--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৮ চনৰ ভীমা কোৰেগাঁও গোচৰত কাৰাগাৰত আৱদ্ধ হৈ থকা মানৱ অধিকাৰ কৰ্মী তথা কবি ভাৰাভাৰা ৰাওক চিকিৎসাৰ বাবে প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। আজি উচ্চতম ন্যায়ালয়ে ভাৰভাৰা ৰাৱে দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণৰ সময়ত অন্তৱৰ্তীকালীন জামিনৰ সময় বৃদ্ধিৰ সিদ্ধান্ত লয়। ন্যায়াধীশ ইউ ইউ ললিত, এছ ৰবীন্দ্ৰ ভাট আৰু সুধাংশু ধুলিয়াৰে গঠিত বিচাৰপীঠে ভাৰভাৰা ৰাৱে জামিন বিচাৰি দাখিল কৰা আবেদন অহা ১৯ জুলাইত শুনানিৰ বাবে তালিকাভুক্ত কৰে।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, চমুকৈ নিয়াৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দুই দিনৰ বাবে বিষয়টোৰ শুনানি গ্ৰহণ স্থগিত ৰাখিবলৈ অনুৰোধ জনাই বোম্বাই উচ্চ ন্যায়ালয়ে প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধি কৰিবলৈ আদালতক আহ্বান জনায়।

আনহাতে ভাৰভাৰা ৰাওক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা আনন্দ গ্ৰোভাৰে ছলিচিটৰ জেনেৰেলৰ অনুৰোধত কোনো আপত্তি নকৰাৰ পিছত বিচাৰপীঠে অন্তৱৰ্তীকালীন জামিন বৃদ্ধি কৰি ১৯ জুলাইত পূৰ্ণ সময়ৰ জামিনৰ বাবে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে।

উল্লেখ্য যে যোৱা ১৩ এপ্ৰিলত বোম্বাই উচ্চ ন্যায়ালয়ে ভাৰভাৰা ৰাওৰ স্থায়ী জামিন আবেদন নাকচ কৰিছিল। উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই বয়োজেষ্ঠ নাগৰিক অধিকাৰ কৰ্মী গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। তদুপৰি শাৰীৰিক অসুস্থতাৰ দোহাই দি ৰাৱে মুম্বাইৰ পৰিৱৰ্তে হায়দৰাবাদত থকাৰ অনুমতি বিচাৰি আদালতত দাখিল কৰা আবেদনো বোম্বাই উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল।

স্মৰ্তব্য যে ভীমা কোৰেগাঁও যুদ্ধ বিজয়ৰ গৌৰৱৰ লগত সঙ্গতি ৰাখি ২০১৮ চনৰ ৩১ ডিচেম্বৰত অনুষ্ঠিত কৰা অনুষ্ঠানটোত দেশৰ কেইবাগৰাকীও প্ৰখ্যাত সাহিত্যিক, বুদ্ধিজীৱি, অধিবক্তা, দলিত নেতা, মানৱ অধিকাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোৰ পিছদিনাই ভীমা কোৰেগাঁৱত এক হিংসাত্মক ঘটনা সংঘটিত হয়।

৩১ ডিচেম্বৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত দিয়া উচতনিমূলক ভাষণে এই হিংসাত্মক ঘটনাৰ সৃষ্টি কৰে বুলি অভিযোগ কৰি পুনে আৰক্ষীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে অভিযুক্তসকল মাওবাদীৰ সৈতে সম্পৰ্কিত বুলি অভিযোগ কৰি UAPA ৰ দৰে কঠোৰ আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল।

ইতিমধ্যে এই গোচৰত কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে সমাজকৰ্মী ফাদাৰ ষ্টেন স্বামীৰ মৃত্যু হৈছে। ষ্টেন স্বামীৰ মৃত্যুৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষৰ বৈষম্যমূলক আৰু অমানৱীয় আচৰণেই দায়ী বুলি অভিযোগ উত্থাপন হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ