--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ পোহৰলৈ আহিছে চীনৰ ভাৰতবিৰোধী কাৰ্যকলাপ। লাডাখৰ পেংগোং হ্ৰদৰ ওপৰত পুনৰ দলং নিৰ্মাণ কৰিছে চীনে। এই তথ্য স্বীকাৰ কৰিছে ভাৰতৰ বহিঃ পৰিক্ৰমা মন্ত্ৰণালয়ে। শেহতীয়াক ছেটেলাইট আলোকচিত্ৰত পোহৰলৈ আহিছে চীনে পেংগোং হ্ৰদৰ ওপৰত আন এখন দলং নিৰ্মাণ কৰাৰ তথ্য। এই দলংখন পূৰ্বে নিৰ্মাণ কৰা দলংখনতকৈ ডাঙৰ।

লাডাখৰ বিবদমান অঞ্চলত চীনৰ একাধিপত্যই ইতিমধ্যেই ৰক্তক্ষয়ী সংঘাতৰ সূত্ৰপাত ঘটাইছে। তাৰ পাছত শেহতীয়াকৈ চীনে ভাৰতৰ ভূখণ্ড অধিগ্ৰহণ কৰি তাত আন্তঃগাঠনি নিৰ্মাণ কৰাটো ভাৰতৰ বাবে উদ্বেগৰ বিষয় হৈ পৰিছে। ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ ফালৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তিত নিশ্চিত কৰিছে যে, ভাৰতৰ অধিকৃত ভূখণ্ডত চীনে আন এখন দলং নিৰ্মাণ কৰিছে। এই দলংখন কৌশলগত দিশৰ পৰা বিশেষভাৱে গুৰুত্বপূ্ৰ্ণ হ’ব। কিয়নো এই দলংখনৰ সহায়ত চীনে অনায়াসে লাডাখৰ পূব প্ৰান্তলৈ সৈন্যৰ সঞ্চালন ঘটাব পাৰিব। সেই দিশৰ পৰা বিবেচনা কৰিলে এই ভাৰতৰ নিৰাপত্তা আৰু অখণ্ডতাৰ প্ৰতি প্ৰৱল ভাবুকিৰ কাৰণ হ’ব পাৰে।   

এই সম্পৰ্কত আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে, আমি দলং নিৰ্মাণৰ তথ্য লাভ কৰিছোঁ। এয়া এক সামৰিক ইছ্যু। আমি আগতেই কৈ আহিছোঁ যে, এই অঞ্চলটো এটা দখলীকৃত এলেকা আৰু এই অবৈধ দখলক ভাৰতে কেতিয়াও প্ৰশ্ৰয় দিব নোৱাৰে। ১৯৬০ চনৰে পৰা ভাৰতে সমগ্ৰ এলেকাটোত দখল সাব্যস্ত কৰি ৰখা বুলি উল্লেখ কৰি সমগ্ৰ পৰিস্থিতিৰ ওপৰত ভাৰতে তীক্ষ্ণ দৃষ্টি ৰখাৰ কথাও উল্লেখ কৰে। 

বাগচীয়ে লগতে কয় যে, আমি বাৰম্বাৰ এইকথা কৈ আহিছোঁ যে, জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ। ইয়াত কোনোধৰণৰ অধিগ্ৰহণ বা হস্তক্ষেপ ভাৰতে সহ্য নকৰে। ভাৰতৰ অখণ্ডতা আৰু সৰ্বভৌমত্বৰ প্ৰতি আন সকলো দেশে উচিত সন্মান প্ৰদৰ্শন কৰাটো বিচাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন