--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪দিন উকলি যোৱাৰ পাছতো অব্যাহত আছে ইজৰাইল-হামাছৰ যুদ্ধ৷ইজৰাইল আৰু পেলেষ্টাইনৰ সমৰ্থনত সমগ্ৰ বিশ্ব দুটা ভাগত বিভক্ত হৈছে৷শেহতীয়াকৈ ইজৰাইল-হামাছৰ সংঘাতৰ মাজতে ছ’চিয়েল মিডিয়াত পেলেষ্টাইন বিৰোধী মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত ভাৰতীয় মূলৰ এজন চিকিৎসকক ৰয়েল বাহৰেইন হাস্পতালত পদৰ পৰা বৰ্খাস্ত কৰা হৈছে।

ডাঃ সুনীল ৰাওৱে চলি থকা যুদ্ধৰ সন্দৰ্ভত এক্স (পূৰ্বৰ টুইটাৰ)ত ধাৰাবাহিকভাৱে পোষ্ট কৰি ইজৰাইলে গাজা ষ্ট্ৰিপত পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ সৈতে যুঁজি থকাৰ সময়ত সমৰ্থন প্ৰকাশ কৰে। এই টুইটসমূহ বাহৰেইন কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাইছিল এক্সৰ এজন ব্যৱহাৰকাৰীয়ে।

ৰয়েল বাহৰেইন হাস্পতালে ডাঃ ৰাওৰ এই কার্যক লৈ এক্স সম্পর্কে এক বিবৃতি প্রকাশ কৰি কয় যে, “আভ্যন্তৰীণ চিকিৎসাৰ বিশেষজ্ঞ হিচাপে কাম কৰা ডাঃ সুনীল ৰাৱে ছ’চিয়েল মিডিয়াত আমাৰ সমাজৰ বাবে আপত্তিজনক টুইট পোষ্ট কৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে৷আমি নিশ্চিত কৰিব বিচাৰো যে তেওঁৰ টুইট আৰু মতাদৰ্শ ব্যক্তিগত আৰু ইয়াত চিকিৎসালয়ৰ মতামত আৰু মূল্যবোধ প্ৰতিফলিত নহয়।এয়া আমাৰ আচৰণবিধিৰ উলংঘা, আৰু আমি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছো, আৰু তেওঁৰ সেৱা বন্ধ কৰা হৈছে।”

উল্লেখ্য যে এই বিতৰ্কৰ প্ৰতি সঁহাৰি জনাই ডাঃ ৰাৱে এক্সৰ ওপৰত ক্ষমাপ্ৰাৰ্থনা প্ৰকাশ কৰি তেওঁৰ বক্তব্যৰ সংবেদনহীনতাক স্বীকাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক