--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ অধিক ৰক্তক্ষয়ী হৈ পৰিছে হামাছ-ইজৰাইলী সেনাৰ যুঁজ। হামাছ  সন্ত্ৰাসবাদীয়ে  কিছুদিন পূৰ্বে গাজাৰ পৰা অপহৰণ কৰি নিছিল বহু লোকক। তেওঁলোকৰ ভিতৰত বহু কেইগৰাকী বিদেশী লোকো আছিল। হামাছৰ জিম্মাত এতিয়া প্ৰায় ২০০ গৰাকী পণবন্দী আছে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। হামাছে  অৱশেষত পণবন্দীসকলৰ মাজৰে দুগৰাকী মহিলাক মহিলাক মুকলি কৰি দিছে। 

হামাছে বন্দী কৰি ৰখা জুডিথ টাই ৰাণান আৰু তেওঁৰ কন্যা  নাতিল শোশানাই হামাছৰ কবলৰ পৰা মুক্ত হোৱাৰ পিছতে  ইজৰাইললৈ উভতি আহিছে। অৱশ্যে, তেওঁলোকক কেনে  চৰ্তৰ অধীনত মুকলি কৰি দিয়া হৈছে সেয়া এতিয়াও প্ৰকাশ কৰা হোৱা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে এই খবৰটো পোৱাৰ পিছতে সন্তুষ্টি ব্যক্ত কৰিছে। তেওঁ ফোনত মুকলি কৰি দিয়া  মহিলাদুগৰাকীৰ  সৈতে কথাও পাতিছে।

হামাছে কৈছে  যে সংগঠনটোৱে  কাটাৰ আৰু ইজিপ্তৰ সৈতে আলোচনাত চলাই আছে । পণবন্দী কৰি ৰখা  আন নাগৰিকসকলকো মুকলি কৰাৰ বিষয়ে হামাছে চিন্তা কৰি আছে বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে। ইজৰাইলী সামৰিক বাহিনীয়ে যোৱা সপ্তাহৰ পৰা গাজাত  অভিযান তীব্ৰতৰ কৰি তুলিছে। আক্ৰমণৰ তীব্ৰতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই হামাছে পণবন্দীসকলক মুক্তি দিবলৈ আৰম্ভ কৰিছে বুলি ধাৰণা কৰা হৈছে।  

ইহুদী ৰাষ্ট্ৰ খনে হামাছাৰ বিৰুদ্ধে  সম্পূৰ্ণ যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছে।  ইজৰাইলে ঘোষণা কৰিছে যে দেশ খনে নিজৰ সকলো শক্তিৰে যুঁজিব আৰু জিকিব। ইজৰাইলী বাহিনীয়ে বৰ্তমান গাজাৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত আক্ৰমণ কৰিবলৈ প্ৰস্তুতি চলাই আছে। এনে পৰিস্থিতিত হামাছে বন্দীসকলক মুকলি কৰিবলৈ আৰম্ভ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক