--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অগপ-বিজেপিৰ মাজত এতিয়া চলিছে বঙহৰ যুঁজ। ৰাজ্যত মিত্ৰতাৰ জৰিয়তে চৰকাৰ চলাই থকা অগপ বিজেপিয়ে পৌৰ নিৰ্বাচনত পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰ্বাচনত বিজেপিয়ে চমকপ্ৰদ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। মিত্ৰ-প্ৰতিদ্বন্দ্বী অগপই এই নিৰ্বাচনত কেইখনমান ব’ৰ্ডত বিজয়ী হৈছে যদিও বিজেপিয়ে একাধিপত্য বিস্তাৰ কৰে এই নিৰ্বাচনত। কিন্তু এই ব্যাপক সফলতাৰ পাছতো এতিয়াও যেন ক্ষমতাৰ খক কমা নাই বিজেপিৰ। এইবাৰ বঙহ অগপৰ সৈতে ক্ষমতাৰ খোৱা-কামোৰাত লিপ্ত হৈ পৰিছে বিজেপি দল। খোদ অগপই আনিছে এই অভিযোগ। বিজেপি নেতা জয়ন্ত দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বৰপেটা অগপই। অগপৰ পৌৰ নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীক বিজেপিয়ে ধন, চাকৰিৰ প্ৰলোভন দিন নিজৰফলীয়া কৰাৰ চেষ্টা কৰাৰ অভিযোগ অনা হৈছে৷ পৌৰ নিৰ্বাচনৰ ৮০খন পৌৰসভাৰ প্ৰায় ৭৮খন পৌৰসভাই গঠন কৰিছে বিজেপিয়ে৷ বোকাখাত আৰু বৰপেটাক বাদ দি ৰাজ্যৰ সকলো পৌৰসভাই বিজেপিৰ দখলত৷ পিছে এতিয়াও যেন ক্ষান্ত হোৱা নাই বিজেপি৷ আজি বৰপেটাত অগপৰ জিলা মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধনেৰে অগপই বিজেপিৰ বিৰুদ্ধে আনিলে হ'ৰ্ছ ট্ৰেডিঙৰ অভিযোগ৷ বৰপেটা পৌৰসভা নিৰ্বাচনৰ অগপৰ পৰ্যবেক্ষক অশোক বৰাই আজি বৰপেটাত সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক উপ-সভাপতি তথা বৰপেটা জিলা বিজেপিৰ প্ৰভাৰী জয়ন্ত দাসৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ। অগপৰ অভিযোগ— অগপৰ বিজয়ী প্ৰাৰ্থীক ধন, চাকৰি আদিৰ লোভ দেখুৱাই, ফুচুলাই বিজেপিত যোগদানৰ চেষ্টা চলাই আছে বিজেপিয়ে৷ আনকি বিজেপি নেতা জয়ন্ত দাসৰ উচতনিতে এনেদৰে হ'ৰ্ছ ট্ৰেডিঙৰ চেষ্টা চলাই থকা বুলি অভিযোগ তুলিছে অগপ নেতা অশোক বৰাই৷ ইপিনে বিজেপিৰ বাবেই বৰপেটাত নিৰ্বাচনী মিত্ৰতা সম্ভৱ নহ'ল বুলিও মন্তব্য কৰে অগপ নেতাজনে। বৰপেটাত ২০ বছৰ পৌৰসভা দখল কৰা অগপক বিজেপিয়ে মাথো ৪খন আসন এৰি দিব বিচৰাৰ বাবেই মিত্ৰতা সম্ভৱ নহ'ল বুলি মন্তব্য কৰে অগপই৷ দিছপুৰত মিত্ৰদল অগপৰ সমৰ্থনত চৰকাৰ চলাই থকাৰ পাছতো মিত্ৰতাৰ ধৰ্ম ৰক্ষা নকৰি অগপৰ মাজত বিভাজন আনি বিজেপিয়ে বৰপেটা পৌৰসভা দখল কৰিবলৈ চেষ্টা চলোৱা বুলি বিজেপি নেতাৰ বিৰুদ্ধে অনা অভিযোগে এইমুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে৷ এইক্ষেত্ৰত বিজেপি নেতা জয়ন্ত দাসৰ প্ৰতিক্ৰিয়া কি হয় সেয়া লক্ষ্যণীয় হ’ব৷ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য