--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ অধিক ৰক্তক্ষয়ী হৈ পৰিছে হামাছ-ইজৰাইলী সেনাৰ যুঁজ। হামাছ  সন্ত্ৰাসবাদীয়ে  কিছুদিন পূৰ্বে গাজাৰ পৰা অপহৰণ কৰি নিছিল বহু লোকক। তেওঁলোকৰ ভিতৰত বহু কেইগৰাকী বিদেশী লোকো আছিল। হামাছৰ জিম্মাত এতিয়া প্ৰায় ২০০ গৰাকী পণবন্দী আছে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। হামাছে  অৱশেষত পণবন্দীসকলৰ মাজৰে দুগৰাকী মহিলাক মহিলাক মুকলি কৰি দিছে। 

হামাছে বন্দী কৰি ৰখা জুডিথ টাই ৰাণান আৰু তেওঁৰ কন্যা  নাতিল শোশানাই হামাছৰ কবলৰ পৰা মুক্ত হোৱাৰ পিছতে  ইজৰাইললৈ উভতি আহিছে। অৱশ্যে, তেওঁলোকক কেনে  চৰ্তৰ অধীনত মুকলি কৰি দিয়া হৈছে সেয়া এতিয়াও প্ৰকাশ কৰা হোৱা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে এই খবৰটো পোৱাৰ পিছতে সন্তুষ্টি ব্যক্ত কৰিছে। তেওঁ ফোনত মুকলি কৰি দিয়া  মহিলাদুগৰাকীৰ  সৈতে কথাও পাতিছে।

হামাছে কৈছে  যে সংগঠনটোৱে  কাটাৰ আৰু ইজিপ্তৰ সৈতে আলোচনাত চলাই আছে । পণবন্দী কৰি ৰখা  আন নাগৰিকসকলকো মুকলি কৰাৰ বিষয়ে হামাছে চিন্তা কৰি আছে বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে। ইজৰাইলী সামৰিক বাহিনীয়ে যোৱা সপ্তাহৰ পৰা গাজাত  অভিযান তীব্ৰতৰ কৰি তুলিছে। আক্ৰমণৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই হামাছে পণবন্দীসকলক মুক্তি দিবলৈ আৰম্ভ কৰিছে বুলি ধাৰণা কৰা হৈছে।  

ইহুদী ৰাষ্ট্ৰ খনে হামাছাৰ বিৰুদ্ধে  সম্পূৰ্ণ যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছে।  ইজৰাইলে ঘোষণা কৰিছে যে দেশ খনে নিজৰ সকলো শক্তিৰে যুঁজিব আৰু জিকিব। ইজৰাইলী বাহিনীয়ে বৰ্তমান গাজাৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত আক্ৰমণ কৰিবলৈ প্ৰস্তুতি চলাই আছে। এনে পৰিস্থিতিত হামাছে বন্দীসকলক মুকলি কৰিবলৈ আৰম্ভ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা