--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শেষৰক্ষা নহ’ল নৱজোৎ সিং সিদ্ধুৰ। পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সিদ্ধুৱে পথত মাৰপিটৰ গোচৰত আদালতত আত্মসমৰ্পন কৰিবলৈ বাধ্য হ’ল। ১৯৮৮ চনৰ এই গোচৰত সিদ্ধুক এবছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছিল উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায় দিয়াৰ পাছতে সিদ্ধুৱে আত্মসমৰ্পনৰ বাবে ছসপ্তাহৰ সময় বিচাৰিছিল। ইয়াৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন দাখিলৰ বাবেও জো-যা চলাইছিল। কিন্তু শুকুৰবাবে দিনৰ ভাগত দিল্লীৰ পাটিয়ালা আদালতত আত্মসমৰ্পন কৰে সিদ্ধুৱে।  

সিদ্ধুৱে শুকুৰবাৰে পাটিয়ালা আদালতত আত্মসমৰ্পণ কৰাৰ পাছতে পঞ্জাৱ আৰক্ষীয়ে তেওঁক পাটিয়ালা কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যায়। কাৰাবন্দী জীৱন আৰম্ভ হোৱা সিদ্ধুৰ এতিয়া নতুন পৰিচয় হৈছে ‘কয়েদী নং ২৪১৩৮৩’। তেওঁক ৭ নং বেৰেকত ৰখা হৈছে। সশ্ৰম কাৰাদণ্ডৰ সন্মুখীন হোৱা নৱজ্যোৎ সিং সিদ্ধুৱে কাৰাগাৰত শ্ৰম কৰিব লাগিব আৰু তেওঁৰ দৈনিক মজুৰি হ’ব মজুৰি হ'ব ৩০ৰ পৰা ৯০টকা।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি সিদ্ধুৱে প্ৰথম নিশা কাৰাগাৰত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকে। কালি সন্ধিয়া প্ৰায় ৫ বজাত স্বাস্থ্য পৰীক্ষাৰ সময়তহে তেওঁ খাদ্য গ্ৰহণ কৰিছিল। সিদ্ধুৰ সৈতে একেলগে কাৰাবন্দীত্বৰ শাস্তি ভোগ কৰি থকাসকলৰ ভিতৰত আছে প্ৰাক্তন আৰক্ষী কৰ্মী আৰু দুজন অসামৰিক লোক, যি বিভিন্ন অপৰাধৰ বাবে শাস্তি ভোগ কৰি আছে।

কাৰাগাৰত কোনো বিশেষ সুবিধা লাভ প্ৰদান কৰা হোৱা নাই সিদ্ধুক। কাৰাগাৰৰ নিৰ্দিষ্ট বেৰেকত তেওঁক এখন টেবুল, এখন চকী, দুটা পাগুৰি, এটা আলমাৰী, এখন কম্বল, তিনিটা আণ্ডাৰৱেৰ, দুখন টাৱেল, এটা মহ খেদোৱা সঁজুলি, এটা কলম, এখন নোটবুক আৰু এযোৰ জোতা দিয়া হৈছে। সিদ্ধুক পাটিয়ালা কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই দুখন চাদৰ, চাৰিযোৰ কুৰ্তা-পায়জামা আৰু দুটা গাৰুৰ গিলিপো দিছে। উল্লেখ্য যে, ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত নৱজ্যোৎ সিং সিদ্ধু আৰু ৰূপিন্দৰ সিং সিদ্ধুৱে পাটিয়ালাৰ শ্বেৰাৱালা গেট-ক্ৰছিঙত মাজ ৰাস্তাতে ৬৫ বছৰীয়া গুৰনাম সিং নামৰ লোকজনক বেয়াকৈ প্ৰহাৰ কৰিছিল। ফলত লোকজনৰ মৃত্যু হয়।

১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত সিদ্ধুক হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হয়। কিন্তু ২০০৬ চনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়লয়ে সিদ্ধু আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক ‘অনিচ্ছাকৃত হত্যা’ বুলি আখ্যা দিয়ে যাক অন্য হত্যাৰ সমপৰ্যায়ৰ নহয় বুলি বিবেচনা কৰা হয়। নৱজ্যোৎ আৰু ৰূপিন্দৰৰ ওপৰত এক লাখলৈ টকাৰ জৰিমনা আৰোপ কৰে পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে।

কিন্তু দুই সিদ্ধুৱে উচ্চতন ন্যায়ালয়ত পাছত এই ৰায়ক প্ৰত্যাহ্বান জনায়। বিভিন্ন প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি সিদ্ধুৱে দাবী কৰিছিল যে, তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা প্ৰমাণবোৰ পৰস্পৰবিৰোধী আৰু মেডিকেল ৰিপ’ৰ্ট আছিল অতি অস্পষ্ট।

২০০৭ চনত ন্যায়ালয়ে তেওঁলোকক দোষী সাব্যস্ত কৰি দিয়া ৰায় স্থগিত ৰাখে।

২০১৮ চনৰ ১৫ মে’ত উচ্চতম ন্যায়ালয়ে তেওঁক ভাৰতীয় দণ্ডবিধিৰ ৩২৩ নং আৰু ৩০৪ নং ধাৰাত দোষী সাব্যস্ত কৰে। এই ধাৰা দুটা ইচ্ছাকৃতভাৱে আঘাত কৰা আৰু অনিচ্ছাকৃত হত্যাৰ অভিযোগত আৰোপ কৰা হৈছিল।

২০১৮ চনৰ ১২ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে পুনৰীক্ষণ আবেদনৰ শুনানি গ্ৰহণৰ বাবে প্ৰস্তুত হয়।

২০২২ চনৰ ২৫ মাৰ্চত এই পুনৰীক্ষণ আবেদনৰ ৰায় সংৰক্ষিত কৰি ৰাখে। 

২০২২ চনৰ ১৯ মে’ ত সিদ্ধুক এবছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হয়।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ