--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অগপ-বিজেপিৰ মাজত এতিয়া চলিছে বঙহৰ যুঁজ। ৰাজ্যত মিত্ৰতাৰ জৰিয়তে চৰকাৰ চলাই থকা অগপ বিজেপিয়ে পৌৰ নিৰ্বাচনত পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰ্বাচনত বিজেপিয়ে চমকপ্ৰদ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। মিত্ৰ-প্ৰতিদ্বন্দ্বী অগপই এই নিৰ্বাচনত কেইখনমান ব’ৰ্ডত বিজয়ী হৈছে যদিও বিজেপিয়ে একাধিপত্য বিস্তাৰ কৰে এই নিৰ্বাচনত। কিন্তু এই ব্যাপক সফলতাৰ পাছতো এতিয়াও যেন ক্ষমতাৰ খক কমা নাই বিজেপিৰ। এইবাৰ বঙহ অগপৰ সৈতে ক্ষমতাৰ খোৱা-কামোৰাত লিপ্ত হৈ পৰিছে বিজেপি দল। খোদ অগপই আনিছে এই অভিযোগ। বিজেপি নেতা জয়ন্ত দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বৰপেটা অগপই। অগপৰ পৌৰ নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীক বিজেপিয়ে ধন, চাকৰিৰ প্ৰলোভন দিন নিজৰফলীয়া কৰাৰ চেষ্টা কৰাৰ অভিযোগ অনা হৈছে৷ পৌৰ নিৰ্বাচনৰ ৮০খন পৌৰসভাৰ প্ৰায় ৭৮খন পৌৰসভাই গঠন কৰিছে বিজেপিয়ে৷ বোকাখাত আৰু বৰপেটাক বাদ দি ৰাজ্যৰ সকলো পৌৰসভাই বিজেপিৰ দখলত৷ পিছে এতিয়াও যেন ক্ষান্ত হোৱা নাই বিজেপি৷ আজি বৰপেটাত অগপৰ জিলা মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধনেৰে অগপই বিজেপিৰ বিৰুদ্ধে আনিলে হ'ৰ্ছ ট্ৰেডিঙৰ অভিযোগ৷ বৰপেটা পৌৰসভা নিৰ্বাচনৰ অগপৰ পৰ্যবেক্ষক অশোক বৰাই আজি বৰপেটাত সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক উপ-সভাপতি তথা বৰপেটা জিলা বিজেপিৰ প্ৰভাৰী জয়ন্ত দাসৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ। অগপৰ অভিযোগ— অগপৰ বিজয়ী প্ৰাৰ্থীক ধন, চাকৰি আদিৰ লোভ দেখুৱাই, ফুচুলাই বিজেপিত যোগদানৰ চেষ্টা চলাই আছে বিজেপিয়ে৷ আনকি বিজেপি নেতা জয়ন্ত দাসৰ উচতনিতে এনেদৰে হ'ৰ্ছ ট্ৰেডিঙৰ চেষ্টা চলাই থকা বুলি অভিযোগ তুলিছে অগপ নেতা অশোক বৰাই৷ ইপিনে বিজেপিৰ বাবেই বৰপেটাত নিৰ্বাচনী মিত্ৰতা সম্ভৱ নহ'ল বুলিও মন্তব্য কৰে অগপ নেতাজনে। বৰপেটাত ২০ বছৰ পৌৰসভা দখল কৰা অগপক বিজেপিয়ে মাথো ৪খন আসন এৰি দিব বিচৰাৰ বাবেই মিত্ৰতা সম্ভৱ নহ'ল বুলি মন্তব্য কৰে অগপই৷ দিছপুৰত মিত্ৰদল অগপৰ সমৰ্থনত চৰকাৰ চলাই থকাৰ পাছতো মিত্ৰতাৰ ধৰ্ম ৰক্ষা নকৰি অগপৰ মাজত বিভাজন আনি বিজেপিয়ে বৰপেটা পৌৰসভা দখল কৰিবলৈ চেষ্টা চলোৱা বুলি বিজেপি নেতাৰ বিৰুদ্ধে অনা অভিযোগে এইমুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে৷ এইক্ষেত্ৰত বিজেপি নেতা জয়ন্ত দাসৰ প্ৰতিক্ৰিয়া কি হয় সেয়া লক্ষ্যণীয় হ’ব৷ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক