--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪দিন উকলি যোৱাৰ পাছতো অব্যাহত আছে ইজৰাইল-হামাছৰ যুদ্ধ৷ইজৰাইল আৰু পেলেষ্টাইনৰ সমৰ্থনত সমগ্ৰ বিশ্ব দুটা ভাগত বিভক্ত হৈছে৷শেহতীয়াকৈ ইজৰাইল-হামাছৰ সংঘাতৰ মাজতে ছ’চিয়েল মিডিয়াত পেলেষ্টাইন বিৰোধী মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত ভাৰতীয় মূলৰ এজন চিকিৎসকক ৰয়েল বাহৰেইন হাস্পতালত পদৰ পৰা বৰ্খাস্ত কৰা হৈছে।

ডাঃ সুনীল ৰাওৱে চলি থকা যুদ্ধৰ সন্দৰ্ভত এক্স (পূৰ্বৰ টুইটাৰ)ত ধাৰাবাহিকভাৱে পোষ্ট কৰি ইজৰাইলে গাজা ষ্ট্ৰিপত পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ সৈতে যুঁজি থকাৰ সময়ত সমৰ্থন প্ৰকাশ কৰে। এই টুইটসমূহ বাহৰেইন কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাইছিল এক্সৰ এজন ব্যৱহাৰকাৰীয়ে।

ৰয়েল বাহৰেইন হাস্পতালে ডাঃ ৰাওৰ এই কার্যক লৈ এক্স সম্পর্কে এক বিবৃতি প্রকাশ কৰি কয় যে, “আভ্যন্তৰীণ চিকিৎসাৰ বিশেষজ্ঞ হিচাপে কাম কৰা ডাঃ সুনীল ৰাৱে ছ’চিয়েল মিডিয়াত আমাৰ সমাজৰ বাবে আপত্তিজনক টুইট পোষ্ট কৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে৷আমি নিশ্চিত কৰিব বিচাৰো যে তেওঁৰ টুইট আৰু মতাদৰ্শ ব্যক্তিগত আৰু ইয়াত চিকিৎসালয়ৰ মতামত আৰু মূল্যবোধ প্ৰতিফলিত নহয়।এয়া আমাৰ আচৰণবিধিৰ উলংঘা, আৰু আমি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছো, আৰু তেওঁৰ সেৱা বন্ধ কৰা হৈছে।”

উল্লেখ্য যে এই বিতৰ্কৰ প্ৰতি সঁহাৰি জনাই ডাঃ ৰাৱে এক্সৰ ওপৰত ক্ষমাপ্ৰাৰ্থনা প্ৰকাশ কৰি তেওঁৰ বক্তব্যৰ সংবেদনহীনতাক স্বীকাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা