--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশত বিজেপি আকৌ এবাৰ শাসনলৈ আহিছে। যোগী জামানাৰ দ্বিতীয় অধ্যায় আৰম্ভ হোৱাৰ পাছত, এতিয়া উত্তৰ প্ৰদেশত এণ্টি-ৰোমিঅ' স্কোৱাড  পুনৰ কাৰ্যকৰী হৈছে।

শুক্ৰবাৰেহে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰক্ষীক মহিলাৰ সুৰক্ষাৰ ওপৰত কঠোৰ হবলৈ নিৰ্দেশ প্ৰদান কৰিছে। তেওঁ যোৱা বছৰ  মহিলাৰ সুৰক্ষাৰ ওপৰত এক বিশেষ অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পোৱাৰ লগে লগে আৰক্ষীয়ে নয়ডা, গাজিয়াবাদকে ধৰি কেইবাটাও অঞ্চলত টহল দিয়া আৰম্ভ কৰে। সূত্ৰ অনুসৰি, কিছুমান গুৰুত্বপূৰ্ণ স্থান ইতিমধ্যে চিনাক্ত কৰা হৈছে।

নয়ডাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰজনীশ বাৰ্মাই কয় যে এণ্টি-ৰোমিঅ' স্কোয়াডে ২ এপ্ৰিলৰ পৰা পুনৰ টহল আৰম্ভ কৰিছে। বিদ্যালয়, মহাবিদ্যালয়, মহানগৰ সমূহ সকলো ঠাইতে টহল দিয়া হৈছে। ইয়াক নিৰীক্ষণ কৰা হৈছে যাতে কোনো ধৰণে মহিলাৰ নিৰ্যাতনৰ ঘটনাৰ সন্মুখীন নহয়। শেহতীয়াকৈ ইভ-টিজিংৰ ঘটনা সংঘটিত হোৱা ঠাইবোৰত বৰ্ধিত নিৰীক্ষণ কৰা হৈছে।

জানিব পৰা মতে, মহিলা আৰক্ষীৰ কেইবাটাও দলে উত্তৰ প্ৰদেশৰ বিভিন্ন চহৰত বিশেষ অভিযান চলাইছে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰতিটো মহিলা ষ্টেচনৰ পৰা এটা দল গঠন কৰি আছে। ১ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ, বিদ্যালয়, মহাবিদ্যালয়, বজাৰ, শ্বপিং মল, মেট্ৰ' ষ্টেচনবোৰত বিশেষ নিৰীক্ষণ কৰা হ'ব।

এজন আৰক্ষীৰ মতে, যদি কাৰোবাৰ বিৰুদ্ধে ৰাজহুৱাভাৱে সুৰাপান কৰা আৰু মহিলাসকলক হাৰাশাস্তি কৰাৰ অভিযোগ থাকে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।


যোগী আদিত্যনাথে ২৬ মাৰ্চ, শুক্ৰবাৰে দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। নজন দলিত আৰু আন ২০ জন পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিয়ে তেওঁৰ নতুন মন্ত্ৰীসভাত স্থান পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ