--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৮ চনৰ ভীমা কোৰেগাঁও গোচৰত কাৰাগাৰত আৱদ্ধ হৈ থকা মানৱ অধিকাৰ কৰ্মী তথা কবি ভাৰাভাৰা ৰাওক চিকিৎসাৰ বাবে প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। আজি উচ্চতম ন্যায়ালয়ে ভাৰভাৰা ৰাৱে দাখিল কৰা জামিন আবেদনৰ শুনানি গ্ৰহণৰ সময়ত অন্তৱৰ্তীকালীন জামিনৰ সময় বৃদ্ধিৰ সিদ্ধান্ত লয়। ন্যায়াধীশ ইউ ইউ ললিত, এছ ৰবীন্দ্ৰ ভাট আৰু সুধাংশু ধুলিয়াৰে গঠিত বিচাৰপীঠে ভাৰভাৰা ৰাৱে জামিন বিচাৰি দাখিল কৰা আবেদন অহা ১৯ জুলাইত শুনানিৰ বাবে তালিকাভুক্ত কৰে।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, চমুকৈ নিয়াৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দুই দিনৰ বাবে বিষয়টোৰ শুনানি গ্ৰহণ স্থগিত ৰাখিবলৈ অনুৰোধ জনাই বোম্বাই উচ্চ ন্যায়ালয়ে প্ৰদান কৰা অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধি কৰিবলৈ আদালতক আহ্বান জনায়।

আনহাতে ভাৰভাৰা ৰাওক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা আনন্দ গ্ৰোভাৰে ছলিচিটৰ জেনেৰেলৰ অনুৰোধত কোনো আপত্তি নকৰাৰ পিছত বিচাৰপীঠে অন্তৱৰ্তীকালীন জামিন বৃদ্ধি কৰি ১৯ জুলাইত পূৰ্ণ সময়ৰ জামিনৰ বাবে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে।

উল্লেখ্য যে যোৱা ১৩ এপ্ৰিলত বোম্বাই উচ্চ ন্যায়ালয়ে ভাৰভাৰা ৰাওৰ স্থায়ী জামিন আবেদন নাকচ কৰিছিল। উচ্চ ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই বয়োজেষ্ঠ নাগৰিক অধিকাৰ কৰ্মী গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। তদুপৰি শাৰীৰিক অসুস্থতাৰ দোহাই দি ৰাৱে মুম্বাইৰ পৰিৱৰ্তে হায়দৰাবাদত থকাৰ অনুমতি বিচাৰি আদালতত দাখিল কৰা আবেদনো বোম্বাই উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল।

স্মৰ্তব্য যে ভীমা কোৰেগাঁও যুদ্ধ বিজয়ৰ গৌৰৱৰ লগত সঙ্গতি ৰাখি ২০১৮ চনৰ ৩১ ডিচেম্বৰত অনুষ্ঠিত কৰা অনুষ্ঠানটোত দেশৰ কেইবাগৰাকীও প্ৰখ্যাত সাহিত্যিক, বুদ্ধিজীৱি, অধিবক্তা, দলিত নেতা, মানৱ অধিকাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোৰ পিছদিনাই ভীমা কোৰেগাঁৱত এক হিংসাত্মক ঘটনা সংঘটিত হয়।

৩১ ডিচেম্বৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত দিয়া উচতনিমূলক ভাষণে এই হিংসাত্মক ঘটনাৰ সৃষ্টি কৰে বুলি অভিযোগ কৰি পুনে আৰক্ষীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে অভিযুক্তসকল মাওবাদীৰ সৈতে সম্পৰ্কিত বুলি অভিযোগ কৰি UAPA ৰ দৰে কঠোৰ আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল।

ইতিমধ্যে এই গোচৰত কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে সমাজকৰ্মী ফাদাৰ ষ্টেন স্বামীৰ মৃত্যু হৈছে। ষ্টেন স্বামীৰ মৃত্যুৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষৰ বৈষম্যমূলক আৰু অমানৱীয় আচৰণেই দায়ী বুলি অভিযোগ উত্থাপন হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন