--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনতাক টেটুচেপা দিছে৷ সাধাৰণ মানুহে এতিয়া কেৱল মূল্যবৃদ্ধিৰ বাবেই ভোগ কমাবলগীয়া হৈছে৷ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰেও প্ৰচেষ্টা অব্যাহত ৰাখিছে৷শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰিছে৷মূল্য হ্ৰাস কৰা হৈছে মিঠাতেলৰো৷ এতিয়া আন এবিধ প্ৰয়োজনী সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই৷দেশৰ সাধাৰণ জনতাক সকাহ দিব পৰাকৈ মোডীৰ চৰকাৰে চেনিৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

ছয় বছৰৰ ভিতৰত ভাৰতে প্ৰথমবাৰৰ বাবে বিদেশলৈ চেনিৰ ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ ফলত ১ জুনৰ পৰা বছৰি বিদেশলৈ ৰপ্তানি কৰি থকা ১০ নিযুত টনতকৈ অধিক চেনি ভাৰততে ৰৈ যাব। ফলত ভাৰতৰ আভ্যন্তৰীণ বজাৰত চেনিৰ পৰিমাণ বৃদ্ধি হ'ব আৰু ই চেনীৰ মূল্য হ্ৰাস কৰাত সহায় কৰিব৷বৈদেশিক বাণিজ্য সঞ্চালকালয়ে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি চলিত বৰ্ষৰ ১ জুনৰ পৰাই চেনিৰ ৰপ্তানি বন্ধ কৰা হ’ব৷উল্লেখ্য ভাৰতে  ইউৰোপীয় সংঘৰ অন্তৰ্গত দেশ তথা আমেৰিকাৰ লগতে আন বহু কেইখন দেশলৈ চেনি ৰপ্তানি কৰি আহিছে৷

ভাৰতে ২০২১-২২ বৰ্ষত (এপ্ৰিল-ফেব্ৰুৱাৰী) ইণ্ডোনেছিয়ালৈ ৭৬৯ নিযুত ডলাৰ মূল্যৰ চেনি ৰপ্তানি কৰিছে৷  বাংলাদেশ (৫৬১ নিযুত ডলাৰ), চুদান (৫৩০ নিযুত ডলাৰ) আৰু সংযুক্ত আৰব গণৰাজ্য (২৭০ নিযুত ডলাৰ)লৈ চেনি ৰপ্তানি কৰিছিল। ভাৰতে চোমালিয়া, চৌদি আৰৱ, মালয়েছিয়া, শ্ৰীলংকা, আফগানিস্তান, ইৰাক, পাকিস্তান, নেপাল, চীন আদি দেশলৈও চেনি ৰপ্তানি কৰি আহিছে৷

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন