--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনতাক টেটুচেপা দিছে৷ সাধাৰণ মানুহে এতিয়া কেৱল মূল্যবৃদ্ধিৰ বাবেই ভোগ কমাবলগীয়া হৈছে৷ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰেও প্ৰচেষ্টা অব্যাহত ৰাখিছে৷শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰিছে৷মূল্য হ্ৰাস কৰা হৈছে মিঠাতেলৰো৷ এতিয়া আন এবিধ প্ৰয়োজনী সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই৷দেশৰ সাধাৰণ জনতাক সকাহ দিব পৰাকৈ মোডীৰ চৰকাৰে চেনিৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

ছয় বছৰৰ ভিতৰত ভাৰতে প্ৰথমবাৰৰ বাবে বিদেশলৈ চেনিৰ ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ ফলত ১ জুনৰ পৰা বছৰি বিদেশলৈ ৰপ্তানি কৰি থকা ১০ নিযুত টনতকৈ অধিক চেনি ভাৰততে ৰৈ যাব। ফলত ভাৰতৰ আভ্যন্তৰীণ বজাৰত চেনিৰ পৰিমাণ বৃদ্ধি হ'ব আৰু ই চেনীৰ মূল্য হ্ৰাস কৰাত সহায় কৰিব৷বৈদেশিক বাণিজ্য সঞ্চালকালয়ে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি চলিত বৰ্ষৰ ১ জুনৰ পৰাই চেনিৰ ৰপ্তানি বন্ধ কৰা হ’ব৷উল্লেখ্য ভাৰতে  ইউৰোপীয় সংঘৰ অন্তৰ্গত দেশ তথা আমেৰিকাৰ লগতে আন বহু কেইখন দেশলৈ চেনি ৰপ্তানি কৰি আহিছে৷

ভাৰতে ২০২১-২২ বৰ্ষত (এপ্ৰিল-ফেব্ৰুৱাৰী) ইণ্ডোনেছিয়ালৈ ৭৬৯ নিযুত ডলাৰ মূল্যৰ চেনি ৰপ্তানি কৰিছে৷  বাংলাদেশ (৫৬১ নিযুত ডলাৰ), চুদান (৫৩০ নিযুত ডলাৰ) আৰু সংযুক্ত আৰব গণৰাজ্য (২৭০ নিযুত ডলাৰ)লৈ চেনি ৰপ্তানি কৰিছিল। ভাৰতে চোমালিয়া, চৌদি আৰৱ, মালয়েছিয়া, শ্ৰীলংকা, আফগানিস্তান, ইৰাক, পাকিস্তান, নেপাল, চীন আদি দেশলৈও চেনি ৰপ্তানি কৰি আহিছে৷

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস