--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ৰাজধানী চহৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে এক আচহুৱা কাণ্ড। এজন লোকৰ জোতা ভিতৰৰ পৰা বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে ২০ লাখ টকা মূল্যৰ সোণ। ঘটনাটো শুক্ৰবাৰে সংঘটিত হৈছিল। সোণখিনি উদ্ধাৰৰ পাছত শুল্ক বিভাগে জানিবলৈ দিয়ে যে, উদ্ধাৰ হোৱা সোণখিনিৰ বজাৰ মূল্য ১৯.৪৫ লাখ টকা। খবৰ অনুসৰি লোকজনে সোণখিনি তেওঁৰ জোতাৰ ভিতৰত লুকুৱাই আনিছিল আৰু সেই সোণখিনি লৈ তেওঁ ডুবাইৰ পৰা জয়পুৰত আহি উপস্থিত হৈছিল। বিমানবন্দৰ কৰ্তৃপক্ষৰ সূত্ৰ অনুসৰি বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীসকলৰ হাতত এই সন্দৰ্ভত কোনো আগতীয়া খবৰ নাছিল যদিও ডুবাইৰ পৰা অহা এই যাত্ৰীগৰাকীৰ আচৰণ অতি অস্বাভাবিক আছিল। তাকে লৈ নিৰাপত্তাৰক্ষীৰ সন্দেহ হোৱাত বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা কৰ্মচাৰীয়ে তেওঁক সোধ-পোছ কৰাত সকলো পোহৰলৈ আহে। বিমান বন্দৰত প্ৰথমে সুৰক্ষা কৰ্মীসকলে সন্দেহযুক্ত লোকজনৰ কাষ চাপিবলৈ চেষ্টা কৰা পাছত তেতিয়াই তেওঁ পলাই যাবলৈ চেষ্টা কৰিছিল। কিন্তু কিছুসময়ৰ পাছতে নিৰাপত্তীৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। তালাচী সময়ত যাত্ৰীজনৰ জোতাৰ ভিতৰৰ পৰা কেইবাটাও প্লাষ্টিকৰ পেকেট উদ্ধাৰ কৰা হৈছিল। সেই পেকেটবোৰতে সোণখিনি উদ্ধাৰ কৰা হৈছিল। বিমান বন্দৰ কৰ্তৃপক্ষই জব্দ কৰা সোণখিনি প্ৰায় ৩৬৯.৯০ গ্ৰাম, সোণখিনি ৯৯.৫০ শতাংশ বিশুদ্ধ, যাৰ বাবে ইয়াৰ বজাৰ মূল্যও অধিক। সোণ খিনিৰ আনুমানিক বজাৰ মূল্য হৈছে ১৯,৪৫,০০০ টকা। অভিযুক্ত যাত্ৰীৰ বিৰুদ্ধে শুল্ক আইন, ১৯৬২-ৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। শুল্ক বিভাগে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। গ্ৰেপ্তাৰ কৰা ব্যক্তিজন কোনো আন্তঃৰাষ্ট্ৰীয় সোণ চোৰাং চক্ৰৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান