--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পূজাৰ আনন্দ-উল্লাসৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ অঘটন । ভালেমান দুৰ্গা পূজাৰ মণ্ডপত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছে আক্ৰমণ। ভালেমান দুৰ্গা পূজা মণ্ডপত দুষ্কৃতিকাৰীয়ে দেৱী দুৰ্গাৰ মূৰ্তিত আক্ৰমণ কৰি ক্ষতিসাধন কৰাৰ চাঞ্চল্যকৰ বাতৰি প্ৰকাশ পাইছে। সাম্প্ৰদায়িক সংঘাতৰ আশংকা বৃদ্ধি কৰি তোলা এনে ঘটনা সংঘটিত হৈছে বাংলাদেশৰ দুৰ্গা পূজাৰ মণ্ডপত। স্থানীয় সংবাদ মাধ্যমে এনে সংঘাতৰ বাতৰি প্ৰকাশ কৰিছে।


এটা পূজা মণ্ডপত কোৰানক অৱমাননা কৰা বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছতে বিভিন্ন ঠাইত বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটে। প্ৰথমে কমিল্লা চহৰৰ নানুৱাৰ দিঘী লেকৰ সমীপৰ দুৰ্গা পূজাত সূত্ৰপাত হয় সংঘাতৰ। তাৰ পাছতে চান্দপুৰৰ হাজিগঞ্জ, চট্টগ্ৰামৰ বাঞ্চখালী আৰু কক্স বজাৰৰ পেকুৱাৰ দুৰ্গা পূজা মণ্ডপত উদ্ভণ্ডালি চলায় একাংশ দুষ্কৃতিকাৰীয়ে। দুৰ্গা মূৰ্তি ভাঙি পেলোৱাৰ লগতে ভক্ত-পুৰোহিতৰ ওপৰতো আক্ৰমণ চলায় এইসকল লোকে। আৰক্ষীৰ সৈতেও সংঘৰ্ষত লিপ্ত হয় একাংশ লোক।
এই সাম্প্ৰদায়িক সংঘাতসদৃশ পৰিস্থিতি দমন কৰাৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৰবৰ বুলেট নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই সংঘাতপূৰ্ণ পৰিস্থিতিত কমেও তিনিজন লোক নিহত হোৱা বুলি প্ৰকাশ পাইছে।

এই সংঘাতৰ সূত্ৰপাত হোৱা অঞ্চলবোৰত ৰেপিড একচন ফ’ৰ্চকে ধৰি অতিৰিক্ত নিৰাপত্তাবাহিনী নিয়োগ কৰা হৈছে। বাংলাদেশৰ হিন্দু ইউনিটী কাউন্সিলে সদৰি কৰা মতে, দুৰ্গা পূজা মণ্ডপত কোৰানক অৱমাননা কৰা বুলি চলা অপপ্ৰচাৰৰ পাছতে এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে। তেওঁলোকে এই ঘটনাক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। ইতিমধ্যে বাংলাদেশ চৰকাৰে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে আৰু সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ