--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ৰাজধানী চহৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে এক আচহুৱা কাণ্ড। এজন লোকৰ জোতা ভিতৰৰ পৰা বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে ২০ লাখ টকা মূল্যৰ সোণ। ঘটনাটো শুক্ৰবাৰে সংঘটিত হৈছিল। সোণখিনি উদ্ধাৰৰ পাছত শুল্ক বিভাগে জানিবলৈ দিয়ে যে, উদ্ধাৰ হোৱা সোণখিনিৰ বজাৰ মূল্য ১৯.৪৫ লাখ টকা। খবৰ অনুসৰি লোকজনে সোণখিনি তেওঁৰ জোতাৰ ভিতৰত লুকুৱাই আনিছিল আৰু সেই সোণখিনি লৈ তেওঁ ডুবাইৰ পৰা জয়পুৰত আহি উপস্থিত হৈছিল। বিমানবন্দৰ কৰ্তৃপক্ষৰ সূত্ৰ অনুসৰি বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীসকলৰ হাতত এই সন্দৰ্ভত কোনো আগতীয়া খবৰ নাছিল যদিও ডুবাইৰ পৰা অহা এই যাত্ৰীগৰাকীৰ আচৰণ অতি অস্বাভাবিক আছিল। তাকে লৈ নিৰাপত্তাৰক্ষীৰ সন্দেহ হোৱাত বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা কৰ্মচাৰীয়ে তেওঁক সোধ-পোছ কৰাত সকলো পোহৰলৈ আহে। বিমান বন্দৰত প্ৰথমে সুৰক্ষা কৰ্মীসকলে সন্দেহযুক্ত লোকজনৰ কাষ চাপিবলৈ চেষ্টা কৰা পাছত তেতিয়াই তেওঁ পলাই যাবলৈ চেষ্টা কৰিছিল। কিন্তু কিছুসময়ৰ পাছতে নিৰাপত্তীৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। তালাচী সময়ত যাত্ৰীজনৰ জোতাৰ ভিতৰৰ পৰা কেইবাটাও প্লাষ্টিকৰ পেকেট উদ্ধাৰ কৰা হৈছিল। সেই পেকেটবোৰতে সোণখিনি উদ্ধাৰ কৰা হৈছিল। বিমান বন্দৰ কৰ্তৃপক্ষই জব্দ কৰা সোণখিনি প্ৰায় ৩৬৯.৯০ গ্ৰাম, সোণখিনি ৯৯.৫০ শতাংশ বিশুদ্ধ, যাৰ বাবে ইয়াৰ বজাৰ মূল্যও অধিক। সোণ খিনিৰ আনুমানিক বজাৰ মূল্য হৈছে ১৯,৪৫,০০০ টকা। অভিযুক্ত যাত্ৰীৰ বিৰুদ্ধে শুল্ক আইন, ১৯৬২-ৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। শুল্ক বিভাগে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। গ্ৰেপ্তাৰ কৰা ব্যক্তিজন কোনো আন্তঃৰাষ্ট্ৰীয় সোণ চোৰাং চক্ৰৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন