--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ শৈশৱৰ পৰাই বেডমিণ্টনৰ প্ৰতি অনুৰাগ আছে অভিনেত্ৰী দীপিকা পাডুকনৰ। আনকি স্কুলীয়া কালতো ৰাজি্যক পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতাত অংশ লৈছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে মডেলিং, তাৰ পাছত বিজ্ঞাপন। ৰেম্পৰ পৰা পোনে পোনে শ্বুটিঙত নামিছিল না‌য়িকা দীপিকাই। এতিয়া ছুপাৰষ্টাৰ দীপিকা পাডুকন। কিন্তু অভিনয়ৰ প্ৰতি যিমানেই অনুৰাগ নাথাকক কিয় জীৱনৰ প্ৰথম পছন্দ বেডমিণ্টনক আজিও পাহৰিব পৰা নাই দীপিকাই। গতিক, সুযোগ পাইয়ে বেডমিণ্টন তাৰকা পি ভি সিন্ধুৰ সৈতে হাতত ৰেকেট লৈ খেল খেলিছে ‌দীপিকাই। সম্প্ৰতি সামাজিক মাধ্যমত এটা ভিডিঅ’ স্বেচ্ছাই শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে। পি ভি সিন্ধুৰ সৈতে ছবি-ভিডিঅ’ প্ৰকাশ পোৱাৰ লগে লগে ভাইৰেল হৈ পৰিছে ভিডিঅ’টি।

অভিনেত্ৰীগৰাকীয়ে সঘনাই পিভি‌ সিন্ধুৰ সৈতে সাক্ষাত্‍ কৰাৰ কাৰণ কি? কিছুদিন আগতে স্বামী ৰনবীৰ সিঙক লগত লৈ গৈছিল দীপিকাই। পিভি সিন্ধুৰ সৈতে ডিনাৰো কৰিছিল বলীউড মস্তানে। একেটা ফ্ৰেমতে বন্দী হৈছে তেওঁলোক। সিন্ধু আৰু দীপিকাৰ মাজত থিয় হৈ প’জ দিছিল ৰনবীৰে। শেহতীয়াকৈ দুই তাৰকাৰ সৈতে বেডমিণ্টনত অংশ লোৱাৰ ভিডিঅ’ পোহৰলৈ অহাৰ লগে লগে অনুৰাগীৰ মনত নতুন প্ৰশ্নৰ অৱতাৰনা হোৱা পৰিলক্ষিত হৈছে। অনুৰাগীৰ প্ৰশ্ন, পিভি সিন্ধুৰ বায়’পিক ওলাব নেকি? সেইখন বায়’পিকত সিন্ধুৰ চৰিত্ৰত অভিনয় কৰিব নেকি দীপিকাই? উল্লেখ্য যে, বলীউডত আন এখন স্পোৰ্টছ ড্ৰামা বা খেলুৱৈজনৰ জীৱনীমূলক ছবি প্ৰস্তুত হোৱাতো স্বাভাৱিকতে আশাব্যঞ্জক বতৰা। ইয়াৰ পূৰ্বে মিলখা সিং আৰু মেৰী কমৰ ওপৰতো জীৱনীমূলক ছবি নিৰ্মাণ কৰা হৈছিল। সম্প্ৰতি সৌৰভ গাংগুলীৰ ওপৰতো এখন জীৱনীমূলক ছবি প্ৰস্তুত কৰা হ’ব বুলি জানিবলৈ পোৱা গৈছে। তেনেস্থলত পিভি সিন্ধুক লৈ চলচ্চিত্ৰ প্ৰস্তুতিত অসম্ভৱ বুলি একো নাই। কি কয় বলীউডে? সেয়া সময়তহে জানিবলৈ পোৱা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ