--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পূজাৰ আনন্দ-উল্লাসৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ অঘটন । ভালেমান দুৰ্গা পূজাৰ মণ্ডপত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰিছে আক্ৰমণ। ভালেমান দুৰ্গা পূজা মণ্ডপত দুষ্কৃতিকাৰীয়ে দেৱী দুৰ্গাৰ মূৰ্তিত আক্ৰমণ কৰি ক্ষতিসাধন কৰাৰ চাঞ্চল্যকৰ বাতৰি প্ৰকাশ পাইছে। সাম্প্ৰদায়িক সংঘাতৰ আশংকা বৃদ্ধি কৰি তোলা এনে ঘটনা সংঘটিত হৈছে বাংলাদেশৰ দুৰ্গা পূজাৰ মণ্ডপত। স্থানীয় সংবাদ মাধ্যমে এনে সংঘাতৰ বাতৰি প্ৰকাশ কৰিছে।


এটা পূজা মণ্ডপত কোৰানক অৱমাননা কৰা বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছতে বিভিন্ন ঠাইত বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটে। প্ৰথমে কমিল্লা চহৰৰ নানুৱাৰ দিঘী লেকৰ সমীপৰ দুৰ্গা পূজাত সূত্ৰপাত হয় সংঘাতৰ। তাৰ পাছতে চান্দপুৰৰ হাজিগঞ্জ, চট্টগ্ৰামৰ বাঞ্চখালী আৰু কক্স বজাৰৰ পেকুৱাৰ দুৰ্গা পূজা মণ্ডপত উদ্ভণ্ডালি চলায় একাংশ দুষ্কৃতিকাৰীয়ে। দুৰ্গা মূৰ্তি ভাঙি পেলোৱাৰ লগতে ভক্ত-পুৰোহিতৰ ওপৰতো আক্ৰমণ চলায় এইসকল লোকে। আৰক্ষীৰ সৈতেও সংঘৰ্ষত লিপ্ত হয় একাংশ লোক।
এই সাম্প্ৰদায়িক সংঘাতসদৃশ পৰিস্থিতি দমন কৰাৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৰবৰ বুলেট নিক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই সংঘাতপূৰ্ণ পৰিস্থিতিত কমেও তিনিজন লোক নিহত হোৱা বুলি প্ৰকাশ পাইছে।

এই সংঘাতৰ সূত্ৰপাত হোৱা অঞ্চলবোৰত ৰেপিড একচন ফ’ৰ্চকে ধৰি অতিৰিক্ত নিৰাপত্তাবাহিনী নিয়োগ কৰা হৈছে। বাংলাদেশৰ হিন্দু ইউনিটী কাউন্সিলে সদৰি কৰা মতে, দুৰ্গা পূজা মণ্ডপত কোৰানক অৱমাননা কৰা বুলি চলা অপপ্ৰচাৰৰ পাছতে এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে। তেওঁলোকে এই ঘটনাক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। ইতিমধ্যে বাংলাদেশ চৰকাৰে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে আৰু সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু