--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰত  পুনৰ অস্থিৰতা সৃষ্টিৰ আশংকা সৃষ্টি হৈছে। সন্ত্ৰাসবাদীয়ে পুনৰ নিৰাপত্তা বাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। মঙলবাৰে, উগ্ৰপন্থীসকলে তিনি ঘণ্টাৰ ভিতৰতে দুটা স্থানত নিৰাপত্তা বাহিনীৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। ইয়াৰ পূৰ্বে শ্ৰীনগৰৰ ‘সৌৰাৰ আঞ্চাৰ’ অঞ্চলত উগ্ৰপন্থীয়ে এজন আৰক্ষীৰ লোকক গুলীয়াই হত্যা কৰে, আনহাতে তেওঁৰ ৯ বছৰীয়া কন্যাও এই আক্ৰমণত আহত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, ছৈফুল্লা কাদৰী নামৰ মৃত লোকজনক মালিক চাহাব অঞ্চলত থকা তেওঁৰ ঘৰত গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীৰ দলে। এই আক্ৰমণত তেওঁৰ নাবালিকা কন্যাও গুৰুতৰভাৱে আহত হয়। 

দ্বিতীয়টো আক্ৰমণ সংঘটিত হয় কুলগামৰ য়াৰিপোৰা আৰক্ষী থানা এলেকাত। সন্ত্ৰাসবাদীয়ে এই স্থানত এটা গ্ৰেনেড নিক্ষেপ কৰে। এই গ্ৰেনেডটো দেৱাল লাগি বিস্ফোৰিত হৈছিল। আক্ৰমণটোত তিনিজন নাগৰিক আহত হয়। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে। আক্ৰমণ সংঘটিত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান চলাই আছে নিৰাপত্তাবাহিনীৰ লোকে। 

সন্ত্ৰাসবাদী দল টিআৰএফে সৌৰা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি দাবী কৰিছে যে আক্ৰমণটো গজেল স্কোৱাডে সংঘটিত কৰিছিল আৰু এজন বিশেষ অভিযান গোটৰ জোৱানক লক্ষ্য কৰি লৈছিল। লস্কৰ ঈ তৈবাৰ এটা গোট টিআৰএফে আন কেইবাটাও আক্ৰমণৰ ভাবুকিও দিয়ে আৰু কয় যে শীঘ্ৰেই অধিক স্থানত আক্ৰমণ সংঘটিত কৰা হ'ব। 
এপষেকৰ ভিতৰতে সৌৰা অঞ্চলত সংঘটিত এয়া দ্বিতীয়তো আক্ৰমণ। ৭ মে'ত টিআৰএফ উগ্ৰপন্থীয়ে আজিৰ আক্ৰমণস্থলীৰ পৰা মাত্ৰ এক কিলোমিটাৰ আঁতৰত আৰক্ষীৰ জোৱান গোলাম হাছানক গুলীয়াই হত্যা কৰিছিল। ১৩ মে'ত পুলৱামা জিলাত আৰক্ষী ৰিয়াজ আহমদক গুলীয়াই হত্যা কৰাৰ পাছত মে’ মাহটোতে সন্ত্ৰাসবাদীৰ গুলীত নিহত ছৈফুল্লা তৃতীয়জন আৰক্ষীৰ লোক হিচাপে চিহ্নিত হৈছে। 

‘জম্মু আৰু কাশ্মীৰ’ আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত আৰক্ষী ছৈফুল্লা কাদৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কাশ্মীৰৰ আইজিপি বিজয় কুমাৰে কয় যে, সন্ত্ৰাসবাদীয়ে মানৱতাৰ ভূলুণ্ঠিত কৰিছে। আৰক্ষীৰ লোকজনলৈ উদ্দশ্যি গুলীচালনা কৰাৰ লগতে তেওঁৰ ৯ বছৰীয়া কন্যাৰ ওপৰতো গুলী চালনা কৰাটো অতি নিদাৰুণ ঘটনা। তেওঁ এই আক্ৰমণ সংঘটিত কৰা কোনো সন্ত্ৰাসবাদীকে ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ দিয়ে। 

ইফালে, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই এই আক্ৰমণক গৰিহণা দিয়ে। তেওঁ আৰক্ষীৰ লোকজন পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু আহত শিশুটিৰ আশু আৰোগ্য কামনা কৰে। ইফালে, ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই আক্ৰমণক গৰিহণা দি টুইটাৰত লিখিছে, ‘জম্মু-কাশ্মীৰ আৰক্ষীৰ কনিষ্টবল ছৈফুল্লা কাদৰীৰ ওপৰত হোৱা এই আক্ৰমণক মই তীব্ৰ গৰিহণা দিছোঁ। চৰম কাপুৰুষালিৰে আক্ৰমণকাৰীসকলে কাদৰীক হত্যা কৰাই নহয়, তেওঁৰ ৯ বছৰীয়া কন্যাকো আঘাত কৰাটো অমানৱীয় ঘটনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ