈ 'মেংগো মেন' নামেৰে জনাজাত হৈছিল।

কালিমুল্লাই নিজৰ পৰীক্ষা-নিৰীক্ষাৰে এজোপা আম গছতে বিভিন্ন প্ৰজাতিৰ বেলেগ আম ৰোপন কৰি আহিছে। যেনে- আমৰ এটা ডালত কেশৰ আম ( Kesar) , দ্বিতীয়টোত দশেৰী (Dasheri), তৃতীয়টোত টোটাপৰি( Totapuri)আৰু চতুৰ্থটোত আলফনছ’(Alphonso)। পদ্মশ্ৰী বঁটা বিজয়ী কলিমুল্লাহৰ বয়স ১৫ বছৰ আছিল যেতিয়া তেওঁ বন্ধুৰ বাগিচাত ক্ৰছ ব্ৰীড গোলাপ এটা দেখিছিল। এবিধ উদ্ভিদত গোলাপৰ বিভিন্ন ফুল দেখি তেওঁ অনুপ্ৰাণিত হৈছিল। ইয়াৰ পৰাই তেওঁ এজোপা গছত বিভিন্ন প্ৰজাতিৰ আম খেতি কৰিবলৈ পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিলে।

বহু বছৰৰ প্ৰচেষ্টাৰ অন্তত তেওঁ কলম পদ্ধতিৰে আমৰ খেতি কৰিবলৈ আৰম্ভ কৰে। এটা প্ৰজাতিৰ আমৰ ডালটো আন এটা প্ৰজাতিৰ আমৰ ডালৰ লগত সংযুক্ত হৈ থাকে। ১৯৮৭ চনত তেওঁ নিজৰ পৰীক্ষাৰ বাবে ১০০ বছৰ পুৰণি এজোপা আম গছ বাছনি কৰিছিল। ইয়াৰ পৰা মুকলি হোৱা তেওঁৰ সফলতাৰ পথ আজিও অব্যাহত আছে।

কালিমুল্লাহৰ আম বাগিচাৰ বিশেষত্ব হ’ল ইয়াত উপস্থিত আম গছৰ সকলো পাত ইটোৱে সিটোৰ পৰা পৃথক। ইহঁতৰ সেউজীয়া ৰঙৰ আৰু উজ্জ্বলতাৰ মাজত পাৰ্থক্য আছে। ৮০ বছৰীয়া কালিমুল্লাহে প্ৰস্তুত কৰিছে বহু নতুন জাতৰ আম। দেশৰ বিশিষ্ট ব্যক্তিসকলৰ নামেৰে তেওঁলোকৰ নামকৰণ কৰা হৈছে। ইয়াৰ ভিতৰত আছে যোগী আম, ছোনিয়া আম, ঐশ্বৰ্য আম। আনহাতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ বিভিন্ন ধৰণৰ আম উৎসৰ্গা কৰিছে আৰু সেই বিশেষ আমটোৰ নাম 'নমো'।

তেওঁৰ কৃতিত্বৰ ওপৰত কালিমুল্লাহে কয়, মই জনসাধাৰণক ক’ব বিচাৰো যে দুজন মানুহৰ মিলনে যেনেকৈ নতুন মানুহৰ গঢ় দিয়ে, ঠিক আমৰ ক্ষেত্ৰতো একেই কথা। দুবিধ আমৰ জাত একেলগ হৈ এটা নতুন জাতৰ আমৰ জন্ম দিব পাৰে। বৰ্তমান উত্তৰ প্ৰদেশত ৭০০জাতৰ আম পোৱা যায়‌ বুলি জানিব পাৰি





FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান