--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ পোহৰলৈ আহিছে চীনৰ ভাৰতবিৰোধী কাৰ্যকলাপ। লাডাখৰ পেংগোং হ্ৰদৰ ওপৰত পুনৰ দলং নিৰ্মাণ কৰিছে চীনে। এই তথ্য স্বীকাৰ কৰিছে ভাৰতৰ বহিঃ পৰিক্ৰমা মন্ত্ৰণালয়ে। শেহতীয়াক ছেটেলাইট আলোকচিত্ৰত পোহৰলৈ আহিছে চীনে পেংগোং হ্ৰদৰ ওপৰত আন এখন দলং নিৰ্মাণ কৰাৰ তথ্য। এই দলংখন পূৰ্বে নিৰ্মাণ কৰা দলংখনতকৈ ডাঙৰ।

লাডাখৰ বিবদমান অঞ্চলত চীনৰ একাধিপত্যই ইতিমধ্যেই ৰক্তক্ষয়ী সংঘাতৰ সূত্ৰপাত ঘটাইছে। তাৰ পাছত শেহতীয়াকৈ চীনে ভাৰতৰ ভূখণ্ড অধিগ্ৰহণ কৰি তাত আন্তঃগাঠনি নিৰ্মাণ কৰাটো ভাৰতৰ বাবে উদ্বেগৰ বিষয় হৈ পৰিছে। ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ ফালৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তিত নিশ্চিত কৰিছে যে, ভাৰতৰ অধিকৃত ভূখণ্ডত চীনে আন এখন দলং নিৰ্মাণ কৰিছে। এই দলংখন কৌশলগত দিশৰ পৰা বিশেষভাৱে গুৰুত্বপূ্ৰ্ণ হ’ব। কিয়নো এই দলংখনৰ সহায়ত চীনে অনায়াসে লাডাখৰ পূব প্ৰান্তলৈ সৈন্যৰ সঞ্চালন ঘটাব পাৰিব। সেই দিশৰ পৰা বিবেচনা কৰিলে এই ভাৰতৰ নিৰাপত্তা আৰু অখণ্ডতাৰ প্ৰতি প্ৰৱল ভাবুকিৰ কাৰণ হ’ব পাৰে।   

এই সম্পৰ্কত আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে, আমি দলং নিৰ্মাণৰ তথ্য লাভ কৰিছোঁ। এয়া এক সামৰিক ইছ্যু। আমি আগতেই কৈ আহিছোঁ যে, এই অঞ্চলটো এটা দখলীকৃত এলেকা আৰু এই অবৈধ দখলক ভাৰতে কেতিয়াও প্ৰশ্ৰয় দিব নোৱাৰে। ১৯৬০ চনৰে পৰা ভাৰতে সমগ্ৰ এলেকাটোত দখল সাব্যস্ত কৰি ৰখা বুলি উল্লেখ কৰি সমগ্ৰ পৰিস্থিতিৰ ওপৰত ভাৰতে তীক্ষ্ণ দৃষ্টি ৰখাৰ কথাও উল্লেখ কৰে। 

বাগচীয়ে লগতে কয় যে, আমি বাৰম্বাৰ এইকথা কৈ আহিছোঁ যে, জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ। ইয়াত কোনোধৰণৰ অধিগ্ৰহণ বা হস্তক্ষেপ ভাৰতে সহ্য নকৰে। ভাৰতৰ অখণ্ডতা আৰু সৰ্বভৌমত্বৰ প্ৰতি আন সকলো দেশে উচিত সন্মান প্ৰদৰ্শন কৰাটো বিচাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement