--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শৈশৱৰ পৰাই বেডমিণ্টনৰ প্ৰতি অনুৰাগ আছে অভিনেত্ৰী দীপিকা পাডুকনৰ। আনকি স্কুলীয়া কালতো ৰাজি্যক পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাত অংশ লৈছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে মডেলিং, তাৰ পাছত বিজ্ঞাপন। ৰেম্পৰ পৰা পোনে পোনে শ্বুটিঙত নামিছিল না‌য়িকা দীপিকাই। এতিয়া ছুপাৰষ্টাৰ দীপিকা পাডুকন। কিন্তু অভিনয়ৰ প্ৰতি যিমানেই অনুৰাগ নাথাকক কিয় জীৱনৰ প্ৰথম পছন্দ বেডমিণ্টনক আজিও পাহৰিব পৰা নাই দীপিকাই। গতিক, সুযোগ পাইয়ে বেডমিণ্টন তাৰকা পি ভি সিন্ধুৰ সৈতে হাতত ৰেকেট লৈ খেল খেলিছে ‌দীপিকাই। সম্প্ৰতি সামাজিক মাধ্যমত এটা ভিডিঅ’ স্বেচ্ছাই শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। পি ভি সিন্ধুৰ সৈতে ছবি-ভিডিঅ’ প্ৰকাশ পোৱাৰ লগে লগে ভাইৰেল হৈ পৰিছে ভিডিঅ’টি।

অভিনেত্ৰীগৰাকীয়ে সঘনাই পিভি‌ সিন্ধুৰ সৈতে সাক্ষাত্‍ কৰাৰ কাৰণ কি? কিছুদিন আগতে স্বামী ৰনবীৰ সিঙক লগত লৈ গৈছিল দীপিকাই। পিভি সিন্ধুৰ সৈতে ডিনাৰো কৰিছিল বলীউড মস্তানে। একেটা ফ্ৰেমতে বন্দী হৈছে তেওঁলোক। সিন্ধু আৰু দীপিকাৰ মাজত থিয় হৈ প’জ দিছিল ৰনবীৰে। শেহতীয়াকৈ দুই তাৰকাৰ সৈতে বেডমিণ্টনত অংশ লোৱাৰ ভিডিঅ’ পোহৰলৈ অহাৰ লগে লগে অনুৰাগীৰ মনত নতুন প্ৰশ্নৰ অৱতাৰনা হোৱা পৰিলক্ষিত হৈছে। অনুৰাগীৰ প্ৰশ্ন, পিভি সিন্ধুৰ বায়’পিক ওলাব নেকি? সেইখন বায়’পিকত সিন্ধুৰ চৰিত্ৰত অভিনয় কৰিব নেকি দীপিকাই? উল্লেখ্য যে, বলীউডত আন এখন স্পোৰ্টছ ড্ৰামা বা খেলুৱৈজনৰ জীৱনীমূলক ছবি প্ৰস্তুত হোৱাতো স্বাভাৱিকতে আশাব্যঞ্জক বতৰা। ইয়াৰ পূৰ্বে মিলখা সিং আৰু মেৰী কমৰ ওপৰতো জীৱনীমূলক ছবি নিৰ্মাণ কৰা হৈছিল। সম্প্ৰতি সৌৰভ গাংগুলীৰ ওপৰতো এখন জীৱনীমূলক ছবি প্ৰস্তুত কৰা হ’ব বুলি জানিবলৈ পোৱা গৈছে। তেনেস্থলত পিভি সিন্ধুক লৈ চলচ্চিত্ৰ প্ৰস্তুতিত অসম্ভৱ বুলি একো নাই। কি কয় বলীউডে? সেয়া সময়তহে জানিবলৈ পোৱা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু